গণ বাৰ্তা, তামাৰহাট, ২০ ফেব্ৰুৱাৰী: দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ কথা কোৱা বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ দিনতে পোহৰলৈ আহিছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ধুবুৰী জিলাত চলি থকা বিয়াগোম দুৰ্নীতিৰ তথ্য৷ কাৰণ কোনোধৰণৰ নিবিদা লাভ নকৰাকৈ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ধুবুৰী জিলাৰ অধীনস্থ গুমা ফেৰীঘাটত ভুৱা লেচীয়ে চৰকাৰী নীতি নিয়মক জলাঞ্জলি দি নিৰ্ধাৰিত ভাৰাতকৈ অধিক হাৰত ভাৰা আদায় কৰি ৰাজহ ফাঁকিৰে লাখ লাখ টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ উল্লেখ্য যে ধুবুৰী জিলা আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অন্তৰ্গত গংগাধৰ নদীৰ তামাৰহাট-কঠালতলী আৰু কুমাৰগঞ্জ-শিমলাবাৰী সংযোগী গুমা ফেৰী ঘাটটোৰে নিতৌ হাজাৰ হাজাৰ যাত্ৰী, মটৰ ছাইকেল, ছাইকেল পাৰাপাৰ হয় ৷ উক্ত ফেৰী ঘাটৰ পৰা অসম চৰকাৰে প্ৰতি বছৰে নিবিদা যোগে লাখ লাখ টকা ৰাজহ সংগ্ৰহ কৰি আহিছে ৷ কিন্তু জানিব পৰা মতে, যোৱা দুবছৰ পূৰ্বে গুমা ফেৰী ঘাটটোৰ বাবে বিভাগীয় কতৃৰ্পক্ষই নিবিদা আহ৩ান কৰিছিল যদিও কোৰোনাৰ বাবে চৰকাৰে ঘোষণা কৰা তলাবন্ধৰ অচিলা লৈ বিভাগীয় কতৃৰ্পক্ষই পাৰঘাটটো কোনো লেচীকে আবণ্টন দিয়া নাই৷ উক্ত লকডাউনৰ সুযোগ গ্ৰহণ কৰি ধুবুৰী জিলাৰ গোলকগঞ্জ থানাৰ অন্তৰ্গত শিমলাবাড়ী গাঁৱৰ বাসিন্দা তথা পূৰ্বৰ লেচী ভকত উপাধিৰ এজন লোকে বিভাগীয় কতৃৰ্পক্ষৰ লোকৰ লগত গোপন বুজা বুজিৰে ফেৰী ঘাটটোত নাও চলাই চৰকাৰক ৰাজহ ফাঁকি দি লাখ লাখ টকা আত্মসাৎ কৰি আছে ৷ আনহাতে একেখন থানাৰ অন্তৰ্গত কৈমাৰী গাঁৱৰ বাসিন্দা তথা নিবিদা লাভৰ আশাবাদী ৰায় উপাধিৰ আন এজন লোকে একেটা ফেৰী ঘাটতে নাৱেৰে যাত্ৰী পাৰাপাৰ কৰিবলৈ আৰম্ভ কৰি দিয়ে৷ ফলত উভয় পক্ষৰ মাজত তীব্ৰ কাজিয়াৰ সূত্ৰপাত ঘটে৷ পিছত ৰায় উপাধিৰ ভুৱা লেচীজনৰ আবেদনৰ ভিত্তিত ছোটগুমা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ মৌখিক নিৰ্দেশত উভয় ভুৱা লেচীয়ে মাহত পোন্ধৰ দিন পোন্ধৰ দিনকৈ সম্পূৰ্ণ ৰাজহ ফাঁকিৰে নিজ ইচ্ছামতে ফেৰী ঘাটটো চলাই আছে৷ জল পৰিবহণ বিভাগৰ বিভাগীয় নিয়ম মতে পাৰ ঘাটৰ দুয়োফালে চৰকাৰী ভাড়াৰ তালিকা আৰি দিব লাগে আৰু সেই মতে যাত্ৰীৰ পৰা ভাৰা আদায় কৰিব লাগে ৷ কিন্তু তাকে নকৰি ভুৱা লেচীসকলে চৰকাৰী নিৰিখতকৈ চাৰি-পাঁচগুণ বেছি হাৰত যাত্ৰীৰ পৰা ভাৰা আদায় কৰি যাত্ৰীৰ মূৰত ৰাম টাঙোন শোধাই আছে৷ আনহাতে যাত্ৰীৰ নিৰাপত্তাৰ বাবে পাৰাপাৰ কৰা নাঁওত লাইফ জেকেট থাকিব লাগে আৰু নাওৰ বহন ক্ষমতা অনুসৰি যাত্ৰী উঠাব লাগে ৷ কিন্তু উক্ত ভূৱা লেচী সকলে বিভাগীয় নিয়ম নীতিক সম্পূৰ্ণৰূপে জলাঞ্জলি দি নাৱত পাণ জপাদি যাত্ৰী উঠাই ঠেলাগাড়ী, ঘোঁৰাগাড়ী, টোটো, মটৰচাইকেল, চাইকেল এনেকি চাৰিচকীয়া বাহনো উঠাই বিপদসংকুলভাৱে পাৰাপাৰ অব্যাহত ৰাখিছে৷ ইয়াৰ ফলত সাধাৰণ যাত্ৰীৰ জীৱনৰ নিৰাপত্তা নোহোৱাহৈ পৰাৰ বিপৰীতে অসম চৰকাৰে লাখ লাখ টকা ৰাজহৰ পৰা বঞ্চিত হৈ পৰিব লগা হৈছে ৷ লক্ষণীয় যে ভুৱা লেচী দুজনৰ মূৰৰ ওপৰত কাৰ হাত থকাৰ বাবে সকলোকে আন্ধাৰত ৰাখি নিজ ইচ্ছা মতে গুমা ফেৰী ঘাটৰ পৰাপাৰ অব্যাহত ৰাখিছে, সেয়াই এতিয়া লাখটকীয়া প্ৰশ্ন সৰ্বসাধাৰণ ৰাইজৰ মনত৷
Home Uncategorized ধুবুৰী জিলা জল পৰিবহণ বিভাগত অবাধ দুৰ্নীতি:নিবিদা আৰু পৰাপাৰৰ নিয়ম অবিহনে চলিছে...