Home Main Stories মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অনুদান যোৰহাটৰ ব্যৱসায়ী আৰু মাৰোৱাৰী সমাজৰ

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অনুদান যোৰহাটৰ ব্যৱসায়ী আৰু মাৰোৱাৰী সমাজৰ

141
0

গণ বাৰ্তা, যোৰহাট ,২৩ মে : কভিডে সমগ্র ৰাজ্যৰ লগতে যোৰহাটতো ত্ৰাস সৃষ্টি কৰিছে । দৈনিক শ ,শ, লোক কভিডত আক্ৰান্ত হৈ হ’ম কন্টেইনমেণ্ট হোৱাৰ লগতে বহু ৰোগী চিকিৎসাধীন হব লগীয়া হৈছে । কভিডৰ এনে ভয়াবহতাৰ সময়ত কভিডৰ টীকাকৰণ অভিযানৰ অংশীদাৰ হবলৈ মুখ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই ৰাইজক আহ্বান জনাইছিল। কিছু সাহায্য আগবঢ়াই এজন বা দুজন লোকৰ জীৱন বচাবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনোৱাৰ পাছতে বিভিন্ন জনে ব্যাপক সঁহাৰি জনোৱা দেখা গৈছে। যোৰহাটৰ মাৰোৱাৰী ব্যৱসায়ী সমাজো আগবাঢ়ি আহিছে এই অভিযানৰ অংশীদাৰ হবলৈ। দেওবাৰে যোৰহাটৰ মাৰোৱাৰী ঠাকুৰবাৰীত উপস্থিত হৈ ২৪ জন ব্যৱসায়ীৰ মাজত সংগ্ৰহ কৰি মুঠ ১,৯৫,২০০ টকা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াই। আগন্তুক সময়টো এই কাম অব্যাহত থাকিব বুলি যোৰহাটৰ মাৰোৱাৰী সমাজ তথা ব্যৱসায়ী সকলে জানিবলৈ দিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here