Home অসম দুমাহৰ অন্তত ডিটেনচন কেম্পৰ পৰা মুকলি দলগাঁৱৰ হাচিনা

দুমাহৰ অন্তত ডিটেনচন কেম্পৰ পৰা মুকলি দলগাঁৱৰ হাচিনা

214
0

গণ বাৰ্তা, দলগাঁও, ১৮ ডিচেম্বৰ ঃ নাম হাচিনা ভানু, ঘৰ দৰঙৰ দলগাঁও সমষ্টিৰ অন্তৰ্গত তিনি নম্বৰ শ্যামপুৰ গাঁৱত। এইগৰাকী দুৰ্ভগীয়া মহিলা দুমাহৰ অন্তত তেজপুৰ ডিটেনচন কেম্পৰ পৰা মুকলি হৈ উপস্থিত হয় নিজ গৃহ শ্যামপুৰত। ন্যায় পালে এগৰাকী  প্ৰকৃত ভাৰতীয় নাগৰিকে। জানিব পৰা মতে মহিলা ৰাকী ডি ভোটাৰৰ নামত অভিযুক্ত আছিল। যাৰ বাবে ভাৰতীয় নাগৰিকত্বৰ সকলো নথিপত্ৰ লৈ ২০১৪ চনত মঙলদৈ বিদেশী ন্যায়াধীশকৰণ আদালতৰ কাষ চাপে হাচিনা ভানু। গোচৰৰ ভিত্তিত  সকলো নথিপত্ৰ থকা হাচিনাক ২০১৬ চনত ন্যায়াধীশকৰণ আদালতে ৰায়দান কৰে ভাৰতীয় নাগৰিক  বুলি। উক্ত ৰায়দানৰ পিছত হাচিনা ভানুৱে ডি ভোটাৰৰ কলংক মোচাৰ বাবে আদালতে ভাৰতীয় নাগৰিক বুলি ৰায়দান কৰা প্ৰতিলিপি শ্যামপুৰ থানা, দলগাঁও ৰাজহ চক্ৰৰ কাৰ্যালয় আদিত জমা দিয়ে। তাৰ পিছতো ৰেহাই নাপালে ৫৫ বছৰীয়া হাচিনা।পুনৰ ২০১৯ চনত মঙলদৈ বিদেশী ন্যায়াধীশকৰণ আদালতে বিদেশীৰ জাননী জাৰী কৰে হাচিনাৰ নামত।

যি আদালতে ২০১৬ চনত হাচিনাক ভাৰতীয় নাগৰিক বুলি ৰায়দান কৰে সেই একেখন আদালতে পুনৰ সকলো নথিপত্ৰ থকাৰ পিছতো বিদেশী বুলি জাননী জাৰি কৰাত সৰগ ভাগি পৰে দুৰ্ভগীয়া পৰিয়ালটিৰ ওপৰত। উপায়ন্তৰ হৈ আইনী মাচুল আদিৰ বাবে মাটি বিক্ৰী কৰি নিজকে ভাৰতীয় নাগৰিক বুলি প্ৰমাণ কৰাৰ বাবে কাষ চাপে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। আইনী প্ৰক্ৰিয়াৰ মাজতেই চলিত ২০২১ বৰ্ষৰ অক্টোবৰ মাহত বিদেশী ঘোষিত হাচিনাক দৰঙৰ দলগাঁও আৰক্ষীয়ে নিশা আটক কৰি  প্ৰেৰণ কৰে তেজপুৰ ডিটেনচন কেম্পলৈ। তেজপুৰ ডিটেনচন কেম্পত থকা অৱস্থাতে গুৱাহাটী উচ্চ ন্যায়ালয়ে উক্ত বিতৰ্কিত সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ পিছত  দুমাহ  অন্তত ১৬ ডিচেম্বৰৰ নিশা হাচিনা ভানুক দলগাঁও আৰক্ষীয়ে চমজাই দিয়ে ৩নং শ্যামপুৰস্থিত নিজা গৃহত। নিজা গৃহত উপস্থিত হৈ হতাশাত ভাগি পৰা হাচিনাৰ বিস্ফোৰণ— সকলো নথিপত্ৰ থকাৰ পিছতো কিয় ডিটেচন কেম্পত ৰখা হ’ল তেওঁক। কিয় নষ্ট কৰা কৰা হ’ল তেওৰ দুটা মাহ? কিয় হাৰাশাস্তি কৰা হ’ল তেওঁক, উত্তৰ লাগে  হাচিনা ভানুক।

LEAVE A REPLY

Please enter your comment!
Please enter your name here