Home Main Stories হজৰত আজান পীৰ চাহাবৰ স্মৃতি সংৰক্ষণ সমিতিৰ পদক্ষেপ , নামনি অসমত আজান...

হজৰত আজান পীৰ চাহাবৰ স্মৃতি সংৰক্ষণ সমিতিৰ পদক্ষেপ , নামনি অসমত আজান পীৰৰ জীৱনাদৰ্শ প্ৰচাৰত গুৰুত্ব

92
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৩ মে’ ঃ উজনি অসমত আজানপীৰৰ জীৱনাদৰ্শ আৰু অৱদানক লৈ যিদৰে চৰ্চা হৈছে, নামনি অসমত আজানপীৰ সন্দৰ্ভত চৰ্চা তেনেই সীমিত৷ সেয়ে সুদূৰ পাৰস্যৰ পৰা অহা আজানপীৰে অসমীয়া সমাজ জীৱনত বিয়পোৱা সম্প্ৰীতিৰ বাৰ্তা নামনি অসমত বিয়পাই দিয়াৰ এক উদ্যোগ গ্ৰহণ কৰিছে হজৰত আজানপীৰ চাহাবৰ স্মৃতি সংৰক্ষণ সমিতিয়ে৷ আল আমিন জনকল্যাণ সমাজ, অসম চিভিল ছ’চাইটী আৰু ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটীৰ উদ্যোগত গঠিত হজৰত আজানপীৰ চাহেবৰ স্মৃতি সংৰক্ষণ সমিতিৰ আজি ছয়মাইলত এক বৈঠক অনুষ্ঠিত হয়৷ উক্ত বৈঠকত উল্লিখিত সংগঠনসমূহৰ নেতৃবৃন্দক লৈ হজৰত আজানপীৰ চাহেবৰ অৱদান, শংকৰ-আজানৰ সম্প্ৰীতিৰ বাৰ্তা, পীৰ চাহাবৰ জীৱনাদৰ্শ আৰু অসমীয়া সমাজ জীৱনত থৈ যোৱা অৱদান নামনি অসমত প্ৰচাৰৰ অৰ্থে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে৷ এই সংগঠনসমূহৰ উদ্যোগত গঠিত স্মৃতি সংৰক্ষণ সমিতিয়ে নামনি অসমত হজৰত আজানপীৰ চাহেবৰ জীৱনাদৰ্শ আৰু অসমীয়া সমাজ জীৱনত আগবঢ়োৱা অৱদান সন্দৰ্ভত জনজাগৰণ অনাৰ প্ৰয়াস কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে৷ উল্লেখ্য যে আজানপীৰ চাহাবক কেন্দ্ৰ কৰি উজনি অসমত যিধৰণেৰে চৰ্চা হয়, যিধৰণেৰে আলোচনা-বিলোচনা হয়, তাৰ তুলনাত নামনি অসমত পীৰগৰাকীৰ চৰ্চা সীমিত পৰিমাণে পৰিলক্ষিত হয়৷ সেয়ে পীৰ চাহাবৰ আদৰ্শ জিকিৰ-জাৰি আৰু অসমীয়া সমাজজীৱনত এৰি থৈ যোৱা অৱদান, সম্প্ৰীতিৰ বাৰ্তা নামনি অসমত প্ৰচাৰৰ অৰ্থে কৰ্মশালা, সভা-সমিতি আৰু আলোচনা-চক্ৰৰ অনুষ্ঠিত কৰিব বুলি আজিৰ সভাই সিদ্ধান্ত গ্ৰহণ কৰে৷ এই সংগঠনসমূহৰ উদ্যোগত উজনি-নামনি, পাহাৰ-ভৈয়াম, বৰাক-ব্ৰহ্মপুত্ৰৰ সকলোতে আজানপীৰ চাহাবৰ আদৰ্শৰাজিৰ ব্যাপক আৰু বহুল প্ৰচাৰৰ উদ্দেশ্যে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে৷ আজিৰ সভাত অৱসৰপ্ৰাপ্ত অতিৰিক্ত আৰক্ষী অধীক্ষক চৈয়দ আব্দুৰ ৰছিদ আহমেদ, অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা লোকনিৰ্মাণ [পথ] চৈয়দ মহম্মদ বাকিৰ, ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেডৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ অপাৰেচন অভিযন্তা চৈয়দ মীৰ মমতাজ হুছেইন, গড়কাপ্টানী [ৰাষ্ট্ৰীয় ঘাইপথ] বিভাগৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা ফাইজুৰ ৰহমান, অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ লেখা অধিকাৰী মহিবুল হুছেইন, জলসম্পদ বিভাগৰ অৱসৰপ্ৰাপ্ত অধীক্ষক অভিযন্তা নজৰুল ইছলাম আৰু ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটীৰ সাধাৰণ সম্পাদক ছাহজাহান তালুকদাৰ উপস্থিত থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here