Home Main Stories তৎপৰ গুৱাহাটী পৌৰ নিগম : কোটি কোটি টকাৰ কৰ ফাঁকিৰে চলিছে গুৱাহাটীৰ...

তৎপৰ গুৱাহাটী পৌৰ নিগম : কোটি কোটি টকাৰ কৰ ফাঁকিৰে চলিছে গুৱাহাটীৰ ২৫০ ব্যক্তিগত খণ্ডৰ বিদ্যালয়

259
0

ষ্টাফ ৰি’পৰ্টাৰ, গুৱাহাটী, ১৩ ডিচেম্বৰ : মানৱ সম্পদ গঢ়াৰ কমাৰশালতে এতিয়া যেন আৰম্ভ হৈছে চূড়ান্ত অৱক্ষয়৷ ফাঁকি, জালিয়াতিৰে মাথোঁ ব্যৱসায়িক দৃষ্টিভংগী আগত লৈ গুৱাহাটী মহানগৰীৰ অধিকাংশ ব্যক্তিগত খণ্ডৰ শিক্ষা প্ৰতিষ্ঠানে চলাই গৈছে শিক্ষাৰ নামত চৰম লুণ্ঠনৰাজ৷ শেহতীয়াকৈ মহানগৰীৰ এনে বহুকেইখন আগশাৰীৰ ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানৰ মিথ্যাচাৰ পোহৰলৈ আনিছে গুৱাহাটী পৌৰ নিগমে৷ বিগত ১০টা বছৰে মহানগৰীৰ প্ৰায় ২৫০ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে কৰ ফাঁকি দি আহিছিল গুৱাহাটী পৌৰ নিগমক৷ সেই অভিজাত ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ ভিতৰত আছে ডনবস্ক’ স্কুল, সৰলা বিৰলা, অসম জাতীয় বিদ্যালয়, সংস্কৃতি গুৰুকুল, মহৰ্ষি বিদ্যামন্দিৰ, এন পি এছ স্কুলকে ধৰি আন দুই শতাধিক স্কুল৷ বিগত ১০বছৰত এই শিক্ষা প্ৰতিষ্ঠানসমূহে গুৱাহাটী পৌৰ নিগমক দিব আছে জ্জ কোটি টকাৰ কৰ৷ এই ২৫০ ব্যক্তিগত খণ্ডৰ বিদ্যলয়ৰ কৰ ফাঁকিৰ শীৰ্ষত আছে গুৱাহাটীৰ পাণবজাৰস্থিত ডনবস্ক’ স্কুল৷ ডনবস্ক’ বিদ্যালয় কতৃৰ্পক্ষই গুৱাহাটী পৌৰ নিগমক দিব আছে ৰ কোটি টকাৰ কৰ৷ একেদৰে ৰ’য়েল গ্ল’বেল স্কুলে দিব আছে ৫৫ লাখ টকাৰ কৰ ৷ কিন্তু ইতিমধ্য জাননীৰ পিছতে ২৫ লাখ টকাৰ কৰ পৰিশোধ কৰিছে পৌৰ নিগমক৷ পৌৰ নিগমে প্ৰেৰণ কৰা প্ৰথমখন জাননীৰ নিৰ্ধাৰিত সময় ৰ মাহ অতিক্ৰম কৰাৰ পিছতে পুনৰ ৰমাহৰ ভিতৰত দুখন জাননী প্ৰেৰণ কৰিব কৰ ফাঁকি দি অহা শিক্ষাপ্ৰতিষ্ঠানলৈ৷ সেই সময়ত যদি পৌৰ নিগমে পাবলগীয়া কৰ ঘূৰাই নাপাই তেন্তে তেনে শিক্ষাপ্ৰতিষ্ঠানৰ বিৰুদ্ধে তলা লগাবলৈ সাজু বুলি ইতিমধ্যে ঘোষণা কৰিছে গুৱাহাটী পৌৰ নিগম কতৃৰ্পক্ষই৷ কিন্তু বিগত ১০টা বছৰে কেনেদৰে পৌৰ নিগমৰ চকুত ধূলি দি একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে কোটি কোটি টকাৰ কৰ ফাঁকি দি আহিছিল তাক লৈহে এতিয়া বহু প্ৰশ্নৰ অৱতাৰণা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here