Home Main Stories চিকিৎসা মহাবিদ্যালয়লৈ অহা ৰোগীক দিয়া হ’ব ক্ষীপ্ৰ চিকিৎসা : জিএমচিএইছৰ ৬১ সংখ্যক...

চিকিৎসা মহাবিদ্যালয়লৈ অহা ৰোগীক দিয়া হ’ব ক্ষীপ্ৰ চিকিৎসা : জিএমচিএইছৰ ৬১ সংখ্যক প্ৰতিষ্ঠা দিৱসত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

91
0



ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২০ ছেপ্টেম্বৰ: ৰাজ্যৰ প্ৰতিখন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ অহা সৰ্বসাধাৰণ ৰাইজক অতি ক্ষিপ্ৰতাৰে চিকিৎসা সেৱা উপলব্ধ কৰোৱাৰ পোষকতা কৰিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ ৬১সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জিএমচিএইচকে ধৰি অসমৰ প্ৰতিখন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়তে এই দিশটো সুনিশ্চিত কৰাত গুৰুত্ব প্ৰদান কৰে৷ ইয়াৰ বাবে প্ৰতিখন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কৰ্তৃপক্ষকে চিকিৎসালয় পৰিচালনা ব্যৱস্থাপনাত প্ৰয়োজনীয় পৰিৱৰ্তন সাধনৰো আহ৩ান জনায় বিভাগীয় মন্ত্ৰীগৰাকীয়ে৷ স্বাস্থ্যমন্ত্ৰী মহন্তই কয়, আমাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়সমূহলৈ চিকিৎসাৰ বাবে অহা সৰ্বসাধাৰণ ৰাইজে যাতে কোনো অসুবিধাৰ সন্মুখীন নোহোৱাকৈ তাৎক্ষণিকভাৱে চিকিৎসা সেৱা লাভ কৰিব পাৰে, সেয়া আমি সুনিশ্চিত কৰিব লাগিব৷ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়লৈ অহা ৰোগী এগৰাকীয়ে চিকিৎসা সেৱাৰ বাবে ইফালৰ পৰা সিফাললৈ দৌৰি থাকিব লগাত পৰে আৰু তেওঁক বহুসময়ত পৰীক্ষা-পাতিৰ বাবে কে’বাদিনো চিকিৎসালয়ৰ এটা বিভাগৰ পৰা আন এটা বিভাগলৈ তাঁত-বাতি কৰোৱাৰ দৰে পৰিস্থিতি আমি দেখিবলৈ পাই আহিছোঁ৷ এই পৰিস্থিতিৰ অৱসান ঘটাই সৰ্বসাধাৰণৰ বাবে ক্ষিপ্ৰ চিকিৎসা সেৱা উপলব্ধ কৰোৱাৰ ব্যৱস্থা আমি কৰিব লাগিব৷ ইতিমধ্যে ৰাজ্য চৰকাৰে এই দিশত বিশেষভাৱে চিন্তা কৰাৰ বিষয়ে ইংগিত দি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে অতিশীঘ্ৰে জিএমচিএইচসহ প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ৰে পৰিচালনা ব্যৱস্থাক অধিক সুসংহত আৰু গতিশীল কৰাৰ বাবে প্ৰয়োজনীয় কাৰ্য পৰিকল্পনা যুগুত কৰি শীঘ্ৰে চৰকাৰৰ ওচৰত দাখিল কৰিবলৈ কেউখন চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষকে দায়িত্ব দিয়া হৈছে৷ অনুষ্ঠানত জিএমচিএইচ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যলৈ প্ৰতিষ্ঠা দিৱস উপলক্ষে অভিনন্দন জ্ঞাপন কৰি স্বাস্থ্যমন্ত্ৰী মহন্তই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে অসমীয়া সুবাস থকা দেশৰ এখন উচ্ছ মানসম্পন্ন চিকিৎসা শিক্ষানুষ্ঠান ৰূপে নিজা এক পৰিচিতি আহৰণ কৰাৰো পোষকতা কৰে৷ ইয়াৰ বাবে এতিয়াৰে পৰাই চিকিৎসা মহাবিদ্যালয় পৰিয়ালৰ অধ্যক্ষ, অধ্যাপক, শিক্ষাৰ্থীকে ধৰি সকলো সদস্যক এতিয়াৰে পৰাই উদ্যোগ ল’বলৈও তেওঁ আহ৩ান জনায়৷ তদুপৰি, দেশৰ আগশাৰীৰ চিকিৎসা শিক্ষানুষ্ঠানসমূহৰ গুণগত মানৰ সৈতে ফেৰ মাৰিব পৰাকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ শৈক্ষিক মান আৰু অধিক উন্নীত কৰাৰ লগতে চিকিৎসা বিজ্ঞানৰ গৱেষণা-কাৰ্যও চলাই যাব পৰাকৈ মহাবিদ্যালয়খনত গৱেষণাৰ শাখা এটাও মুকলি কৰিবলৈ স্বাস্থ্যমন্ত্ৰীয়ে পৰামৰ্শ আগবঢ়ায়৷ প্ৰতিষ্ঠা দিৱসৰ এই অনুষ্ঠানত ৰাজ্যৰ স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেল, আয়ুক্ত সচিব সিদ্ধাৰ্থ সিং, বিশেষ সচিব তথা শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কৃষ্ণ গোহাঁই, চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ কুমাৰ বৰ্মন, স্বাস্থ্যসেৱা সঞ্চালক ডাঃ ৰথীন্দ্ৰ ভূঞা, স্বাস্থ্যসেৱা ‘পৰিয়াল কল্যাণ’ সঞ্চালক মুনীন্দ্ৰনাথ নাটে, এনএইচএমৰ কাৰ্যবাহী সঞ্চালক তথা অতিৰিক্ত চিকিৎসা শিক্ষা সঞ্চালক ডাঃ মনোজ চৌধুৰী, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুৎ বৈশ্যয়ো অংশগ্ৰহণ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here