Home ৰাজনীতি প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰি অসম আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ, গুজৰাটৰ কংগ্ৰেছ বিধায়ক...

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰি অসম আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ, গুজৰাটৰ কংগ্ৰেছ বিধায়ক ‘জিগনেছ মেৱানীষ্টাফ’

391
0

গুৱাহাটী, ২১এপ্ৰিল : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰি অসম আৰক্ষীৰ হাতত বুধবাৰে নিশা গ্ৰেপ্তাৰ হ’ল গুজৰাটৰ কংগ্ৰেছৰ বিধায়ক তথা দলিত নেতা জিগনেছ মেৱানী৷ অসম আৰক্ষীয়ে বডগামৰ বিধায়ক মেৱানীক পালনপুৰ চাৰ্কিট হাউছৰ পৰা কালি নিশা গ্ৰেপ্তাৰ কৰে৷ তেওঁ ১৮ এপ্ৰিলত প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে দুটা বিতৰ্কিত টুইট কৰিছিল৷ যি টুইট চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল৷ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে কৰা বিতৰ্কিত টুইটে দেশত এক চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ এই টুইটৰ বিৰোধিতা কৰি মেৱানীৰ বিৰুদ্ধে বিটিচিৰ বিজেপিৰ নেতা অৰূপ কুমাৰ দে’ই কোক্‌ৰাঝাৰ থানাত এজাহাৰ দাখিল কৰিছিল৷ পিছত কোক্‌ৰাঝাৰ আৰক্ষীয়ে বিভিন্ন ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰি ১৯ এপ্ৰিলত মেৱানীক গ্ৰেপ্তাৰৰ বাবে আৰক্ষীক গুজৰাটলৈ পঠিয়াইছিল৷ অসমৰ পৰা গুজৰাটলৈ যোৱা আৰক্ষীৰ দলটোৱে মেৱানীক গ্ৰেপ্তাৰ কৰি কোক্‌ৰাঝাৰলৈ লৈ আনে৷ পিছত কোক্‌ৰাঝাৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতে তিনিদিনলৈ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে৷ উল্লেখ্য যে তেওঁ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে বিতৰ্কিত টুইটত উল্লেখ কৰিছিল যে নৰেন্দ্ৰ মোদী নাথুৰাম গড্‌ছেৰ সমৰ্থক৷ এই টুইটৰ পিছতেই টুইটাৰে তেওঁৰ টুইটটো স্থায়ীৰূপে বন্ধ কৰিছিল৷ যাৰ ফলত টুইটটো পঢ়িব পৰা নাযায়৷ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে এনে বিতৰ্কিত মন্তব্য কৰাৰ পিছত বিটিচিৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে’ই ৰুজু কৰা গোচৰৰ ভিত্তিত অসম আৰক্ষীয়ে কালি নিশা ১১ বজাত দলিত নেতাগৰাকীক গ্ৰেপ্তাৰ কৰে৷ অসম আৰক্ষীয়ে কংগ্ৰেছ নেতাগৰাকীক গ্ৰেপ্তাৰ কৰাক কেন্দ্ৰ কৰি আজি সমগ্ৰ দেশত এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ ৰাহুল গান্ধীয়েও এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ সত্যক দমন কৰিবলৈ চৰকাৰী মেচিনাৰী ব্যৱহাৰ কৰা হৈছে৷ উল্লেখ্য যে মেৱানীৰ বিৰুদ্ধে অভিযোগকাৰী অৰূপ কুমাৰ দে’ই উল্লেখ কৰিছে যে যিগৰাকী ব্যক্তিয়ে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰিছে তেনে ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাটোত গুৰুত্ব আছিল৷ কিয়নো তেওঁ প্ৰধানমন্ত্ৰীক গড্‌ছেৰ ভক্তৰূপে আখ্যা দিছিল৷ তেওঁ এনে মন্তব্য কৰিব নালাগিছিল৷ এজন বিজেপি কৰ্মী হিচাপে প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে কোনো মন্তব্য কৰিলে মাত মতাটো আমাৰ কৰ্তব্য৷ কোক্‌ৰাঝাৰ আৰক্ষীয়ে মেৱানীৰ বিৰুদ্ধে ধাৰা ১২০ বি [অপৰাধমূলক ষড়যন্ত্ৰ], ধাৰা ১৫৩ [এ] [দুটা সম্প্ৰদায়ৰ মাজত শত্ৰুতা বৃদ্ধি কৰা], ২৯৫ এ [যিকোনো শ্ৰেণীৰ ধৰ্মক অপমান কৰাৰ উদ্দেশ্যৰে উপসনাস্থলীত ক্ষতিগ্ৰস্ত বা অপৱিত্ৰ কৰা], ৫০৪ [শান্তি ভংগ কৰাৰ উদ্দেশ্যৰে ইচ্চাকৃত অপমান], ৫০৬ [অপৰাধীৰ ধাৰা] আইনৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here