
Covid Updates : এইপৰ্যন্ত দেশত ক’ভিডত আক্ৰান্ত হৈছে ২৭১০গৰাকী আৰু মৃত্যু হৈছে ৭গৰাকী লোকৰ।
দেশত পুনৰ বিয়পিছে ক’ভিডৰ আতংক। ক’ভিডত আক্ৰান্ত হৈ এগৰাকী ষাঠি ঊৰ্ধ্বৰ মহিলাৰ মৃত্যু।
শনিবাৰে দিল্লীত ক’ভিড-১৯ পজিটিভ পোৱা এগৰাকী ৬০ বছৰীয়া মহিলাৰ মৃত্যু হোৱা বুলি স্বাস্থ্য বিভাগৰ বিষয়াসকলে সদৰী কৰে।
বৰ্তমান ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ মাজতে এইটোৱেই হৈছে দেশৰ ৰাজধানী চহৰখনত প্ৰথমটো মৃত্যুৰ ঘটনা।
চৰকাৰী তথ্য অনুসৰি দিল্লীত সক্ৰিয় ক’ভিড-১৯ ৰোগীৰ সংখ্যা ২৯৪গৰাকী৷
আনহাতে, এইপৰ্যন্ত দেশত ক’ভিডত আক্ৰান্ত হৈছে ২৭১০গৰাকী আৰু মৃত্যু হৈছে ৭গৰাকী লোকৰ।
অসমত ক’ভিডক লৈ সতৰ্কতা ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ। জিলা যুটীয়া সঞ্চালকৰ সৈতে বৈঠক মিছন সঞ্চালকৰ। আগতীয়াকৈ ল’ব লগা সাৱধানতাৰ বিষয়ে আলোচনা NHMৰ।