Home Main Stories এশ শতাংশ ভেকচিনেছনৰ লক্ষ্যলৈ কাৰবি আংলঙত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত : ভেকচিনৰ প্ৰমাণ...

এশ শতাংশ ভেকচিনেছনৰ লক্ষ্যলৈ কাৰবি আংলঙত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত : ভেকচিনৰ প্ৰমাণ পত্ৰ নেদুখুৱালে চৰকাৰী কৰ্চাৰীয়ে লাভ নকৰিব দৰমহা

183
0

গণবাৰ্তা বিশেষ,ডিফু, ১৩ ডিচেম্বৰ : পাহাৰীয়া জিলা কাৰবি আংলঙত ক’ভিড ১৯ ভেকচিনেছন প্ৰক্ৰিয়া ১০০ শতাংশ সম্পূৰ্ণ কৰিবলৈ আজি পাৰ্বত্য জিলাৰ সদৰ চহৰ ডিফুত উপস্থিত হৈছে ৰাজ্য চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত৷ সোমবাৰে পুৱাৰ ভাগত ডিফু উপায়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত জিলাখনৰ স্বাস্থ্য বিভাগ, কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদ, জিলা প্ৰশাসন আৰু বিভাগীয় কৰ্মচাৰী সকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়৷বৈঠকৰ পিছত সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয়যে, ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ৰাজ্যৰ চুকে-কোণে ক’ভিড ১৯ নিৰ্মূলৰ বাবে মেগা ভেকচিনেছন অভিযান আৰম্ভ কৰি প্ৰায় এশ শতাংশ সফলতা লাভ কৰিছে যদিও দুই পাৰ্বত্য জিলা আৰু কৰিমগঞ্জ জিলাত এশ শতাংশ ভেকচিনেছন সম্পন্ন কৰিব পৰা নাই৷সেয়ে, কাৰ্বি আংলঙত পুনৰ বিশেষ ভেকচিন প্ৰদান অভিযান প্ৰস্তুতি লোৱা হৈছে৷ তেওঁ কাৰবি আংলঙত ১০০শতাংশ ভেকচিন প্ৰদান সুনিশ্চিত কৰিবলৈ ডিফুত উপস্থিত হৈছ বুলি কয়৷ মন্ত্ৰী গৰাকীয়ে জনোৱা অনুসৰি কাৰ্বি আংলঙত ১৯২খন গাঁৱতহে সম্পূৰ্ণ হৈছে ১০০শতাংশ ভেকচিন৷আনহাতে ১৭৫ খন গাঁৱত ৯০ শতাংশৰ ওপৰত ভেকচিন প্ৰদান হৈছে৷ ৭৫ খন গাঁৱত হৈছে ৫০শতাংশতকৈ কম ভেকচিন প্ৰদান কৰা হৈছে৷ এইলৈ জিলাখনত ১০০ টা স্বাস্থ্য কৰ্মীৰ দলে বিশেষভাৱে চলাব এই ভেকচিন প্ৰদান অভিযান৷ ইয়াৰ বাবে গাঁৱতে বাহৰ পাতি স্বাস্থ্য কৰ্মীৰ দলে ১০০ শতাংশ ভেকচিন প্ৰদান কৰিব৷ ইতিমধ্যে চুবুৰীয়া জিলাসমূহৰ পৰা চিকিৎসক আৰু স্বাস্থ্য কৰ্মীৰ ৩৭টা দল কাৰ্বি আংলঙত উপস্থিত হৈছে৷ ইয়াৰোপৰি মন্ত্ৰী গৰাকীয়ে অধিক মন্তব্য কৰি কয়যে, দুৰ্গম যাতায়ত আৰু অপপ্ৰচাৰৰ বাবে কাৰ্বি আংলঙত নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ হোৱা নাই ১০০শতাংশ ভেকচিন প্ৰদান৷ লগতে মন্ত্ৰী গৰাকীয়ে আন এক চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰি কয়যে, কাৰ্বি আংলঙৰ বহু চৰকাৰী কৰ্মচাৰী, গাঁওবুঢ়াই গ্ৰহণ কৰা নাই কভিড ভেকচিন৷ মন্ত্ৰী গৰাকীয়ে মানজা স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ এইকথা প্ৰকাশ কৰে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে  সকিয়নী দি কয় যে, ভেকচিন গ্ৰহণৰ প্ৰমাণপত্ৰ নিদিলে চৰকাৰী কৰ্মচাৰীয়ে কোনো দৰমহা লাভ নকৰিব৷ মানজাৰ পাছতেই মন্ত্ৰী গৰাকী ৰাওনা হয় বকলীয়াঘাট, ডকমকা, টুমপ্ৰেং, ডংকামোকাম আদি অঞ্চললৈ ৷তাতো স্বাস্থ্য কৰ্মী,গাঁওবুঢ়া,স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰিব মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here