Home Main Stories চৰকাৰী চিকিৎসালয়ত চিকিৎসকে উপঢৌকন সংগ্ৰহৰ অভিযোগত দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা : চৰকাৰী...

চৰকাৰী চিকিৎসালয়ত চিকিৎসকে উপঢৌকন সংগ্ৰহৰ অভিযোগত দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা : চৰকাৰী চিকিৎসালয়ত হেল্পলাইন কক্ষ স্থাপনৰ আহ্বান ভূক্তভোগীৰ

507
0

গণ বাৰ্তাডুমডুমা,২ জানুৱাৰী: তিনিচুকীয়া জিলাৰ ডুমডুমা এফ আৰ ইউত প্ৰসূতিক সন্তান প্ৰসৱৰ অস্ত্ৰোপচাৰৰ বাৱদ অভিভাৱকসকলে চিকিৎসকক বৃহৎ পৰিমাণৰ ধন আদায় দিব লগা হৈছে বুলি অভিযোগ উত্থাপিত হোৱা বিষয়টোৱে তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জিলাখনৰ অন্যান্য চৰকাৰী চিকিৎসালয়ত অভিভাৱকসকলে সন্তান প্ৰসৱৰ বাৱে চিকিৎসকক উপঢৌকন দিব লগা হোৱা ঘটনাই দৰিদ্ৰ পৰিয়ালৰ প্ৰসূতিসকলক চিন্তিত কৰি তুলিছে৷ ইফালে ডুমডুমা এফ আৰ ইউ ত প্ৰসূতিৰ চ’নগ্ৰাফীৰ সুবিধা থকাৰ স্বত্বেও চিকিৎসালয়খনৰ বিশেষজ্ঞ চিকিৎসক গৰাকীয়ে প্ৰসূতিসকলক ব্যক্তিগত ডাইগ’নোষ্টিক চেন্টাৰত চ’নগ্ৰাফী কৰোৱাই ধন সংগ্ৰহৰ অভিযোগ উঠিছে৷ সুবিধাবাদী চিকিৎসক, স্বাস্থ্যকৰ্মীৰ দ্বাৰা ভূক্তভোগী অভিভাৱকসকলে প্ৰসূতিসকলৰ সমস্যাবোৰ উৰ্ধতম কৰ্তৃপক্ষক পোণপটীয়াভাৱে অভিযোগ দিব পৰাকৈ জিলা পৰ্যায়ৰ সকলো চৰকাৰী চিকিৎসালয়ত টেলিফোন কক্ষ স্থাপনৰ ব্যৱস্থা কৰিবলৈ স্বাস্থ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক আহ্বান জনাইছে ৷চিকিৎসাৰ ক্ষেত্ৰত চৰকাৰী চিকিৎসালয় সমূহত দৰিদ্ৰ ৰোগীয়ে যমৰ যাতনা ভোগ কৰিব লগা হৈছে। ইপিনে, এনে অভিযোগৰ সত্য সত্যতা নিৰূপণ কৰিবলৈ তিনিচুকীয়া জিলাৰ ডুমডুমা এফ আৰ ইউ চিকিৎসালয়ত দণ্ডাধীশ পৰ্যায়ৰ তদন্ত আৰম্ভ হৈছে ৷এক নিৰ্ভৰযোগ্য সুত্ৰই সদৰী কৰামতে তদন্তকাৰী বিষয়া গৰাকীয়ে কোনেও উমঘাম নোপোৱাকৈ চিকিৎসক, নাৰ্চ, স্বাস্থ্যকৰ্মীসকলৰ গতিবিধি নিৰিক্ষণ কৰাৰ উপৰি এফ আৰ ইউখনত সাক্ষাৎ পোৱা একাধিক ৰোগীৰ অভিভাৱক আৰু প্ৰসূতি তথা গৰ্ভৱতী মহিলাসকলক সাক্ষাৎ কৰিছিল৷ নিৰ্ভৰযোগ্য সুত্ৰটোৱে জানিব দিয়া মতে তদন্তকাৰী বিষয়া গৰাকীয়ে বিভিন্ন অনিয়ম ধৰা পেলাইছে আৰু তদন্তকাৰী বিষয়া গৰাকীক এফ আৰ ইউখনত সাক্ষাৎ কৰি ভূক্তভোগী অভিভাৱকে গৰ্ভৱতী মহিলাৰ সন্তান প্ৰসৱৰ অস্ত্ৰোপচাৰৰ বাৱদ চিকিৎসকৰ দ্বাৰা উপঢৌকনৰ সন্মুখীন হোৱাৰ কথাও অৱগত কৰে৷ বিতৰ্কই লগ নেৰা ডুমডুমাৰ এফ আৰ ইউ চিকিৎসালয়ত দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰাত ভূক্তভোগী অভিভাৱকৰ লগতে সাধাৰণ ৰাইজে তিনিচুকীয়া জিলা উপায়ুক্তক শলাগ লৈছে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here