
তিনিচকীয়া বাহনখন লৈ খাদ্য যোগান ধৰা আনোৱাৰে খেলিব পঞ্চায়ত নিৰ্বাচন বিলাসীপাৰাত এগৰাকী শাৰিৰীকভাৱে সক্ষম যুৱকে মন মেলিলে পঞ্চায়ত নিৰ্বাচনলৈ। যুৱকজনৰ নাম আনোৱাৰ হুছেইন। ঘৰ বিলাসীপাৰাৰ চিৰাকুটা দ্বিতীয় খণ্ড গাঁৱত। বিশেষভাৱে সক্ষম যুৱক আনোৱাৰ হুছেইনে মনত বহুত আশা লৈ পঞ্চায়ত সদস্য পদত নিৰ্বাচন খেলাৰ মন মেলিছে।
৫৬নং টিলাপাৰা গাঁও পঞ্চায়তৰ ১নং ৱাৰ্ডৰ চিৰাকুটা দ্বিতীয় খণ্ড গাঁৱৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে যুৱকজনে। মহানগৰীত জমেটো ডেলিভাৰী বয়ৰ পৰা পঞ্চায়তৰ সদস্য হোৱাৰ হেঁপাহ আনোৱাৰ হুছেইনৰ। এইবাৰ সমাজৰ হুকে কাম কৰাৰ লগতে বিশেষভাৱে সক্ষম ব্যক্তিসকলেও যে সমাজত বিভিন্ন কাম-কাজ কৰাৰ ক্ষেত্ৰত হেঙাৰ হ’ব নোৱাৰে তাকেই প্ৰমাণ কৰিব বিচাৰে যুৱকজনে। আজি নায়েৰ আলগা খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ত নিজৰ প্ৰতিদ্বন্দ্বিতাৰ পুনৰ পৰীক্ষণ কৰিবলৈ আহিছে যুৱকজনে