Home Main Stories নদুৱাৰ আটছাৰ ক’ৰোণা সজাগতা কাৰ্যসূচী : বাগিচাই বাগিচাই আটছা কৰ্মীৰ স্বাস্থ্য সজাগতা...

নদুৱাৰ আটছাৰ ক’ৰোণা সজাগতা কাৰ্যসূচী : বাগিচাই বাগিচাই আটছা কৰ্মীৰ স্বাস্থ্য সজাগতা আৰু মাস্ক বিতৰণ

29
0

গণ বাৰ্তা,ইটাখোলা, ২০ মেঃ সম্প্ৰতি ক’ৰোণা মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণত সংকিত চাহ বাগিচা অঞ্চল।সেই হেতুকে বিশ্বনাথ জিলাৰ নদুৱাৰৰ বৃহৎৰ দিকৰাই চাহ বাগিচাত কালি নদুৱাৰ শাখা আটছাৰ উদ্যোগত ক’ৰোণা সজাগতা সৃষ্টি আৰু একোটাকৈ মাস্ক বিতৰণ কাৰ্যসূচী আৰম্ভ কৰে।আটছাৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক মিন্টু ভুমিজ, বিশ্বনাথ জিলা আটছাৰ শিক্ষাও সাহিত্য সম্পাদক অবিনাশ ৰাজৱাৰ আৰু নদুৱাৰ শাখা আটছাৰ ভাৰপ্ৰাপ্ত সভাপতি ৰাধেশ্যাম তাঁ‌তীৰ নেতৃত্ব লোৱা সজাগতা কাৰ্যসূচীত মনাই আৰু নতুন মনাই চাহ বাগিচাত সহস্ৰাধিক চাহ শ্ৰমিক ৰাইজক ক’ৰোণা সংক্ৰমণৰ পৰা বাচিবলৈ সজাগ কৰাৰ লগতে প্ৰত্যেককে একোটাকৈ মাস্ক প্ৰদান কৰে। উল্লেখ্য যে সমগ্ৰ দেশৰ লগতে ৰাজ্যখনতো ক’ৰোণা মহামাৰীয়ে মৃত্যুৰ বিভিষিকা সৃষ্টিৰ পৰিস্থিতিত ৰাজ্যৰ স্বাস্থ্য বিভাগ আৰু প্ৰশাসনে সঘনাই ক’ৰোণা বিধি সলনি কৰি ন ন বিধি জাৰি কৰি আহিছে। ইয়াৰ মাজতে বিভিন্ন প্ৰান্তত এচাম চৰকাৰী নিয়ম নীতি উলংঘন কাৰী লোকে চৰকাৰী বিধি উলংগা কৰি আৰক্ষীৰ লাঠিৰ মাৰ খাবলগীয়াত পৰিছে। ইপিনে ৰাজ্যত মিনি লকডাউনৰ ফলত পুৱা বেলাৰ পৰাই সৰ্বসাধাৰণ ৰাইজৰ জনজীৱণ ব্যাঘাত কৰি মানৱ সমাজৰ প্ৰত্যাহ্বান হিচাপে ঠিয় দিয়া পৰিলক্ষিত হৈছে। ৰাজ্য চৰকাৰে ইতিমধ্যে বাগিচাঞ্চলত বিশেষ SOP জৰিয়তে কেবাটাও গুৰুত্ব পূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে যদিও ১১ বজাৰ লগে লগে দোকান পোহাৰ বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰাত বাগিচা অঞ্চলৰ ৰাইজে বিমোৰত পৰিছে। একাংশ কোম্পানীৰ অধীনস্থ চাহ বাগিছা তথা মালিক সকল ক’ভিড-১৯ দ্বিতীয়টো ঢৌত ইতিমধ্যে উজনি অসমৰ বাগিছা সমুহত এই ৰোগৰ সংক্ৰমণত লোক আক্ৰান্ত হোৱা লগে লগে চাহ শ্ৰমিক লোকক এই ৰোগৰ পৰা বাচিবলৈ বাগিছাৰ সকলো স্তৰতেই সজাগতা আৰু সৰ্তকতা কৰা দেখা গৈছে আটছাই। দিকৰাই চাহ বাগিচাৰ মূখ্য পৰিচালক কুলজিৎ বৰাৰ উপস্থিতিত দূপৰীয়া চাহ শ্ৰমিক সকল আহাৰ খোৱাৰ অন্তত আটছা কৰ্মিসকলৰ লগতে স্থানীয় শিক্ষক বিজেন তাঁ‌তী, নদুৱাৰ শাখা আটছাৰ উপ-সভাপতি লক্ষীনাথ ভূঞা,দিকৰাই উপ-শাখা আটছাৰ সভাপতি ভগত তাঁ‌তীয়ে আৰু নদুৱাৰ শাখা আটছাৰ কাৰ্যনিৰ্বাহক সদস্য অৰুন গোৱালাই চাহ শ্ৰমিক সকলক ক’ভিড সম্পৰ্কীয় লবলগীয়া সাৱধানতাৰ বিষয়ে বক্তব্য ৰাখে। ইয়াৰ উপৰিও বাগিচা অঞ্চলত চাহ শ্ৰমিক সকল পুৱাই বাগিচালৈ ওলাই গৈ বিয়লি চাৰি বজাত ঘৰ সোমাই যাৱতীয় প্ৰয়োজনীয় সা-সামগ্ৰী যোগান পোৱা,তথা বহিঃৰাজ্যৰ পৰা অহা তথা ক’ভিড আক্ৰান্ত ৰোগীৰ পৰিয়ালক হোম কোৱাৰেন্টাইন কৰাত হোৱা সমস্যা সম্পৰ্কে বাগিচা কৰ্তৃপক্ষৰ লগত আলোচনা কৰে। ৰাজ্যখনৰ লগতে বিশ্বনাথ জিলা আৰু ন-দুৱাৰ অঞ্চলত ক’ৰোণাৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত আটছাৰ তৎপৰতাৰে লোৱা কাৰ্যসূচীত বিশেষকৈ দিকৰই উপ-শাখাৰ সম্পাদক দয়াল তচা,বিত্ত সম্পাদক কেশৱ ভুমিজ,সদস্য নন্দু তচা,বিশাল পাইকসহ কেইবাগৰাকী আটছা কৰ্মী উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here