Home Main Stories তামাৰহাটত চাৰিজনৰ ওপৰত দলবদ্ধ আক্ৰমণ । এজনৰ অৱস্থা সংকট জনক, ঘটনাক...

তামাৰহাটত চাৰিজনৰ ওপৰত দলবদ্ধ আক্ৰমণ । এজনৰ অৱস্থা সংকট জনক, ঘটনাক নিৰ্বাচনী হিংসা বুলি অভিযোগ আহত পক্ষৰ

90
0

গণ বাৰ্তা, তামাৰহাট, ২৩ মে’ ঃ পশ্চিমবংগৰ পিছত এইবাৰ অসমতো পোহৰলৈ আহিছে নিৰ্বাচনী হিংসাৰ ঘটনা। ৰাজনৈতিকভাৱে বিজেপি দলক সমৰ্থন কৰাৰ বাবেই পূৰ্বৰেই পৰা এটা পক্ষই বিজেপি দলক সমৰ্থন কৰা পক্ষক ভয়-ভাবুকি দি আহিছিল। উল্লেখ্য যে ধুবুৰী জিলাৰ তামাৰহাট থানাৰ পাগলাহাট আৰক্ষী চকীৰ অন্তৰ্গত বৰবালাৰচৰ গাঁৱৰ বাসিন্দাসকলৰ ভিতৰত যোৱা পঞ্চায়ত নিৰ্বাচন আৰু এইবাৰ বিধানসভা নিৰ্বাচনত আনছেৰ আলীৰ পক্ষই বিজেপি আৰু আব্দুল হামিদেৰ পক্ষই কংগ্ৰেছ দলৰ সমৰ্থন কৰি নিৰ্বাচনী প্ৰচাৰ চলাইছিল। অভিযোগ মতে আনছেৰ আলীৰ পক্ষই বিজেপি দলক সমৰ্থন কৰাৰ বাবে আব্দুল হামিদেৰ পক্ষই বিভিন্ন সময়ত বিভিন্ন ভয়-ভাবুকি দি আহিছিল। ইপিনে, এইবাৰ গোলোকগঞ্জ বিধানসভা সমষ্টিত বিজেপিৰ বিধায়ক অশ্বিনী ৰায় সৰকাৰে পৰাজয়বৰণ কৰাত তেতিয়াৰ পৰাই আনছেৰ আলীৰ পক্ষ অৰ্থাৎ বিজেপি দলক সমৰ্থন কৰা পক্ষৰ ওপৰত আব্দুল হামিদৰ পক্ষই অৰ্থাৎ কংগ্ৰেছ দলক সমৰ্থন কৰা পক্ষই অতি উগ্ৰতৰ ৰূপ ধাৰণ কৰি আহিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আনছেৰ আলীৰ পৰিয়ালৰ লোকে। এইবাৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছৰ পৰাই আব্দুল হামিদৰ পক্ষই বিজেপিৰ কৰ্মীৰ লগত কাজিয়া কৰিব বিচাৰি আছিল যদিও বিজেপি দলৰ সমৰ্থন কৰা পক্ষই সাৱধানতা অৱলম্বন কৰাৰ ফলত সফল হ’ব পৰা নাছিল। বিৱৰণী মতে, যোৱা ১৫ মে’ত আব্দুল হামিদে আনছেৰ আলীক মাটিৰ সীমা ঠিক কৰাৰ বাবে পথাৰত মাতি নিয়ে। সেই মৰ্মে আনছেৰ আলীয়ে ভতিজাক শুকুৰ আলী, ৰফিকুল আলী আৰু পুতেক তহু আলীক লগত লৈ পথাৰলৈ যায়। নিৰ্দিষ্ট স্থানত গৈ পোৱাৰ পাছত পূৰ্ব পৰিকল্পিতভাৱে ৰৈ থকা আব্দুল হামিদৰ পক্ষই আনছেৰৰ পক্ষকৰ ওপৰত দা, কুঠাৰ আৰু লাঠীৰে উপৰ্যুপৰি আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে। ফলত সকলোৱে অচেতন হোৱাত আনছেৰৰ পক্ষৰ তিনিজনৰ মৃত্যু হোৱা বুলি ভাবি আব্দুল হামিদৰ পক্ষৰ দহ-পোন্ধৰজনীয়া দলটোৱে ঘটনাস্‌হলীৰ পৰা পলায়ন কৰে। ইপিনে, খবৰ পাই পৰিয়ালৰ লোক ঘটনাস্থলীত উপস্থিত হৈ আঘাতপ্ৰাপ্ত চাৰিওকে অচেতন অৱস্থাত প্ৰত্যক্ষ কৰি হতভম্ব হৈ পৰাৰ লগতে উপায়ান্তৰ হৈ সকলোকে চিকিৎসাৰ বাবে ততাতৈয়াকৈ ধুবুৰী অসামৰিক চিকিৎসালয়ত নিয়ে । তাতে বাকী তিনিজন সুস্থ হয় যদিও আনছাৰক উন্নত চিকিৎসাৰ বাবে বঙাইগাঁৱৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। টকাৰ অভাৱত বঙাইগাঁৱৰ চিকিৎসালয়ত চিকিৎসা কৰিবলৈ সক্ষম নোহোৱাৰ ফলত মগুজুত গুৰুতৰভাৱে আঘাত পোৱা আনছেৰক এতিয়া ঘৰত ওভতাই আনিছে যদিও তেওঁ এতিয়া ঘৰতে মৃত্যুৰ সৈতে যুঁজি আছে। ইফালে ঘটনা সংক্ৰান্তত দহজনৰ নামত পাগলাহাট থানাত আহত পক্ষই এজাহাৰ দাখিল কৰে যদিও পাগলাহাট কিম্বা তামাৰহাট আৰক্ষীয়ে এতিয়ালৈকে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে। উল্লেখ্য যে পাগলাহাট আৰু তামাৰহাট আৰক্ষীয়ে ইয়াৰ পূৰ্বেও বহুকেইটা কেচৰ তদন্তৰ ক্ষেত্ৰত ৰহস্যজনক ভূমিকা গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন হোৱা পৰিলক্ষিত হৈছে। ঘটনা সংক্ৰান্তত এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ধাৰা মতে গোচৰ ৰুজু কৰিয়েই দায়িত্ব সমৰিছে পাগলাহাট আৰক্ষীয়ে। ইপিনে, সঠিক তদন্ত কৰি দোষীক উচিত শাস্তি দিয়াৰ বাবে পাগলাহাট আৰক্ষীৰ ওপৰত দাবী জনাইছে স্থানীয় ৰাইজে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here