Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সমাগত গুজৰাট বিধান সভাৰ নিৰ্বাচন : হাই প্ৰফাইল নেতাৰে ভৰি পৰিছে মোদীৰ...

সমাগত গুজৰাট বিধান সভাৰ নিৰ্বাচন : হাই প্ৰফাইল নেতাৰে ভৰি পৰিছে মোদীৰ ৰাজ্য গুজৰাট

83
0


বিশেষ প্ৰতিনিধি, ২১ নৱেম্বৰ ঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি হাই প্ৰ’ফাইল নেতাৰে ভৰি পৰিছে গুজৰাট৷ সমাগত গুজৰাট বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান দ্ৰুতগতিত আগবাঢ়িছে৷ শাসকীয় বিজেপি আৰু বিৰোধী কংগ্ৰেছ, আম আদমি পাৰ্টী আদিৰ প্ৰচাৰ সমান্তৰালভাৱে অব্যাহত আছে৷ সোমবাৰে প্ৰধানমন্ত্ৰী মোদী, কংগ্ৰেছ নেতা ৰাহুল গান্ধী, আম আদমি পাৰ্টীৰ অৰবিন্দ কেজৰিৱাল আৰু ভগৱান মানেই বিভিন্ন অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলায়৷ প্ৰধানমন্ত্ৰী মোদীয়ে সুৰেন্দ্ৰনগৰ, ভাৰুচ আৰু নৱছাৰি অঞ্চলত প্ৰচাৰ চলায় আৰু ২৪ ঘণ্টাই বিদু্যৎ যোগান ধৰাৰ আশ্বাস প্ৰদান কৰে৷ কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে ৰাজকোট আৰু মাহুধা অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলায় আৰু শাসকীয় বিজেপিৰ জনবিৰোধী নীতিৰ তীব্ৰ সমালোচনা কৰে৷ আনহাতে, আম আদমি পাৰ্টীৰ নেতা তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱান মানেও উম্বেৰগাঁও অঞ্চলত ৰোড শ্বোত অংশগ্ৰহণ কৰে৷১৮২খন আসনবিশিষ্ট গুজৰাট বিধানসভাৰ নিৰ্বাচন দুটা পৰ্যায়ত ৰ আৰু প্ত ডিচেম্বৰত অনুষ্ঠিত হ’ব৷ প্ৰথম পৰ্যায়ত ৮৩টা সমষ্টি আৰু দ্বিতীয় পৰ্যায়ত ৯৩টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব৷ অহা জ্জ্ব ডিচেম্বৰত গুজৰাট আৰু হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ফলাফল একেলগে ঘোষণা কৰা হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here