Home Main Stories পঞ্চম শ্ৰেণীলৈকে বিদ্যালয়ত পাঠদান বন্ধ: গুৱাহাটীত পাঠদান বন্ধ থাকিব অষ্টম শ্ৰেণীলৈ

পঞ্চম শ্ৰেণীলৈকে বিদ্যালয়ত পাঠদান বন্ধ: গুৱাহাটীত পাঠদান বন্ধ থাকিব অষ্টম শ্ৰেণীলৈ

123
0


ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী,৭ জানুৱাৰী: ক’ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ শিক্ষানুষ্ঠান সন্দৰ্ভত চৰকাৰে কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে৷ ক’ভিডৰ সংক্ৰমণে যাতে ছাত্ৰ-ছাত্ৰীসকলক ক্ষতি কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি কাইলৈৰ পৰা ৰাজ্যৰ বিদ্যালয়সমূহৰ পঞ্চম শ্ৰেণীলৈ পাঠদান বন্ধৰ ঘোষণা কৰিছে৷ অৰ্থাৎ প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে বিদ্যালয়ত পাঠদান নচলিব৷ গুৱহাটী মহানগৰীত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে বিদ্যালয়ত পাঠদান বন্ধ থাকিব৷ এই নিৰ্দেশনা কাইলৈৰ পৰা ৩০ জানুৱাৰীলৈকে বলৱৎ হ’ব৷ আজি জনতা ভৱনত আয়োজিত এক সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সমগ্ৰ ৰাজ্যতে পঞ্চম শ্ৰেণীলৈকে পাঠদান বন্ধ কৰা হৈছে আৰু গুৱাহাটী মহানগৰীত অষ্টম শ্ৰেণীলৈকে বন্ধ কৰা হৈছে৷ ক’ভিডৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সংশ্লিষ্ট জিলাখনৰ স্বাস্থ্য বিভাগে পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰিব৷ একেদৰে নৱম, দশম আৰু একাদশ শ্ৰেণীৰ পাঠদান সাল-সলনিকৈ চলিব৷ অৰ্থাৎ প্ৰতিটো ক্লাছৰ পাঠদান তিনিদিনলৈকে চলিব৷ দ্বাদশ শ্ৰেণীৰ পাঠদানত নাথাকিব কোনো ধৰণৰ নিষেধাজ্ঞা৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here