
সম্প্ৰীতিৰ বাৰ্তাবে জিকিৰ-জাৰীক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে বিশেষ পদক্ষেপ
‘মোৰ মনত ভেদভাব নাই অ’ আল্লা… হিন্দু কী মুছলমান একে আল্লাৰ ফৰমান…’ অসমীয়া লোকসংগীতৰ অন্যতম জিকিৰ-জাৰীৰ সুৰত বিমোহিত হ’ল শ্রীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ বাকৰি। সম্প্ৰীতিৰ বাণীৰে বিশ্ব-দৰবাৰত জিকিৰ-জাৰীক প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে আজি অসম গৰীয়া পৰিষদৰ উদ্যোগত আয়োজিত ‘জিকিৰ গাওঁ আহক’ শীর্ষক অনুষ্ঠানটো এহেজাৰতকৈও অধিক শিল্পীয়ে একেলগে পৰিৱেশন কৰিলে জিকিৰ-জাৰী। মূলতঃ ধুবুৰীৰ পৰা শদিয়ালৈ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে।

একত্ৰিত হৈ পৰিৱেশন করা এই জিকিৰ-জাৰীয়ে একপ্রকাৰ সকলোকে মুগ্ধ কৰি তোলে। আজি দিনৰে পৰাই নিশালৈকে ‘জিকিৰ-জাবীর তালত মন্ত্রমুগ্ধ হৈ পৰিল কলাক্ষেত্ৰৰ বাকৰি।

এনে এক ব্যতিক্রমী পদক্ষেপৰ সকলোবে একমুখে শলাগ লৈছে। আজিৰ এই সমূহীয়া জিকিৰ পৰিবেশন অনুষ্ঠানত বিভিন্ন জনগোষ্ঠীয় দল-সংগঠনৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকি জিকিৰ-জাৰী উপভোগ কৰে। এই সন্দৰ্ভত গৰীয়া পৰিষদৰ নেতা আব্দুল হামিদে কয় যে জিকিৰ-জাৰী সংৰক্ষণৰ বাবে চৰকাৰে যি পদক্ষেপ গ্রহণ কৰিছে, সেয়া আদৰণীয়। কিন্তু জিকিৰ-জাৰীক বঞ্চিত কৰাটো কোনো কাৰণতে গ্রহণযোগ্য হ’ব নোৱাৰে। বিহু-ঝুমইৰক যিদৰে চৰকাৰৰ উদ্যোগত একেলগে নৃত্য পৰিৱেশন কৰি অভিলেখ সৃষ্টি কৰিছে, ঠিক সেইদবে জিকিৰ-জাৰীৰ ক্ষেত্ৰতো চৰকাৰে পদক্ষেপ গ্রহণ কৰিব লাগে। জিকিৰ-জাবীও বিশ্ব-দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে বিহু-ঝুমইৰৰ দৰে চৰকাৰী উদ্যোগত সমূহীয়াভাবে হাজাৰ হাজাৰ শিল্পীৰ অংশগ্রহণেৰে জিকিব-জাবী পৰিৱেশনৰ ব্যৱস্থা কৰিব লাগে। অহা বিধানসভা নির্বাচনৰ পূর্বে চৰকাৰক এনে এক পদক্ষেপ গ্রহণ কৰিবলৈ গৰীয়া নেতাগৰাকীয়ে দাবী কৰে। ইপিনে নিশাৰ ভাগত অনুষ্ঠিত হয় জিকিৰ-জাৰী প্ৰতিযোগিতা। এই প্রতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ অর্ধশতাধিক প্রতিযোগীৰ দলে যোগদান কৰে। জিকিৰ-জাৰীৰ প্ৰতিযোগিতাৰ উক্ত অনুষ্ঠানত অংশ গ্রহণ কৰে দৈনিক গণ অধিকাৰৰ পৰিচালন সম্পাদক ছাহজাহান তালুকদাৰকে। ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি।