Home স্থানীয় গুৱাহাটী নিৰ্মল শৈক্ষিক ন্যাসৰ বঁটা ঘোষণা : ১৪ গৰাকী নাৰীলৈ আগবঢ়োৱা হ’ব...

গুৱাহাটী নিৰ্মল শৈক্ষিক ন্যাসৰ বঁটা ঘোষণা : ১৪ গৰাকী নাৰীলৈ আগবঢ়োৱা হ’ব বিশেষ সন্মান

364
0

গণ বাৰ্তা,দুমুনিচকী ১৬ মাৰ্চ: গুৱাহাটীস্থিত নিৰ্মল শৈক্ষিক ন্যাসে অসম ভিন্ন ক্ষেত্ৰৰ ১৪ গৰাকী নাৰীলৈ আগবঢ়াব সন্মান। ন্যাসৰ সঞ্চালক উৎপল ভৰদ্বাজে জনোৱা অনুসৰি এই বৰ্ষৰ ‘বিদুষী সন্মান’ ৰ বাবে নিৰ্বাচিত হৈছে জনপ্ৰিয় কন্ঠশিল্পী তৰালী শৰ্মা, সমাজ সেৱিকা জাহ্নৱী গোস্বামী, অপৰ্ণা হাজৰিকা, জেউতি হাজৰিকা, লেখিকা ৰূপালী মহন্ত আৰু অলকা বৰুৱা। এই বৰ্ষৰ ‘সংগীত মাধুৰী’ সন্মানৰ বাবে নিৰ্বাচিত হৈছে কন্ঠশিল্পী গীতালি দেৱী আৰু হিয়া মেধি। ন্যাসৰ কৃতি শিক্ষকৰ সন্মান ‘প্ৰজ্ঞাশ্ৰী’ ৰ বাবে নিৰ্বাচিত হৈছে দৰঙৰ দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী জাহ্বৱী হাজৰিকা। ‘সংবাদ জ্যোতি’ সন্মানৰ বাবে নিৰ্বাচিত হৈছে প্ৰতিদিন টাইমৰ সাংবাদিক অঞ্জুমণি বৰদলৈ আৰু টাইম ৮ ৰ সাংবাদিক ময়ুৰী চৌধুৰী। ন্যাসৰ বিশেষ সন্মানৰ বাবে নিৰ্বাচিত হৈছে সাহিত্য সংগঠক, লেখিকা মনিকা দাস,বিভাৰাণী বণিয়া আৰু ৰীনা বেগম হাজৰিকা। অহা ২০ মাৰ্চত গুৱাহাটীৰ লতাশিলস্থিত বিষ্ণু-নিৰ্মলা ভৱনত বিয়লি ২.৩০ বজাৰ অনুষ্ঠিত হ’বলগীয়া এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত কেইবাগৰাকীৰ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এই সন্মান প্ৰদান কৰা হ’ব বুলি ন্যাসৰ উপদেষ্টা কৰুনা কান্ত শৰ্মা, অধ্যক্ষা ড° ত্ৰিৱেণী শৰ্মা বৰুৱাই জনাইছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here