Home নগাঁও ৰূপহীহাটত ভয়ংকৰ পথ দূৰ্ঘটনা ; প্ৰধান শিক্ষক ৰফিকুল ইছলামৰ...

ৰূপহীহাটত ভয়ংকৰ পথ দূৰ্ঘটনা ; প্ৰধান শিক্ষক ৰফিকুল ইছলামৰ মৃত্যুত গভীৰ শোকৰ ছাঁ!

220
0

গণবাৰ্তা/ চিলঙণী/ ০২ নবেম্বৰ/ ২০২১ : নগাঁও জিলাৰ ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত ৰূপহী কলেজ ৰোডত যোৱা নিশা এক ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয় ৷ দুই বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলত গুৰুতৰ বাবে আহত হয় গেৰুৱা ছলছলিৰ বিলপাৰ এল , পি স্কুলৰ প্ৰধান শিক্ষক ৰফিকুল ইছলাম ৷ শিক্ষক ৰফিকুল ইছলামক ৰাইজৰ তৎপৰাত উদ্ধাৰ কৰি অতি সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে নগাঁওলৈ প্ৰেৰণ কৰে যদিও আজি  শিক্ষকজনৰ মৃত্যু হয় ৷ শিক্ষক ৰফিকুল ইছলামৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ ৰূপহী অঞ্চলজুৰি শোকৰ বন্যা কঢ়িয়াই আনিছে ৷আনপিনে শিক্ষক ৰফিকুল ইছলামৰ লগত বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলত জ্ঞান বিকাশ বিদ্যাপীঠৰ দশম শ্ৰেণীৰ ছাত্ৰ মাছুম আহমেদ নামৰ মেধাৱী ছাত্ৰজনৰ অৱস্থাও অতি সংকটজনক বুলি জানিব পৰা গৈছে ৷বৰ্তমান  অতি সংকটজনক অৱস্থাত থকা ছাত্ৰজনক গুৱাহাটী জিএমচিত চিকিৎসা প্ৰদান কৰি থকা হৈছে !

LEAVE A REPLY

Please enter your comment!
Please enter your name here