
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চৌহদ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি, ই-মেইলৰ পিছতে হাহাকাৰ আৰক্ষীৰ
গুৱাহাটী উচ্চ ন্যায়ালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি আহিছে। ই-মেইল লাভৰ পিছতে মহানগৰ আৰক্ষীৰ মাজত হুৱা-দুৱা লাগিছে।এটা অখ্যাত একাউণ্টৰ পৰা আহিছে ই-মেইল।ই-মেইল লাভৰ পিছতে মহানগৰ আৰক্ষীৰ মাজত লাগিছে হুৱা-দুৱা। তন্ন-তন্নকৈ পৰীক্ষা কৰিছে সকলো।ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয় চৌহদত উপস্থিত হৈছে শীৰ্ষ আৰক্ষী বিষয়া উপস্থিত ঘটনাস্থলীত।লগতে বিশেষ শাখাৰ আৰক্ষী অধীক্ষক উপস্থিত উচ্চ ন্যায়ালয়ত।