Home গুৱাহাটী গীত-মাত-নৃত্যৰ মাজত সামৰণি পৰিল গুৱাহাটী পৌৰ নিগম নিৰ্বাচন

গীত-মাত-নৃত্যৰ মাজত সামৰণি পৰিল গুৱাহাটী পৌৰ নিগম নিৰ্বাচন

285
0

গুৱাহাটী, ২০ এপ্ৰিল ঃ অভাৱনীয় পৰিবেশ সৃষ্টিৰ মাজত বুধবাৰে সামৰণি পৰিল গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ প্ৰচাৰপৰ্বৰ৷ বিধানসভা বা লোকসভা নিৰ্বাচনৰ দৰেই এইবাৰ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত দেখা গ’ল অভূতপূৰ্ব হাইপ্ৰ’ফাইল প্ৰচাৰ৷ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি শাসকীয় পক্ষৰ প্ৰতিগৰাকী মন্ত্ৰী, বিধায়কৰ লগতে নেতা-পালিনেতা এই নিৰ্বাচনত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰত নামি পৰা দেখা যায়৷ গীত, নৃত্যৰ পৰা আৰম্ভ কৰি শেহতীয়া জনপ্ৰিয় দাক্ষিণাত্যৰ চিনেমা ‘‘পুষ্পা’’ৰ সংলাপ আওৰাই প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাৰ উপৰি আন আন নেতাসকলকো প্ৰচাৰ চলোৱা দেখা গ’ল৷ মুঠতে পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে সকলো উবুৰি খাই পৰি প্ৰচাৰ চলাই মহানগৰবাসীৰ ওচৰত ভোটভিক্ষা মাগে৷ পিছপৰি নাথাকিল বিৰোধী দলসমূহো৷ আম আদিম পাৰ্টী, অসম জাতীয় পৰিষদ, কংগ্ৰেছসহ প্ৰতিটো বিৰোধী দলে অনুৰূপধৰণে প্ৰচাৰ চলায়৷ এই পৌৰ নিগম নিৰ্বাচনৰ অন্তিম দিনটোত বুধবাৰে গুৱাহাটী মহানগৰীত নিৰ্বাচনী প্ৰচাৰে এক অভূতপূৰ্ব পৰিৱেশৰ সৃষ্টি কৰে৷ অন্তিম দিনটোত শাসক-বিৰোধী প্ৰতিটো দলৰ হাইপ্ৰ’ফাইল নেতাসকলে ই-ৰিক্সাৰ পৰা আৰম্ভ কৰি চাইকেল, মটৰচাইকেল আদিত উঠি প্ৰচাৰ চলায়৷ এনেদৰেই বুধবাৰে গুৱাহাটীত অভাৱনীয় প্ৰচাৰৰ মাজেৰে সামৰণি পৰে গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ প্ৰচাৰ পৰ্বৰ৷ উল্লেখ্য যে বহু প্ৰতীক্ষা, উৎকণ্ঠা আৰু জল্পনা-কল্পনাৰ অন্ত পেলাই সুদীৰ্ঘ জ্ঝ বছৰৰ অন্তত অনুষ্ঠিত হ’ব বহু আকাংক্ষিত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন৷ এইবাৰ মুঠ ৬০টা ৱাৰ্ড সামৰি গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷ কাৰ্যতঃ ৱাৰ্ড পুনৰ্নিৰ্ধাৰণ কৰি ৬০টালৈ বৃদ্ধি কৰা ৱাৰ্ডৰ ৬০গৰাকী নিৰ্বাচিত ৱাৰ্ড সদস্যৰে এইবাৰ গঠিত হ’ব গুৱাহাটী পৌৰ নিগম৷ অহা ২২ এপ্ৰিল শুকুৰবাৰে অনুষ্ঠিত হ’ব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন অৰ্থাৎ ভোটযুদ্ধ৷ সিদিনা গুৱাহাটী পৌৰ নিগম এলেকাধীন অঞ্চলৰ মুঠ ৭৮৯টা ভোটকেন্দ্ৰত পুৱা জ্জ.৩০ বজাৰ পৰা বিয়লি চ্ছ্ৰ.৩০ বজালৈ এই ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হ’ব৷ ভোটগ্ৰহণ সম্পন্ন হোৱাৰ পিছত অহা ২৪ এপ্ৰিলত ভোটগণনাৰ লগতে ফলাফলসমূহ ঘোষণা কৰা হ’ব৷ সিদিনা পুৱা জ্জ্ব বজাৰ পৰা ভোটগণনাৰ প্ৰক্ৰিয়া অনুষ্ঠিত হ’ব বুলি ইতিমধ্যে নিৰ্বাচন আয়ুক্ত আলোক কুমাৰে সংবাদ মেলত ঘোষণা কৰিছে৷ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন ইয়াৰ পূৰ্বে ২০১৩ চনত অৰ্থাৎ জ্ঝ বছৰ পূৰ্বে অনুষ্ঠিত হৈছিল৷ সুদীৰ্ঘ জ্ঝ বছৰৰ অন্তত ৰাজ্যৰ বিজেপি মিত্ৰজোঁট চৰকাৰে পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সকলো ব্যৱস্থা কৰাৰ লগতে পূৰ্বৰ ৩১টা ৱাৰ্ডৰ পুনৰ্নিৰ্ধাৰণ কৰি গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ডৰ সংখ্যা ৬০টালৈ বৃদ্ধি কৰে৷ উল্লেখ্য যে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত এইবাৰ মুঠ আসনৰ ৫০ শতাংশ আসন মহিলাৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে৷ নিৰ্বাচন আয়োগে সংবাদ মেলত সদৰী কৰা তথ্য অনুসৰি এইবাৰৰ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিব লগা মুঠ ভোটাৰ হৈছে জ্জ,৯৬,৮২৯গৰাকী৷ ইয়াৰে পুৰুষ ভোটাৰ হৈছে ৩,৯৬,৮৯১গৰাকী, মহিলা ভোটাৰ ৩,৯৯,৯১১গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰ হৈছে ২৭গৰাকী ৷ মুঠ ৬০টা ৱাৰ্ডৰ বাবে অনুষ্ঠিত হ’বলগীয়া গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন মুঠ ৭৮৯টা ভোটকেন্দ্ৰত অনুষ্ঠিত হ’ব৷ সংবাদ মেলত নিৰ্বাচন আয়ুক্তই সদৰী কৰা তথ্য অনুসৰি গুৱাহাটীৰ মুঠ ৬০টা ৱাৰ্ডৰ ভিতৰত ১৯ নম্বৰ আৰু ৩২ নম্বৰ ৱাৰ্ড দুটা অনুসূচিত জাতিৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষণ কৰা হৈছে৷ একেদৰে ৬ নম্বৰ আৰু জ্ঝ নম্বৰ ৱাৰ্ড দুটা অনুসূচিত জাতি [মহিলা]ৰ বাবে সংৰক্ষণ কৰা হৈছে৷ আনহাতে ২৭ নম্বৰ ৱাৰ্ডটো অনুসূচিত জনজাতি আৰু ২৩ নম্বৰ আৰু ৫১ নম্বৰ ৱাৰ্ড দুটা অনুসূচিত জনজাতি [মহিলা]ৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে৷ ইফালে, মহিলাৰ বাবে সংৰক্ষিত ৱাৰ্ডকেইটা হৈছে ক্ৰমে ৩৬, ৩০, ৪১, চ্ছ্ৰ, ৩১, ১৪, ৫৮, ২২, ১১, ৫৪, ৫৩, ২৫, ৪৫, ৫৬, ১০, ২৮, ৩৭, ৪২, ৫৭, ১৭, ৩৪, ১৩, ৪৮, ৩৩, ৪০ আৰু ৪৩ নম্বৰ ৱাৰ্ড৷ আনহাতে, সকলোৰে বাবে মুকলি কৰি ৰখা ৱাৰ্ডকেইটা ক্ৰমে হৈছে ১২, ২৪, ৪৬, ১৬, ৩, ৩৫, ২, ২১, ২০, ৪৪, ৫২, ১৫, জ্জ্ব, ৫৫, জ্জ, ২৯, প্ত, ৬০, ৩৯, ৰ, ১৮, ৩৮, ৪৭, চ্ছ, ৫০, ৫৯ আৰু ৪৯ নম্বৰ ৱাৰ্ড৷ সদ্যসমাপ্ত পৌৰসভা নিৰ্বাচনৰ দৰে প্ৰথমবাৰৰ বাবে ইলেক্‌ট্ৰ’নিক ভোটিং মেচিন চমুকৈ ই ভি এমৰ জৰিয়তে নিৰ্বাচন অনুষ্ঠিত হ’বলগা গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত একোগৰাকী প্ৰাৰ্থীৰ বিপৰীতে সৰ্বাধিক ২.৫০ লাখ টকা নিৰ্বাচনী ব্যয় নিৰ্ধাৰণ কৰি দিয়া হৈছিল৷ শুকুৰবাৰে অনুষ্ঠিত হ’বলগা গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ভোটাৰ ৰাইজৰ সুবিধাৰ্থে নিজৰ ভোটগ্ৰহণ কেন্দ্ৰ তথা ৱাৰ্ডৰ বিষয়ে জানিবলৈ কামৰূপ মহানগৰ জিলা প্ৰশাসনে মুকলি কৰিছে যোগাযোগৰ এটি বিশেষ নম্বৰ৷ পৌৰ নিগম এলেকাৰ যিকোনো ভোটাৰে নিজৰ ভোটগ্ৰহণ কেন্দ্ৰ আৰু ৱাৰ্ডৰ নাম জানিব বিচাৰিলে ‘৯৩৬৫৮-৬৫১৩৫’ নম্বৰলৈ ফোন অথবা এছএমএছ কৰিব পাৰিব৷ ২১ এপ্ৰিললৈ পুৱা জ্ঝ বজাৰ পৰা বিয়লি প্ত বজালৈ আৰু ২২ এপ্ৰিলৰ নিৰ্বাচনৰ দিনা পুৱা জ্জ বজাৰ পৰা আবেলি চ্ছ্ৰ বজালৈ উক্ত নম্বৰলৈ ফোন বা এছএমএছ কৰিব পাৰিব ভোটাৰসকলে৷ তিনিগৰাকী প্ৰাৰ্থীক বিনাপ্ৰতিদ্বন্দ্বী ঘোষণা গুৱহাটী পৌৰ নিগম নিৰ্বাচনৰ মনোনয়ন-পত্ৰ প্ৰত্যাহাৰৰ দিন অন্ত পৰাৰ পাছত তিনিগৰাকী প্ৰাৰ্থীক বিনাপ্ৰতিদ্বন্দ্বী ষোষণা কৰা হৈছিল৷ বিনাপ্ৰতিদ্বন্দ্বী হিচাপে ঘোষণা কৰা প্ৰাৰ্থী তিনিগৰাকী হৈছে– প্ত নম্বৰ ৱাৰ্ডৰ সঞ্জয় দাস, ৬ নম্বৰ ৱাৰ্ডৰ সূতাপা সৰকাৰ আৰু ২২ নম্বৰ ৱাৰ্ডৰ স্মিতা ৰয়৷ উল্লেখযোগ্য যে এই তিনিটা ৱাৰ্ডৰ আন প্ৰাৰ্থীসকলে তেওঁলোকৰ মনোনয়ন-পত্ৰ প্ৰত্যাহাৰ কৰাৰ পাছত এই তিনিগৰাকী প্ৰাৰ্থীক বিনাপ্ৰতিদ্বন্দ্বী বুলি ঘোষণা কৰা হৈছে৷ ক্ন ১৫০০১ অধিক ভোটাৰ থকা ৱাৰ্ডৰ ভোটগ্ৰহণ কেন্দ্ৰ সলনি ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্দেশনা মৰ্মে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ উদ্দেশ্যে ১৫০০ বা ততোধিক ভোটাৰ থকা কেন্দ্ৰসমূহৰ কিছু সালসলনি ঘটোৱা হৈছে৷ এই অনুসৰি পৌৰ নিগম এলেকাৰ ২৪ টা স্থানত একাংশ ভোটাৰৰ পূৰ্বৰ ৱাৰ্ড তথা ভোটগ্ৰহণ কেন্দ্ৰৰ নম্বৰ আৰু ঠিকনা সলনি কৰাৰ লগতে অতিৰিক্ত ভোটগ্ৰহণ কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে৷ ৱাৰ্ড নম্বৰ তথা ভোটগ্ৰহণ কেন্দ্ৰ সলনি হোৱা বিষয়টো ভোটাৰসকলৰ ঘৰে ঘৰে গৈ অৱগত কৰি তেওঁলোকৰ স্বাক্ষৰ সম্বলিত তথ্য প্ৰাপ্তি স্বীকাৰ পত্ৰ সংগ্ৰহ কৰিবলৈ বুথ পৰ্যায়ৰ বিষয়াসকলক উপায়ুক্তই পৰামৰ্শ আগবঢ়ায়৷ উপাযুক্ত গৰাকীয়ে লগতে উল্লেখ কৰে যে প্ত, ৬ আৰু ২২নং ৱাৰ্ডৰ প্ৰাৰ্থী তিনিগৰাকী বিনাপ্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হোৱাৰ পথ প্ৰশস্ত হোৱা হেতুকে সেই ৱাৰ্ড তিনিটাত নিৰ্বাচন অনুষ্ঠিত নহয়৷ উক্ত ৱাৰ্ড তিনিটাৰ ভোটাৰসকলৰ ৱাৰ্ড আৰু ভোটগ্ৰহণ কেন্দ্ৰ সলনিৰ বিষয়টোও গুৰুত্ব সহকাৰে বিবেচনা কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক তেওঁ আহ৩ান জনায়৷ ৱাৰ্ড তথা ভোটগ্ৰহণ কেন্দ্ৰ সলনি হোৱা ভোটাৰসকলৰ মাজত নিৰ্বাচনৰ দিনা ভোটদানৰ ক্ষেত্ৰত যাতে কোনোধৰণৰ অসুবিধাৰ সৃষ্টি নহয়, তাৰ বাবে সকলো ধৰণৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংিষ্ট বিষয়াবৰ্গক তেওঁ পৰামৰ্শ দিয়ে৷ আনহাতে, জিলা কতৃৰ্পক্ষই ভোটাৰ ৰাইজৰ সুবিধা হোৱাকৈ ০৩৬১-৩৫৬৬৩৬৯ নম্বৰৰ এটা হেল্প লাইন মুকলি কৰিছে৷ উল্লেখিত ২৪টা স্থানৰ সলনি হোৱা ৱাৰ্ড আৰু ভোটাৰৰ সংখ্যা হৈছে এনেধৰণৰ– প্তনং ৱাৰ্ডৰ ৭৭গৰাকী ভোটাৰ ৬নং ৱাৰ্ডলৈ, জ্জ্বনং ৱাৰ্ডৰ ৯৬গৰাকী ভোটাৰ জ্জনং ৱাৰ্ডলৈ ৪৮নং ৱাৰ্ডৰ ২৪৮গৰাকী ভোটাৰ ৪১নং ৱাৰ্ডলৈ ৪৯নং ৱাৰ্ড [চ্ছ্ৰনং বুথ, বাঁও শাখা] ৰ,২৬৮গৰাকী ৫১নং ৱাৰ্ডলৈ, ৪৯নং ৱাৰ্ডৰ [ ৬নং বুধ, বাঁও শাখা] ৰ,৩৮৩গৰাকী ৫১নং ৱাৰ্ডলৈ, ৫৯নং ৱাৰ্ডৰ ১০১গৰাকী ভোটাৰ ৪৯নং ৱাৰ্ডলৈ, ৫৫নং ৱাৰ্ডৰ ২৩৬গৰাকী ভোটাৰ ৫৭নং ৱাৰ্ডলৈ, ৫৯নং ৱাৰ্ডৰ ২২২গৰাকী ভোটাৰ ৫১নং ৱাৰ্ডলৈ, ৫৯নং ৱাৰ্ডৰ ১৫৬গৰাকী ভোটাৰ ৬০নং ৱাৰ্ডলৈ, ৬০নং ৱাৰ্ডৰ ২৩গৰাকী ভোটাৰ ৪৬নং ৱাৰ্ডলৈ, ৬০নং ৱাৰ্ডৰ ২৫গৰাকী ভোটাৰ ৫৯নং ৱাৰ্ডলৈ, ৪৬নং ৱাৰ্ডৰ ১৮৫গৰাকী ভোটাৰ ৬০নং ৱাৰ্ডলৈ, ১৭নং ৱাৰ্ডৰ ৩৪০গৰাকী ভোটাৰ ৩১নং ৱাৰ্ডলৈ, ২৭নং ৱাৰ্ডৰ ১৮৮গৰাকী ভোটাৰ ২৯নং ৱাৰ্ডলৈ, ৩৫নং ৱাৰ্ডৰ ৩০৫গৰাকী ভোটাৰ ৩৬নং ৱাৰ্ডলৈ, ৩৫নং ৱাৰ্ডৰ ২৯৬গৰাকী ভোটাৰ ৩৪নং ৱাৰ্ডলৈ, ৪০নং ৱাৰ্ডৰ ৪৮জ্ঝগৰাকী ভোটাৰ চ্ছনং ৱাৰ্ডলৈ, ৫৪নং ৱাৰ্ডৰ ৩৭৪গৰাকী ভোটাৰ ৫৩ নং ৱাৰ্ডলৈ, ১৪ নং ৱাৰ্ডৰ ১৭৯ গৰাকী ভোটাৰ ১৫ নং ৱাৰ্ডলৈ, ২৩ ৩নং বুধ মধ্য শাখা] নং ৱাৰ্ডৰ ১১০গৰাকী ভোটাৰ ১১ নং ৱাৰ্ডলৈ, ২৩ নং ৱাৰ্ডৰ [চ্ছ্ৰনং বুধ, বাঁও শাখা] ১৫৮গৰাকী ভোটাৰ ১১নং ৱাৰ্ডলৈ, ২৫নং ৱাৰ্ডৰ [প্ত নং বুথ বাঁও শাখা] ১৯৬গৰাকী ভোটাৰ ৪৩নং ৱাৰ্ডলৈ, ২৫নং ৱাৰ্ডৰ [জ্ঝনং বুধ, মধ্য শাখা] ২৫৪গৰাকী ভোটাৰ ৪৩নং ৱাৰ্ডলৈ আৰু ১০নং ৱাৰ্ডৰ ৩৪৩গৰাকী ভোটাৰ ২নং ৱাৰ্ডলৈ স্থানান্তৰ কৰা হৈছে৷ শান্তিপূৰ্ণ নিৰ্বাচনৰ বাবে কেইবাতৰপীয়াূ নিৰাপত্তা ব্যৱস্থা গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে সাজু হৈ উঠিছে কামৰূপ মহানগৰ জিলা আৰক্ষী প্ৰশাসন৷ সুশৃংখল আৰু শান্তিপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ স্বাৰ্থত আৰক্ষী প্ৰশাসনে কেইবাতৰপীয়া নিৰাপত্তা বেষ্টনীৰ ব্যৱস্থা কৰিছে৷ এই উদ্দেশ্যে গুৱাহাটী কমাৰ্চ কলেজত পৌৰ নিগম এলেকাৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত নিয়োজিত আৰক্ষীসকলক প্ৰশিক্ষণ প্ৰদান কৰা হয়৷ উল্লেখযোগ্য যে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত নিৰ্দিষ্টসংখ্যক নিৰাপত্তাৰক্ষী নিয়োগ কৰাৰ লগতে ৭৪জন ছেক্টৰ অফিচাৰ আৰু জ্জ্বজন জ’নেল অফিচাৰ নিয়োগ কৰা হৈছে৷ ছেক্টৰ পৰ্যায়ত আৰক্ষী উপ-পৰিদৰ্শক নিয়োগ কৰাৰ বিপৰীতে সৰ্বমুঠ জ্জ্বটা জ’নৰ প্ৰতিটো জ’ন একোগৰাকী উপ-আৰক্ষী অধীক্ষকৰ তত্ত্বাৱধানত থাকিব৷ আনহাতে ছেক্টৰ অফিচাৰসমূহৰ লগত থাকিব নিৰ্দিষ্টসংখ্যক নিৰাপত্তাৰক্ষী৷ ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ পৰিৱেশ-পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি স্পৰ্শকাতৰ বিবেচিত ভোটগ্ৰহণ কেন্দ্ৰসমূহত অধিক সশস্ত্ৰ আৰক্ষীৰ লোক নিয়োগ কৰা হ’ব৷ যিকোনো সময়ত আৰক্ষীৰ সাহায্যৰ বাবে খোলা ৰখা হৈছে হেল্প লাইন নম্বৰ৷ এইক্ষেত্ৰত প্ৰয়োজন হ’লে ১০০ অথবা ১১২ নম্বৰত ডায়েল কৰিবলৈ ৰাইজলৈ আহ৩ান জনাইছে আৰক্ষী প্ৰশাসনে৷ ইপিনে, গুৱাহাটী কমাৰ্চ কলেজত পৌৰ নিগমৰ নিৰ্বাচনত নিয়োজিত ৮৩৫গৰাকী প্ৰিজাইডিং বিষয়া আৰু ২,৫০৫গৰাকী পোলিং বিষয়াৰো ‘গ্ৰnপিং’ সম্পন্ন কৰা হয়৷ ভোটাৰ পৰিচয়-পত্ৰ নাথাকিলে কি কি নথি প্ৰযোজ্য হ’ব আন আন নিৰ্বাচনৰ দৰেই গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনতো ভোটদানৰ বাবে ভোটকেন্দ্ৰত সাধাৰণ ভোটাৰসকলৰ বাবে ফটোযুক্ত ভোটাৰ পৰিচয়-পত্ৰখনেই মূল নথি যদিও যিসকলৰ এই ফটোযুক্ত ভোটাৰ পৰিচয়-পত্ৰখন নাথাকে, সেইসকল ভোটাৰে কি নথি দেখুৱাই ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব তাৰ এখন তালিকাও বুধবাৰৰ সংবাদ মেলত অসম ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰকাশ কৰে৷ উল্লেখ্য যে ফটোযুক্ত ভোটাৰ পৰিচয়-পত্ৰ পোৱা ভোটাৰসকলে ভোটদানৰ সময়ত সেই পৰিচয়-পত্ৰ দেখুৱালেই হ’ব৷ কিন্তু যিসকল ভোটাৰৰ ফটোযুক্ত পৰিচয়-পত্ৰ নাথাকে তেওঁলোকে আয়োগে নিৰ্দিষ্ট কৰা তলৰ যিকোনো এবিধ নথি দেখুৱাই ভোট দিব পাৰিব৷ নিৰ্বাচন আয়োগে সংবাদ মেলত কৰা ঘোষণা অনুসৰি ফটোযুক্ত পৰিচয়-পত্ৰ নথকা ভোটাৰসকলে ক্ৰমে আধাৰ কাৰ্ড, বেংক আৰু ডাকঘৰৰ ফটোযুক্ত পাছবুক, শ্ৰম মন্ত্ৰালয়ৰ অধীনত প্ৰদান কৰা স্বাস্থ্য বীমা স্মাৰ্ট কাৰ্ড, ড্ৰাইভিং লাইচেন্স, পেন কাৰ্ড, ৰাষ্ট্ৰীয় জনসংখ্যাপঞ্জীৰ অধীনত ভাৰতৰ মহাপঞ্জীয়কে প্ৰদান কৰা স্মাৰ্ট কাৰ্ড, পাছপ’ৰ্ট ফটোগ্ৰাফৰ সৈতে পেন্সনৰ নথি, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগতে ৰাজহুৱা সেৱাখণ্ড বা পাব্লিক লিমিটেড কোম্পানীৰ চাকৰিয়ালৰ ফটোযুক্ত পৰিচয়-পত্ৰ, সাংসদ, বিধায়ক বা বিধান পৰিষদৰ সদস্যসকলৰ পৰিচয়-পত্ৰ, ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু স্বশক্তিকৰণ মন্ত্ৰালয়ে প্ৰদান কৰা ইউনিক অক্ষমতাৰ পৰিচয়-পত্ৰৰ যিকোনো এখন দেখুৱাই ভোটদান কৰিব পাৰিব৷ আনহাতে, ভোটাৰজনৰ পৰিচয় সাব্যস্ত কৰিব পাৰিলে, ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰত থকা বানান ভুল আদি উপেক্ষা কৰিবলৈও নিৰ্বাচন আয়োগে নিৰ্দেশ দিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here