Home ৰাজনীতি ৰাজ্যৰ দ্বিগজ ৰাজনীতিবিদ তথা প্ৰবীন বাওঁপন্থী নেতা হেমেন দাসৰ ৯২ সংখ্যক ওপজাদিন

ৰাজ্যৰ দ্বিগজ ৰাজনীতিবিদ তথা প্ৰবীন বাওঁপন্থী নেতা হেমেন দাসৰ ৯২ সংখ্যক ওপজাদিন

593
0

গন বাৰ্তা, সৰভোগ, ২মাৰ্চঃ– মূল্যবোধৰ ৰাজনীতিত বিশ্বাসী, ৰাজ্যৰ দ্বিগজ ৰাজনীতিবিদ, প্ৰবীন বাওঁপন্থী নেতা হেমেন দাসৰ আজি ওপজা দিন। আজীৱন কৃষক সংগ্ৰামৰে যুক্ত, ৰাজ্যৰ বাওঁপন্থীৰ আন্দোলনৰ গুৰিধৰোঁতা, বিশিষ্ট সাহিত্যিক তথা প্ৰাক্তন বিধায়ক হেমেন দাসে আজি ৯২ বছৰত ভৰি দিছে। সৰভোগ সমষ্টিৰ পৰা অসম বিধানসভালৈ চাৰিবাৰকৈ প্ৰতিনিধিত্ব কৰা, প্ৰতিবাদী কন্ঠ, বিশিষ্ট লেখক, ঔপন্যাসিক, শিক্ষক হেমেন দাসে আজি বিগত ৯১ বছৰ অতিক্ৰম কৰি ৯২ বছৰত ভৰি দিছে। আজিও তৰুণ হৈ থকা ৯২ বছৰীয়া এইগৰাকী প্ৰবীন বামপন্থী নেতা হেমেন দাসৰ জন্ম হৈছিল ১৯৩১ চনৰ ২ মাৰ্চত সৰভোগৰ ধৰ্মপুৰ গাঁৱত। ১৯৪৯ চনত হোৱা প্ৰবল গৰাখহনীয়াৰ পাছত তেওঁৰ পৰিয়ালে দক্ষিণ গনকগাড়ীলৈ উঠি আহে।  খাটি খোৱা মানুহৰ চিন্তাত মগ্ন হেমেন দাসে ৰহা প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰি ১৯৪৫ চনত বৰনগৰ জুৰোৰাম পাঠক উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত নামভৰ্তি কৰি ১৯৫৩-ত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ বৰপেটাৰ মাধব চৌধুৰী মহাবিদ্যালয়ৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰে। ইয়াৰ পিছতেই তেখেতে অসমৰ বিভিন্ন স্থানত শিক্ষকতা কৰে। শিক্ষকতা জীৱন এৰি তেওঁ সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰে। এই গৰাকী প্ৰবীন বাওঁপন্থী নেতাক আজি সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ লগতে বিধায়ক গৰাকীয়ে  তেওঁৰ সু-স্বাস্থ্য কামনা কৰাৰ লগতে শতায়ু গৰকাৰ আশা কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here