Home Main Stories অসমৰ ভিতৰত স্বচ্ছ ও পৰিষ্কাৰ গাঁও গোৱালপাৰাৰ ৰাংচাপাৰাত বৰদিন উৎযাপন

অসমৰ ভিতৰত স্বচ্ছ ও পৰিষ্কাৰ গাঁও গোৱালপাৰাৰ ৰাংচাপাৰাত বৰদিন উৎযাপন

309
0

গণ বাৰ্তা, গোৱালপাৰা ২৫ ডিচেম্বৰ: সমগ্ৰ বিশ্বৰ লগতে গোৱালপাৰা জিলাতো পবিত্ৰ বৰদিন উৎযাপন কৰা হয়। খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক সকলৰ পৱিত্ৰ বৰদিনক কেন্দ্ৰ জিলা খনৰ চাৰিওফালে উখল মাখল পৰিবেশ বিৰাজ কৰা পৰিলক্ষিত হয়। গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক সকলে উলহ মালহেৰে বৰদিন উৎযাপন কৰে।একেদৰে অসমৰ প্ৰথম পৰিস্কাৰ আৰু স্বচ্ছ গাঁও গোৱালপাৰা জিলাৰ ৰাংচাপাৰাতো বৰদিন পালনৰ ব্যাপক উৎসাহ দেখিবলৈ পোৱা যায়। বৰদিন উপলক্ষে গাঁওখনক আৰু অধিক সুন্দৰকৈ সজাই পৰাই তোলা হৈছে। বিভিন্ন আলোক সজ্জাৰে আলোকিত কৰা হৈছে গাঁওখনক। গাঁওখনৰ একমাত্ৰ গীৰ্জা ঘৰো বৰদিন উপলক্ষে সুন্দৰকৈ সজাই পৰাই তোলা হৈছে আৰু ৰাতিপুৱাৰ পৰা গাঁওৰ ৰাইজ ওলাই আহি  যীশুক স্মৰণ কৰি কেৰল গীত পৰিবেশন কৰি দিনৰ ভাগত সমূহীয়া ভাৱে ভোজভাত খাই উৎযাপন কৰিব মেৰী খ্ৰীছমাছ।

ReplyForward

LEAVE A REPLY

Please enter your comment!
Please enter your name here