Home ক্ৰীড়া টি-২০ বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক উইকেট সংগ্ৰহকাৰীৰ শীৰ্ষত ছাকিব

টি-২০ বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক উইকেট সংগ্ৰহকাৰীৰ শীৰ্ষত ছাকিব

57
0

শ্বাৰজাহ, ২৫ অক্টোবৰ:বাংলাদেশৰ তাৰকা অলৰাউণ্ডাৰ ছাকিব আল হাছানে পাকিস্তানৰ প্ৰাক্তন অধিনায়ক শ্বাহিদ আফ্ৰিদীক অতিক্ৰম কৰি টি-২০ বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক উইকেট সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছে৷ ছাকিবে দেওবাৰে ইয়াত শ্ৰীলংকাৰ বিৰুদ্ধে ছুপাৰ ১২ খেলত পাথুম নিচানকাক আউট কৰি এই কৃতিত্ব অৰ্জন কৰিছিল৷ খেলখনৰ পূৰ্বে ছাকিবে ২৮খন মেচত ৩৯ টা উইকেট দখল কৰিছিল ওমানৰ বিৰুদ্ধে ন ৰাণত চাৰিটা উইকেট দখল কৰা ছাকিবে প্ৰথমে নিচানকাক আউট কৰি আফ্ৰিদিক অতিক্ৰম কৰে আৰু তাৰ পিছত আবিষ্কা ফাৰ্নাণ্ডো হিচাপে তেওঁৰ ৪১ তম উইকেট দখল কৰে৷ আফ্ৰিদীয়ে ৩৪ খন মেচত ৩৯টা উইকেট দখল কৰিছে৷ ছাকিবে টি-২০ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সৰ্বাধিক উইকেট সংগ্ৰহকাৰীৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here