
ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১০ মে’ : অসমৰ পঞ্চদশ মুখ্যমন্ত্ৰী হিচাপে আজি শপত গ্ৰহণ কৰিলে হিমন্ত বিশ্ব শৰ্মাই। কাইলৈ জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ আসনত বহিব হিমন্ত বিশ্ব শৰ্মা আৰু আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী ৰূপে শপত লৈ আজি জনতা ভৱনত প্ৰৱেশ কৰে নৱনিৰ্বাচিত মুখ্যমন্ত্ৰীগৰাকী। উল্লেখ্য যে ৰাজ্যৰ ১৫ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে আজি শপত লয় হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিয়েই প্ৰথমখন সংবাদমেল সম্বোধন কৰি অসমবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰে। নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। আনকি ৰাজ্যত কোৰোনাই যি জটিল ৰূপ ধাৰণ কৰিছে তাৰ পৰা অসমবাসীক সুৰক্ষা দিবলৈ তথা কোৰোনা নিয়ন্ত্ৰণ কৰা, এক লাখ নিবনুৱাক কৰ্মসংস্থাপন, অৰুণোদয় আঁচনিৰ নতুন মাত্ৰা প্ৰদান আৰু অসমক বানমুক্ত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিয়েই নৱনিৰ্বাচিত মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত এইবুলিও ঘোষণা কৰে যে এইখন চৰকাৰ হ’ব ‘প্ৰ’-এক্টিভ’ চৰকাৰ। অসমবাসী ৰাইজে নিশা ১২ বজাতো এই চৰকাৰক পাব আৰু পুৱা ৭ বজাতো এই চৰকাৰক পাব।