
বিগত বৰ্ষৰ তুলনাত নিম্নগামী এইবাৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল।

এইবাৰ মুঠ ৬৩.৯৮ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হয় মেট্ৰিক পৰীক্ষাত। বিপৰীতে যোৱা বৰ্ষত উত্তীৰ্ণ হৈছিল ৭৫.৭ শতাংশ। ২০২৩ বৰ্ষত উত্তীৰ্ণৰ হাৰ আছিল ৭২.৬ শতাংশ।এইবাৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ ৩৮ দিনৰ ভিতৰতে ফলাফল ঘোষণা কৰা হৈছে। অফলাইনযোগে মাৰ্কশ্বিটসমূহ বিদ্যালয়ত লাভ কৰিব ছাত্ৰ-ছাত্ৰীসকলে।উত্তৰবহী পুনৰীক্ষণৰ বাবে ১৪ এপ্ৰিলৰ পৰা এটা প’ৰ্টেল মুকলি কৰি দিয়া হ’ব।সকলো বিষয়ৰ উত্তৰবহী পুনৰীক্ষণৰ বাবে আবেদন কৰিব পাৰিব প’ৰ্টেলত। বিহুৰ পিছত লাভ কৰিব মাৰ্কশ্বীটৰ হাৰ্ড কপি।