গণ বাৰ্তা, চামতা, ১৫ মে’ ঃ আজিৰ দিনটোত পশ্চিম নলবাৰীৰ ঐতিহ্যমণ্ডিত বনগাঁও উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৯৭ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ এক ব্যতিক্ৰমী অনুষ্ঠান সম্পন্ন হয়৷ বিদ্যালয়খনৰ প্ৰায় ৮০গৰাকী প্ৰাক্তন শিক্ষাৰ্থী আৰু ১৩গৰাকী সেই সময়ৰ শিক্ষাগুৰুৰ লগতে বিদ্যালয়খনৰ বৰ্তমানৰ কে’বাগৰাকীও শিক্ষক উপস্থিত থাকে অনুষ্ঠানটোত৷ বনগাঁও উচ্ছতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু শিক্ষাগুৰু সন্মিলনত কৃতী অৱসৰপ্ৰাপ্ত শিক্ষক ক্ৰমে– ধীৰেন্দ্ৰ নাথ শৰ্মা, পুষ্পকান্ত শৰ্মা, ফুকন ডেকা, মাণিক শৰ্মা, শচীন্দ্ৰনাথ শৰ্মা, মহঃ আদাৰ আলী, চানাকণ তালুকদাৰ, নাউকন ডেকা, কল্যাণ ডেকা, প্ৰমোদ তালুকদাৰ, বীৰেন্দ্ৰ নাথ ডেকা, দিবাকৰ ডেকা আৰু কামাখ্যা ডেকা উপস্থিত থাকি ভাষণ প্ৰদান কৰে৷ তদুপৰি বিশিষ্ট শিক্ষাবিদ ভগৱান ডেকা, প্ৰভাত দাস প্ৰমুখ্যে কে’বাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ প্ৰতিকূল বতৰকো নেওচি উক্ত শিক্ষাবৰ্ষটোৰ প্ৰায় ৮০গৰাকী প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু ১৩গৰাকীকৈ স্বনামধন্য অৱসৰপ্ৰাপ্ত শিক্ষাগুৰু আজি ২৫ বছৰ পাছত একেলগে সমবেত হৈ আবেগবিহ৩ল হৈ পৰে ৷ অনুষ্ঠানৰ আৰম্ভণিতে মংগল বন্তি প্ৰজ্বলন কৰে বনগাঁও উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ বৰ্তমানৰ অধ্যক্ষ চিত্তৰঞ্জন শৰ্মাই ৷ মংগল বন্তি প্ৰজ্বলনৰ পাছতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাগুৰুসকলক আসনত উপবিষ্ট কৰাই ফুলাম গামোচা, মানপত্ৰ আৰু পিতলৰ জাপিৰে সম্বৰ্ধনা জ্ঞাপন কৰে৷ অনুষ্ঠানৰ পূৰ্বে প্ৰাক্তন শিক্ষাৰ্থীসকলে গুৰুৰ চৰণ ধুৱাই পুষ্পাঞ্জলি অৰ্পণ কৰি মঞ্চলৈ আদৰি আনে৷ আজিৰ সন্মিলনতে ১৯৯৭ শিক্ষাবৰ্ষৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে নিজৰ অনুদানেৰে বিদ্যালয়খনলৈ এটি ছোৱালীৰ প্ৰস্ৰাৱগাৰ উপহাৰ দিয়াৰ কথা ঘোষণা কৰি ইয়াৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰে৷