Home Main Stories দিছপুৰৰ বাহিৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়খন কেবিনেট বৈঠক:লোকসেৱা আয়োগৰ পৰীক্ষাত অসমীয়া...

দিছপুৰৰ বাহিৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়খন কেবিনেট বৈঠক:লোকসেৱা আয়োগৰ পৰীক্ষাত অসমীয়া -ইংৰাজী ভাষাৰ পৰীক্ষা বাতিলৰ সিদ্ধান্ত

66
0



ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৪ নৱেম্বৰ : মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত দ্বিতীয়বাৰৰ বাবে গুৱাহাটীৰ পৰা নিলগত বঙাইগাঁও জিলাত অসম চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয়৷ বুধবাৰে অনুষ্ঠিত কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ সদৰী কৰে৷ মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰা অনুসৰি বুধবাৰৰ কেবিনেটত ৰাষ্ট্ৰীয় শিক্ষানীতিক অনুকৰণৰ এক বলিষ্ঠ পদক্ষেপ স্বৰূপে অসমৰ শিক্ষা ব্যৱস্থা আৰু পাঠ্যপুথিসমূহক নতুন ৰূপত সজাই তোলাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ আৰম্ভণিৰে পৰা দ্বাদশ শ্ৰেণীলৈ ১৫ টা শিক্ষা বৰ্ষত বিভক্ত শিক্ষা প্ৰণালীৰ প্ৰথম পাছ বৰ্ষক বুনিয়াদী হিচাপে, ইয়াৰ পাছৰ তিনি বৰ্ষক প্ৰস্তুতি পৰ্ব হিচাপে, ইয়াৰ তিনিবৰ্ষ প্ৰাথমিক শিক্ষা বৰ্ষ মধ্যম বৰ্গ হিচাপে আৰু শেষৰ চাৰি বৰ্ষক উচ্ছতৰ মাধ্যমিক হিচাপে চিহ্নিত কৰা হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ ইফালে, অসমৰ সত্ৰসমূহক বেদখলৰ পৰা মুক্ত কৰাৰ স্বাৰ্থত কেবিনেটৰ বৈঠকত সত্ৰসমূহত বেদখলত থকা মাটিৰ হিচাব পৰীক্ষা আৰু ৰাজহুৱা শুনানিৰ বাবে প্ৰাক্তন মন্ত্ৰী প্ৰদীপ হাজৰিকাৰ নেতৃত্বত খুমতাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া আৰু নগাঁও সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাক সদস্য হিচাপে লৈ এখন সমিতি গঠন কৰা হয়৷ এই সমিতিখনৰ এবছৰীয়া কাৰ্যকালৰ বাবে প্ৰদীপ হাজৰিকাক কেবিনেটৰ মৰ্যাদা আৰু বাকী দুজন সদস্যই ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা লাভ কৰিব৷ আনহাতে, বঙাইগাঁৱত বুধবাৰে অনুষ্ঠিত কেবিনেট বৈঠকে পিতৃ-মাতৃ অথবা শহুৰ-শাহুৰ সৈতে সময় অতিবাহিত কৰিবৰ বাবে অহা ৬, ৭, ৮ জানুৱাৰীত সকলো পৰ্যায়ৰ কৰ্মচাৰী তথা প্ৰশাসনিক বিষয়া আৰু মন্ত্ৰীসকলৰ বাবে চৰকাৰে অতিৰিক্ত ছুটী মঞ্জুৰ কৰে৷ পিতৃ-মাতৃ অথবা শহুৰ-শাহু জীৱিত নথকা আৰু তেওঁলোকৰ সৈতে সময় অতিবাহিত কৰিবলৈ নিবিচৰা লোকসকলে এই ছুটী নাপাব৷ উক্ত দিনকেইটাত আৰক্ষী আৰু জৰুৰীকালীন সেৱাৰ ডিউটী থকা লোকসকলে এই ছুটী পৰৱৰ্তী সময়ত ল’ব পাৰিব৷ কেবিনেটৰ বৈঠকৰ আন এক সিদ্ধান্ত অনুসৰি, বীৰ লাচিত বৰফুকনৰ ৪০০ তম জয়ন্তী উপলক্ষে বীৰজনাৰ মহান কৰ্মৰাজিক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলাই তোলাৰ লক্ষ্যৰে এবছৰীয়া গাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচী চৰকাৰে ৰূপায়ণ কৰিব৷ ইয়াৰ বাবে সাংস্কৃতিক বিভাগে বিশেষ দায়িত্ব ল’ব৷ চৰকাৰে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ চাকৰিৰ বাবে তথা চিকিৎসা আৰু অভিযান্ত্ৰিক শিক্ষাৰ বাবে মাতৃভাষাৰ ছাত্ৰ-ছাত্ৰীসকলৰ স্থান লাভৰ সহায়ক হোৱাকৈ এক যুৱ আয়োগ গঠনৰ সিদ্ধান্ত বুধবাৰৰ কেবিনেটত লোৱা হয়৷ এই আয়োগে প্ৰতিখন জিলাৰে ১০০গৰাকীকৈ ছাত্ৰ-ছাত্ৰীক দেশৰ উন্নতমানৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ দ্বাৰা প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব৷ একেদৰে কেবিনেটত বিদেশী বহিষ্কাৰ আন্দোলনত শ্বহীদ হোৱা অথবা ঘুণীয়া হোৱা লোকসকলৰ পৰিয়ালৰ নিৰন্তৰ সহায়ৰ বাবে চৰকাৰে কোটি টকা প্ৰদানেৰে নতুন ন্যাস নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ ‘Trust for welfare for victims of Assam Agitation and their Family’ নামৰ এই ন্যাসত সকলো লোকে দান-বৰঙনি আগবঢ়াব পাৰিব৷ বঙাইগাঁৱত অনুষ্ঠিত বুধবাৰৰ কেবিনেট বৈঠকত অসমৰ খিলঞ্জীয়া লোকসকলে চহৰ অঞ্চলত ভূমি ল’বৰ বাবে সেই ভূমি ২০ বছৰ দখলত থকা বাঞ্ছনীয় আছিল যদিও কেবিনেটে সেই ম্যাদ ১০ বছৰলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ আনহাতে, এতিয়াৰে পৰা ২৫ লাখ টকাৰ ওপৰৰ ক্ৰয়-বিক্ৰয়ৰ সকলো টেণ্ডাৰ ‘ই-টেণ্ডাৰ’ কৰাৰ সিদ্ধান্ত বুধবাৰৰ কেবিনেটত গ্ৰহণ কৰা হয়৷ অৱশ্যে অসমৰ জনজাতীয় কাউন্সিলসমূহ এই সিদ্ধান্তৰ আওতাত নপৰিব৷ ইফালে, কিছুদিন পূৰ্বে অসমৰ পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস কৰা সিদ্ধান্তক বুধবাৰৰ কেবিনেটে অনুমোদন দিয়ে আৰু লগতে সুৰাৰ ওপৰত কিছু পৰিমাণে ৰাজ্যিক কৰ বৃদ্ধিৰ সিদ্ধান্ত কেবিনেটে গ্ৰহণ কৰে ৷ এই সন্দৰ্ভত অবকাৰী বিভাগে পৰৱৰ্তী সময়ত অধিসূচনা জাৰী কৰিব৷ অন্যহাতে ৰাজ্য চৰকাৰৰ অধীনত চিকিৎসা সেৱা আগবঢ়োৱা চিকিৎসকসকলৰ স্নাতকোত্তৰ শিক্ষাৰ বাবে পূৰ্বৰ ২৩খন সংৰক্ষিত আসনৰ পৰিমাণ ৪০খনলৈ বৃদ্ধিৰ বাবে বুধবাৰৰ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ ইয়াৰ লগতে বিভিন্ন পৰ্যায়ত অসমৰ মেডিকেল কলেজত চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ শিক্ষা লাভ কৰা চিকিৎসকসকলে যাতে অসমতে চাকৰি কৰিব পাৰে তাৰ বাবে কিছু ব্যৱস্থা হাতত লোৱা হয়৷ কেবিনেটৰ বৈঠকত অসম লোকসেৱা আয়োগ তথা এ পি এছ চিৰ পৰীক্ষা সন্দৰ্ভতো এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে৷ সেই অনুসৰি এ পি এছ বা এ পি এছ চিৰ পৰীক্ষাৰ বাবে বাধ্যতামূলক অসমীয়া আৰু ইংৰাজী বিষয় এতিয়াৰে পৰা এই পৰীক্ষাত নাথাকিব৷ তাৰ পৰিৱৰ্তে এতিয়াৰে পৰা এই পৰীক্ষাত আবেদনকাৰী অসমৰ স্থানীয় বাসিন্দা হ’ব লাগিব৷ অসমৰ নিয়োগ বিনিময় কেন্দ্ৰত নাম পঞ্জীয়ন থাকিব লাগিব আৰু তেওঁলোকে অসমীয়া, অসমৰ সহযোগী ৰাজ্যিক ভাষা বা অসমৰ জনজাতীয় ভাষা যিকোনো এটা ভাষা সলসলীয়াকৈ ক’ব পৰা হ’ব লাগিব৷ ইফালে, অসম মালা আঁচনিৰ অধীনত মাটি অধিগ্ৰহণ কৰিলে মাটিৰ পট্টা নাথাকিলেও দখলীকৃত মাটিৰ গৰাকীয়ে ক্ষতিপূৰণ লাভ কৰিব বুলি আন এক সিদ্ধান্ত গ্ৰহণ কৰে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰা অনুসৰি বুধবাৰৰ কেবিনেটে অসম আৰক্ষীৰ কমাণ্ডো বেটেলিয়ানৰ নিয়োগ নীতিত অনুমোদন জনায় এই নীতি অনুসৰি কমাণ্ডোৰ জোৱানসকলৰ নিযুক্তি প্ৰক্ৰিয়া আৰু শাৰীৰিক পৰীক্ষা সাধাৰণ জোৱানসকলতকৈ কঠিন হ’ব৷ ১৮১ পৰা ২১ বছৰৰ যুৱক-যুৱতীয়ে এই পদৰ বাবে আবেদন কৰিব পাৰিব৷ একেদৰে ‘UDAN’ আঁচনিৰ বহিৰ্ভূত অসমৰ এয়াৰপোৰ্টসমূহত অসমৰ ভিতৰতে সেৱা আগবঢ়োৱা বিমানসমূহৰ Aviation Turbine Fuelৰ VAT ২৩.প্ত শতাংশৰ পৰা ৰ শতাংশলৈ হ্ৰাস কৰি UDAN আঁচনিৰ সমান কৰা হয়৷ ইয়াৰ ফলত কম মূল্যত সাধাৰণ লোকে বিমান সেৱা লাভ কৰিব পাৰিব৷ গুৱাহাটীৰ বাহিৰত দ্বিতীয়বাৰৰ অনুষ্ঠিত বঙাইগাঁও কেবিনেটৰ বৈঠকত বঙাইগাঁৱৰ বাবে বিশেষ কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ সেই অনুসৰি, চৰকাৰে কিছুদিন পূৰ্বে ৬খন মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ বুধবাৰে ইয়াৰ লগতে সপ্তমখন বঙাইগাঁও মহাবিদ্যালয়ক তিনি বছৰৰ ভিতৰত বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰৰ সিদ্ধান্ত কেবিনেটে গ্ৰহণ কৰে৷ আন এক সিদ্ধান্ত অনুসৰি, বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণৰ কাম আগন্তুক মাহ ভিতৰত আৰম্ভ হ’ব৷ ইয়াৰ বাবে ইতিমধ্যে নাবাৰ্ডৰ পৰা প্ৰায় ৫৫০ কোটি টকাৰ অনুমোদন পোৱা হৈছে বুলিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে৷ একেদৰে বঙাইগাঁৱত নতুন সংযুক্ত উপায়ুক্ত কাৰ্যালয় নিৰ্মাণৰ বাবে ৫০ কোটি টকা আৰু বঙাইগাঁৱত এখন ষ্টেডিয়াম নিৰ্মাণৰ বাবে ২৫ কোটি টকাৰ কেবিনেটে অনুমোদন জনায়:

LEAVE A REPLY

Please enter your comment!
Please enter your name here