Home Main Stories নগাঁও জিলাৰ ক’ভিড ১৯ৰ টীকাকৰণ ব্যৱস্থাৰ বুজ ললে অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকাই

নগাঁও জিলাৰ ক’ভিড ১৯ৰ টীকাকৰণ ব্যৱস্থাৰ বুজ ললে অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকাই

91
0

ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ২১ জুন : অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী তথা নগাঁও জিলা প্ৰশাসনৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকাই আজি নগাঁও জিলাৰ কেইবাটাও ক’ভিড ১৯ ৰ টীকাকৰণ কেন্দ্ৰত উপস্থিত হৈ জিলাখনত কেন্দ্ৰীয় চৰকাৰে আজিৰে পৰা আৰম্ভ কৰা “সকলোৰে বাবে বিনামূলীয়া টীকাকৰণ” অভিযানৰ বুজ লয় । উল্লেখযোগ্য যে, নগাঁও জিলাখনত আজি অৰ্ধশতাধিক কেন্দ্ৰত ক’ভিড ১৯ ৰ টীকাকৰণৰ ব্যৱস্থা কৰা হৈছে। মন্ত্ৰী পীযুষ হাজৰীকাই আজি বিয়লি কলিয়াবৰ অঞ্চলৰ কেইবাটাও টীকাকৰণ কেন্দ্ৰ পৰিদৰ্শন কৰি টীকাকৰণৰ সমগ্ৰ কাৰ্যসূচী তথা ব্যৱস্থাৱলী পৰ্যবেক্ষণ কৰে | কেলিডেন চাহবাগিছাৰ টীকাকৰণ কেন্দ্ৰ পৰিদৰ্শন কৰি মন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ আগত উল্লেখ কৰে যে অধিক সংখ্যক মানুহে ক’ভিডৰ টীকা গ্ৰহণ কৰিবলৈ ওলাই অহাটো এটা শুভ লক্ষণ। আনহাতে, কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে ব্যাপক হাৰত আৰম্ভ কৰা ক’ভিড ১৯ৰ টীকাকৰণৰ বাবে আৰু অধিক সংখ্যক মানুহক ওলাই আহিবলৈ মন্ত্ৰীগৰাকীয়ে সকলোকে আহ্বান জনায়। স্বাস্থ্য বিভাগে গৃহ আছুতীয়াকৰণৰ ক্ষেত্ৰত অধিক সতৰ্ক হোৱা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে ক’ভিড কেয়াৰ চেণ্টাৰ অথবা চিকিৎসালয়লৈ যোৱাৰ বাবে মানুহে মন নকৰা বাবেই ক’ভিডত আক্ৰান্তৰ সংখ্যা কিছু পৰিমাণে বৃদ্ধি পাইছিল বুলি মন্তব্য কৰে। মন্ত্ৰীগৰাকীৰ এই পৰিদৰ্শন কালত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ আয়ুক্ত, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ মুখ্য সঞ্চালক, স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ আয়ুক্ত, পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত, নগাঁও জিলাৰ উপায়ুক্ত আৰু আন বিষয়াসকল উপস্থিত আছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here