Home বিনোদন ৯ ছেপ্টেম্বৰত শুভ নাট্যাৰম্ভ ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ

৯ ছেপ্টেম্বৰত শুভ নাট্যাৰম্ভ ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ

128
0

গণবাৰ্তা, নলবাৰী,৯ ছেপ্টেম্বৰ : কৰোনাতাংক কিছু কমি অহাৰ লগে লগে আৰম্ভ হৈছে নাটকৰ পৰিবেশ, ইতিমধ্যে কেইবাটাও নাট্যদলে কভিড প্ৰটোকলৰ মাজেৰে আখৰা আৰম্ভ কৰিছে।ঠিক তেনেদৰে বৰপেটা জিলাৰ সৰ্থেবাৰীৰ পৰা জন্ম লাভ কৰা নকুল তালুকদাৰৰ নেতৃত্বত পি জে প্ৰিন্স আৰু সুমন ভৰদ্বাজৰ প্ৰযোজনাত প্ৰস্তুতি সম্পূর্ণ কৰিছে ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলে। নাট্যপ্ৰেমী ৰাইজৰ মৰম আৰু আশীর্বাদ বিচাৰি  ২১-২২ নাট্যবৰ্ষত নাট্যদলটোৱে নিবেদন কৰিব ঋষি(ৰিংকু) কলিতাৰ ৰচিত নাট “অৱতাৰ” যত অভিনয় কৰিব অভিনেতা কেশৱ ডেকা, অচ্যুত পাটোৱাৰী, কমল ৰঞ্জন কাশ্যপ, জয়ন্ত বৰ্মন, সুমন ভৰদ্বাজ, অবিনাশ লহকৰ অভিনেত্রী ববী পৰ্ণা, হিমাক্ষী নুপুৰ দাস আৰু দময়ন্তী দাসে। আনহাতে নৃত্য শিল্পী হিচাপে থাকিব ৰক্তিম তালুকদাৰ, মনজিত বৰ্মন আৰু অবিনাশ লহকৰ। ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ সংগীত আৰু নাট পৰিচালনা কৰিব পি জে প্ৰিন্স আৰু সুমন ভৰদ্বাজে তদুপৰি নৃত্য পৰিচালনা কৰিব ৰাকেশ বড়োৱে আৰু পোহৰ কুলেন দাসৰ। প্ৰযোজকে জনোৱা মতে অহা ৯ ছেপ্টেম্বৰ বৃহস্পতিবাৰে নাট্যদলটোৱে আখৰা শুভাৰম্ভ কৰিব। উল্লেখ্য যে ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ মূখ্য পৃষ্ঠপোষক নকুল তালুকদাৰ আৰু উপদেষ্টা সুবোধ তামুলী। সমূহ নাট্যপ্ৰেমী ৰাইজৰ সহযোগিতা কামনা কৰিছে নাট্যদলটোৰ প্ৰযোজক শিল্পী কলাকুশলী সকলে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here