Home Main Stories গুৱাহাটীৰ ৰেডিছন ব্লুত ৪৪ বিসম্বাদী বিধায়কৰ বাহৰ: মহাৰাষ্ট্ৰৰ ৰাজনীতিত পট পৰিৱৰ্তন

গুৱাহাটীৰ ৰেডিছন ব্লুত ৪৪ বিসম্বাদী বিধায়কৰ বাহৰ: মহাৰাষ্ট্ৰৰ ৰাজনীতিত পট পৰিৱৰ্তন

74
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২২ জুন: প্ৰতি মুহূৰ্তত পট পৰিৱৰ্তন ঘটিছে মহাৰাষ্ট্ৰৰ ৰাজনীতিত৷ সলনি হৈছে দৃশ্যপট৷ পতন হোৱাৰ দিশে উদ্ধৱ থাকৰেৰ চৰকাৰ৷ যিকোনো মুহূৰ্ততেই পতন ঘটিব পাৰে উদ্ধৱ থাকৰে চৰকাৰৰ৷ মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ অভিকেন্দ্ৰ এইবাৰ হৈ পৰিছে গুৱাহাটীৰ ৰেডিচন ব্লু হোটেল৷ ৰেডিচন ব্লুৰ পৰাই নিয়ন্ত্ৰণ হৈছে পৰৱৰ্তী চৰকাৰৰ কুচকাৱাজ৷ কোন হ’ব মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী? সেই লৈ এতিয়া সঘনাই অনুষ্ঠিত হৈছে বৈঠক৷ একপ্ৰকাৰ উদ্ধৱ থাকৰেৰ পতন নিশ্চিত হৈ পৰিছে৷ উদ্ধৱ থাকৰেৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি কালি নিশাৰ ভাগত ৪০জনকৈ বিসম্বাদী বিধায়ক চুৰাটৰ পৰা পোনে পোনে গুৱাহাটীৰ ৰেডিচন ব্লুত উপস্থিত হয়৷ আজি বিয়লিৰ ভাগত আৰু চাৰি বিসম্বাদী বিধায়ক গুৱাহাটীত আহি উপস্থিত হোৱাৰ খবৰ পোৱা গৈছে৷ একপ্ৰকাৰ গুৱাহাটীৰ হোটেলত বাহৰ পাতিছে সৰ্বমুঠ ৪৪জনকৈ বিধায়কে৷ জানিব পৰা মতে শিৱসেনাৰ ৩৫জন আৰু জ্জজন নিৰ্দলীয় বিধায়কে কালি নিশাৰ ভাগত গুৱাহাটীত বাহৰ পাতে৷ শিৱসেনাৰ নেতা একনাথ সিন্ধেৰ নেতৃত্বত গুৱাহাটীৰ ৰেডিচন ব্লুত বাহৰ পাতিছে বিসম্বাদী নেতাসকলে৷ নিশাৰ ভাগত এই বিসম্বাদী বিধায়কসকলক আদৰণি আনে মন্ত্ৰী পীয়ূষ হাজৰিকা, সাংসদ পল্লৱ লোচন দাস আৰু বিধায়ক সুশান্ত বুঢ়াগোহাঁয়ে৷ মহাৰাষ্ট্ৰ চৰকাৰৰ এনে ৰাজনৈতিক সংকটৰ পিছতেই আজি মহাৰাষ্ট্ৰত শিৱসেনা, এন চি পি আৰু কংগ্ৰেছৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়৷ এনচিপিৰ নেতা শাৰদ পাৱাৰে উদ্ধৱ থাকৰেক সাক্ষাৎ কৰিবলৈ গৈছিল যদিও কোৰোনাত আক্ৰান্ত হোৱাৰ বাবেই সাক্ষাৎ কৰাৰ পৰা বিৰত থাকিবলগীয়া হয়৷ মূলতঃ এতিয়া উদ্ধৱ থাকৰেৰ চৰকাৰক মহাসংকটে গা কৰি উঠিছে৷ একনাথ সিন্ধেৰ নেতৃত্বত ৪০জনকৈ বিসম্বাদী বিধায়কে বিদ্ৰোহ ঘোষণা কৰিছে৷ কালি এই বিসম্বাদী বিধায়কে চুৰাটত বাহৰ পাতি আছিল৷ কিন্তু ৰহস্যজনকভাৱে কালি নিশাৰ ভাগতেই চুৰাটৰ পৰা অসমলৈ আহে এই বিসম্বাদী বিধায়কসকল৷ মহাৰাষ্ট্ৰত চৰকাৰ গঠন কৰিবলৈ হ’লে ১৪৫ বিধায়কৰ প্ৰয়োজন৷ বিজেপিৰ ১০৬গৰাকী বিধায়ক, শিৱসেনাৰ ৫৬, এনচিপিৰ ৫৩ আৰু কংগ্ৰেছৰ বিধায়কৰ সংখ্যা ৪৪গৰাকী আৰু কেইবাজনো আছে নিৰ্দলীয় বিধায়ক৷ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি ৪০জনকৈ বিসম্বাদী বিধায়কে সংগ ত্যাগ কৰিছে৷ এই বিসম্বাদী বিধায়কসকলক লৈ এতিয়া বিজেপিয়ে চৰকাৰৰ গঠনৰ কুচকাৱাজ চলাইছে৷ শিৱসেনাই দাবী কৰিছে যে এই বিসম্বাদী বিধায়কসকল পুনৰ মহাৰাষ্ট্ৰলৈ ঘূৰি যাব৷ এনে ৰাজনৈতিক সংকটৰ মাজতেই মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই এক আৱেগিক ভাষণ প্ৰদান কৰি কয় যে যদি এজন বিধায়কেও যদি মুখ্যমন্ত্ৰী হোৱাটো নিবিচাৰে তেন্তে তেওঁ যিকোনো মুহূৰ্ততে পদত্যাগ কৰিবলৈ সাজু৷ উদ্ধৱ থাকৰেৰ মন্ত্ৰীসভাৰ জ্যেষ্ঠ নেতা একনাথ সিন্ধেই দাবী কৰিছে যে তেওঁৰ সৈতে আছে ৪৬গৰাকী বিধায়ক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here