Home গুৱাহাটী ১১ মে’ৰ পৰা তিনিটা পৰ্যায়ত গুণোৎসৱ , ৪৬ হাজাৰ শিক্ষানুষ্ঠানত অনুষ্ঠিত হ’ব...

১১ মে’ৰ পৰা তিনিটা পৰ্যায়ত গুণোৎসৱ , ৪৬ হাজাৰ শিক্ষানুষ্ঠানত অনুষ্ঠিত হ’ব গুণোৎসৱ

283
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৯ মে’ ঃ ৰাজ্যত গুণোৎসৱ অনুষ্ঠিত হ’ব৷ ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানসমূহৰ মূল্যায়নৰ বাবে ৰাজ্যত পুনৰ গুণোৎসৱ অনুষ্ঠিত কৰা হ’ব৷ এই সন্দৰ্ভত আজি কাহিিলপাৰাত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে আনুষ্ঠানিকভাৱে সাংবাদিকক জানিবলৈ দি কয় যে ১১ মে’ৰ পৰা তিনিটা পৰ্যায়ত ৰাজ্যত গুণোৎসৱ, ২০২২ অনুষ্ঠিত হ’ব৷ ১১ মে’, ২৩ মে’ আৰু ৰ জুনত গুণোৎসৱ অনুষ্ঠিত হ’ব৷ গুণোৎসৱৰ প্ৰথম পৰ্যায়ত বঙাইগাঁও, বিশ্বনাথ, চৰাইদেউ, দৰং, ধেমাজি, ডিব্ৰুগড়, গোৱালপাৰা, কৰিমগঞ্জ, কাৰ্বি আংলং, নগাঁও আৰু নলবাৰীত থকা শিক্ষানুষ্ঠানসমূহত মূল্যায়ন কৰা হ’ব৷ আনহাতে, দ্বিতীয় পৰ্যায় অৰ্থাৎ ২৩ মে’ত বৰপেটা, গোলাঘাট, হাইলাকান্দি, হোজাই, কামৰূপ, কোক্‌ৰাঝাৰ, মাজুলী, মৰিগাঁও, শিৱসাগৰ, তিনিচুকীয়া, ওদালগুৰি আৰু দক্ষিণ শালমাৰা, মানকাচৰ জিলাত এই গুণোৎসৱ অনুষ্ঠিত হ’ব৷ আনহাতে, তৃতীয় পৰ্যায়ত বাগ্‌সা, কাছাৰ, চিৰাং, ধুবুৰী, ডিমা হাচাও, যোৰহাট, লখিমপুৰ, কামৰূপ [ম], শোণিতপুৰ আৰু পশ্চিম কাৰ্বি আংলঙত গুণোৎসৱ অনুষ্ঠিত হ’ব৷ সংবাদমেলত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে জানিবলৈ দিয়া অনুসৰি বিগত শৈক্ষিক বৰ্ষৰ ওপৰত হ’ব লগা এই গুণোৎসৱ আৰম্ভ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মুখ্য সচিব, মন্ত্ৰী-বিধায়ক, শিক্ষা বিষয়াসকলে৷ লগতে ১৮,৭৫২গৰাকী বাৰ্ষিক নিৰীক্ষক এই গুণোৎসৱত নিয়োজিত হ’ব৷ উল্লেখ্য যে এইবেলি ৪৬ হাজাৰ শিক্ষানুষ্ঠানৰ ৪২,৫০,২২৪গৰাকী শিক্ষাৰ্থীক সামৰি এই গুণোৎসৱ অনুষ্ঠিত কৰা হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here