
উচ্ছেদ হ’ব অসম গণ পৰিষদ মুখ্য কাৰ্যালয়। ইতিমধ্যে অগপৰ দলৰ কাৰ্যালয়লৈ জাননী প্ৰদান কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে। দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে উচ্ছেদ হ’ব অগপ কাৰ্যালয়।
আমবাৰীৰ অগপ মুখ্য কাৰ্যালয়ৰ লগতে অসম ষ্টাৰ্ট আপৰ কাৰ্যালয় ভঙা যাব আন কেইবাটাও কাৰ্যালয়।
উল্লেখ্য যে দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ নামত চৰকাৰে অধিগ্ৰহণ কৰিব ভূমি। চাৰিলেন যুক্ত পথ নিৰ্মাণৰ বাবে লোক নির্মাণ বিভাগে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।
সৰ্বমুঠ ১৩গৰাকী ব্যক্তি অনুষ্ঠানলৈ কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ জাননী। নৱনিৰ্মিত উৰণ সেতুৰ বাবে উচ্ছেদ চলিব আমবাৰীত।
সমান্তৰালকৈ দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ ৰাজপথৰ দাঁতিত থকা বহু পুৰণি গছ।