Home অসম অসমত নতুনকৈ ৭খন কেন্সাৰ হাস্পতাল স্থাপন হ’ব : নগাঁৱত স্বাস্থ্যমন্ত্ৰী কেশৱ...

অসমত নতুনকৈ ৭খন কেন্সাৰ হাস্পতাল স্থাপন হ’ব : নগাঁৱত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

164
0

ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ২৬ মাৰ্চ ঃ “অসমত নতুনকৈ ৭খন কেন্সাৰ হাস্পতাল স্থাপন কৰা হ’ব। ইয়াৰে এখন নগাঁৱতো স্থাপন কৰা হ’ব।”— এই মন্তব্য স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় চৌহদত ২২খন বিছনাযুক্ত আই চি ইউ আৰু ৩০খন অক্সিজেন সুবিধাযুক্ত কক্ষৰ শুভ উদ্বোধন কৰি দিয়া ভাষণ প্ৰসংগত স্বাস্থ্যমন্ত্ৰীজনে কয় যে নগাঁও কেন্সাৰ হাস্পতালৰ কাম এবছৰৰ ভিতৰত আৰম্ভ হ’ব। লগতে তেওঁ কয়— চিকিৎসা মহাবিদ্যালয়ৰ কেৱল ঘৰ বনাই থ’লেই নহ’ব। শ্ৰেণীসমূহ আৰম্ভ কৰিব লাগিব। সেই অনুযায়ী অধ্যাপক নিযুক্তি দিব লাগিব। সেয়ে চিকিৎসা মহাবিদ্যালয়সমূহ আমি পৰ্যায়ক্ৰমেহে আৰম্ভ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। নগাঁও চিকিৎসা মহাবিদ্যালয়খনো আমি ২০২৩-২৪ চনৰ ভিতৰত আৰম্ভ কৰিব পাৰিম বুলি আশাবাদী। এই চিকিৎসা মহাবিদ্যালয়খনৰ হাস্পতালৰ সেৱা আগতে আৰম্ভ হ’ব। গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত ছুপাৰ স্পেচিয়েলিটী হাস্পতালৰ কাম আৰম্ভ হৈছে। এইম্‌ছত দ্বিতীয় বৰ্ষৰ কাম আৰম্ভ হৈছে। স্বাস্থ্যমন্ত্ৰীজনে সাংবাদিকৰ আগত কয় যে নগাঁও ভোগেশ্বৰী ফুকননী চিকিৎসালয়ত সুন্দৰভাৱে আৰু অত্যাধুনিক ৰূপত আই চি ইউ কক্ষ আৰু অক্সিজেনৰ সুবিধা থকা বিছনাৰ শুভাৰম্ভ কৰা হৈছে। নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ কাম সম্পূৰ্ণ হোৱাৰ পিছতে আমি পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ যাম।’

তেওঁ কয় যে আমি সোনকালেই নগাঁও ভোগেশ্বৰী ফুকননী চিকিৎসালয়ৰ স্থানত কেন্সাৰ চিকিৎসালয়খন আৰম্ভ কৰিম। নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়খন ম’হঘুলিস্থিত চিকিৎসা মহাবিদ্যালয়ৰ স্থানলৈ যাব। সেই স্থানত চিকিৎসা মহাবিদ্যালয় আৰু অসামৰিক চিকিৎসালয়ৰ কাম একেলগে চলিব। স্বাস্থ্যমন্ত্ৰী মহন্তই অৰ্ধনিৰ্মিত হৈ থকা নগাঁও নাৰ্ছিং স্কুলৰ লগতে আন কেইবাটাও সমস্যা সমাধানৰ স্বাৰ্থত এক মাষ্টৰপ্লে­ন তৈয়াৰ কৰা হৈছে বুলি ঘোষণা কৰে। এই সৰ্ন্দভত কম সময়ৰ ভিতৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগত আলোচনা কৰি তেওঁ পৰামৰ্শ লৈ নগাঁৱৰ মাষ্টৰ প্লে­নৰ কাম শীঘ্ৰেই আৰম্ভ কৰা হ’ব। কভিড-১৯ৰ চতুৰ্থ ঢৌৰ সম্ভাৱনীয়তাৰ কথাও উল্লেখ কৰি ক’ভিড-১৯ৰ চতুৰ্থ ঢৌৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগ সম্পূৰ্ণ সাজু বুলিও মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। উল্লেখযোগ্য যে আজি নগাঁৱত ২২খন বিছনাযুক্ত আই চি ইউ কক্ষ আৰু ৩০খন অক্সিজেনৰ সুবিধা থকা বিছনাৰ কক্ষ উদ্বোধনৰ সময়ত স্বাস্থ্যমন্ত্ৰীজনক নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা নগাঁও জিলা উপায়ুক্ত আৰু স্বাস্থ্য বিভাগৰ বিষয়াসকলে সংগ দিয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here