Home Main Stories ক’ভিড সন্দৰ্ভত হোজাইত পৰ্যলোচনা সভাত অভিভাৱক মন্ত্ৰী পৰিমল শুক্লবৈদ্য : বনাঞ্চলত বন...

ক’ভিড সন্দৰ্ভত হোজাইত পৰ্যলোচনা সভাত অভিভাৱক মন্ত্ৰী পৰিমল শুক্লবৈদ্য : বনাঞ্চলত বন ধ্বংসকাৰী সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব – বনমন্ত্ৰী

127
0

গণ বাৰ্তা, হোজাই, ২৩ জুন : আজি হোজাইত উপস্হিত হয় মন্ত্ৰী পৰিমল শুক্লবৈদ্য উপস্থিত হৈ প্ৰথমে মন্ত্ৰী গৰাকী হোজাই জিলা শংকৰদেৱ নগৰস্থিত উপায়ুক্ত কাৰ্য্যলয়ৰ সভাকক্ষত ক’ভিড ভেকচিন সন্দৰ্ভত এক পৰ্যালোচনা সভাত মিলিত হয় । পৰ্যালোচনা সভাত হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষ, যমুনামুখৰ বিধায়ক ছিৰাজুদ্দিন আজমল, উপায়ুক্ত ডা: সাদনেক সিঙৰ লগতে স্বাস্থ্য বিভাগৰ মুৰব্বী বিষয়াসকল ,আৰক্ষী অধীক্ষক সহ বিভিন্ন ৰাজনৈতিক দলৰ নেতা-কৰ্মী সকল উপস্থিত থাকে । পৰ্যালোচনা সভাৰ পিছত মন্ত্ৰী গৰাকীয়ে লংকাৰ পৰশুৰাম মজুমদাৰ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত থকা মডেল কভিড ভেকচিন কেন্দ্ৰ, নেতাজী প্ৰাথমিক বিদ্যালয়ত থকা কভিড ভেকচিন কেন্দ্ৰ পৰিদৰ্শন কৰে ।লগতে হোজাইৰ কেইবাটাও কভিড ভেকচিন কেন্দ্ৰ পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে । উল্লেখ্য যে হোজাই জিলাখনত যোৱা তিনিদিন ধৰি ভেকচিন দিয়া চলি আছে । জিলা উপায়ুক্ত গৰাকীয়ে ভেকচিন চেন্টাৰবোৰ পৰিদৰ্শন কৰি আছে ৷ অহা দুই মাহৰ ভিতৰত জিলাখনত জনবসতিৰ ওপৰত নিৰ্ভৰ কৰি ভেকচিন দিয়া প্ৰায় শেষ হ’ব বুলি মন্তব্য কৰে জিলাখনৰ অভিভাৱকৰ দ্বায়িত্বত থকা মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷
আনহাতে, হোজাইৰ ঠেপেলাগুৰি আৰু দিঘলবাৰী বনাঞ্চল আৰু লামডিং বনাঞ্চলৰ বন ধ্বংস সন্দৰ্ভত আগন্তক দিনত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । উল্লেখ্য যে, উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত পৰ্যালোচনা সভাত যমুনামুখৰ বিধায়ক ছিৰাজুদ্দিন আজমল আৰু হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষে নিজৰ নিজৰ মতামত মন্ত্ৰী গৰাকীৰ আগত দাঙি ধৰে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here