Home অসম ইতিহাসবিদ ডঃ সৃষ্টিধৰ দত্তৰ দেহাৱসান

ইতিহাসবিদ ডঃ সৃষ্টিধৰ দত্তৰ দেহাৱসান

78
0


গণ বাৰ্তা বিশেষ, ডিব্ৰুগড়, ২০ জুন ঃ অসম তথা উত্তৰ- পূৰ্বাঞ্চলৰে এগৰাকী ইতিহাসবিদ, অসমৰ অন্যতম প্ৰাচীন ভূমিপুত্ৰ মটক জনগোষ্ঠীৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ, গৱেষক, বুৰঞ্জীবিদ, অৰুণাচল প্ৰদেশৰ ইতিহাস, সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক ইতিহাসলৈ অনবদ্য বৰঙণি আগবঢ়াই থৈ যোৱা তথা উত্তৰ-পূব বুৰঞ্জী সন্মিলন, ভাৰতীয় বুৰঞ্জী কংগ্ৰেছৰ প্ৰাক্তন সভাপতি, আজীৱন সদস্য, অসম চৰকাৰে মনোনীত কৰা অসম চুক্তি ৰূপায়ণ কমিটীৰ এগৰাকী সক্ৰিয় সদস্য, বৃহত্তৰ মদাৰখাত মৌজা অঞ্চলৰ প্ৰথমগৰাকী ডক্টৰেট ডিগ্ৰীধাৰী ড॰ সৃষ্টিধৰ দত্তৰ মগজুৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ এখন বেচৰকাৰী চিকিৎসালয়ত দেহাৱসান ঘটে৷ ১৯৪৫ চনৰ ৰ ফেব্ৰুৱাৰীত ডিব্ৰুগড় জিলা লাহোৱাল বিধানসভা সমষ্টিৰ মদাৰখাত মৌজাৰ অন্তৰ্গত হাটখোলা গাঁৱত জন্ম হৈছিল৷ প্ৰয়াত বুদ্ধেশ্বৰ দত্ত আৰু জয়ন্তী দত্তৰ তৃতীয় সন্তান সৃষ্টিধৰ দত্তই বৃহত্তৰ অঞ্চলটোৰ প্ৰথমখন প্ৰাথমিক বিদ্যালয় ৰনং মদাৰখাত প্ৰাথমিক বিদ্যালয়ত জীৱনৰ আদিপাঠ গ্ৰহণ কৰা পাছত মদাৰখাত সীতাৰাম চৌখানি উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তৰ্ীণ হয়৷ উজনি অসমৰ দ্বিতীয়খন উচ্ছ শিক্ষনুষ্ঠান ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ পৰা আই এ আৰু বুৰঞ্জী বিষয়ক মুখ্য বিষয় হিচাপে স্নাতক ডিগ্ৰী লাভ কৰে৷ ১৯৬৬ চনত উত্তৰ-পূবৰ প্ৰথমখন বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বুৰঞ্জী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত কৰ্মজীৱনৰ আৰম্ভ কৰে৷ ঘৰুৱা আৰ্থিক অৱস্থা ভাল নোহোৱা বাবে জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা সূৰ্য উঠা দেশ অৰুণাচলৰ পাচিঘাত মহাবিদ্যালয়ত যোগদান কৰে৷ পৰৱৰ্তী সময়ত জৱাহৰলাল নেহৰু মহাবিদ্যালয়ত যোগদান কৰে আৰু অৰুণাচলত স্থাপন কৰা আৰু এইক্ষেত্ৰত ড॰ সৃষ্টিধৰ দত্তকে প্ৰমুখ্য কৰি শিক্ষাবিদসকলে প্ৰথমখন বিশ্ববিদ্যালয় স্থাপনত গুৰু দায়িত্ব গ্ৰহণ কৰিছিল৷ ড॰ দত্তই বিশ্ববিদ্যালয়খন কেন্দ্ৰীয় বিশ্ববিদ্যালয় ৰূপে গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাই নহয়, এইখন বিশ্ববিদ্যালয়ৰ পৰা জ্যেষ্ঠ অধ্যাপক তথা সমাজ শাস্ত্ৰ বিভাগৰ কলাগুৰু [ডীন] হিচাপে সফলতাৰে ২০০৭ চনত অৱসৰ গ্ৰহণ কৰে৷ ইতিহাসবিদ, শিক্ষাবিদ ড॰ সৃষ্টিধৰ দত্তই ওৰেটো জীৱন অৰুণাচলতে শিক্ষকতা বৃত্তিত নিয়োজিত হৈ সফলতাৰে কৰ্মজীৱন সম্পাদন কৰাৰ ফলতে ৰাজ্যখনৰ ইতিহাস, সামাজিক, ৰাজনৈতিক বুৰঞ্জীয়ে নতুন যুগৰ সূচনা কৰিবলৈ সক্ষম হয়৷ দেশৰ এগৰাকী আগশাৰীৰ ইতিহাসবিদ হিচাপে পৰিচিত ড॰ সৃষ্টিধৰ দত্তই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ আসনৰ অধ্যাপক ড॰ স্বৰ্ণলতা বৰুৱাৰ তত্ত্বাৱধানত ‘The Kayak and their kingdom’ শীৰ্ষক বিষয়ক গৱেষণা কৰি সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে৷ তেখেতে অৰুণাচলত শিক্ষাৱৰ্তী হৈ থকা হেতু অধিকাংশই অৰুণাচলৰ বুৰঞ্জী সন্দৰ্ভত প্ৰকাশিত৷ তেওঁ ৰচনা কৰা গ্ৰন্থসমূহৰ ভিতৰত The Matak and their kingdom, The Kayaks the Moran’ব্দ and the Moamoria Rebellion, Student Movements in Arunachal Pradesh, History and histoygraphy of Arunachal Pradesh, Buddhism in Arunachal Pradesh,The Problem of Internally displaced person and Refugees in the North East India, Cross Border Trade of North East India, Religious History of Arunachal Pradesh, Martial Traditions of North East India, Sources of the History of Arunachl Pradesh, Resistance Movement in North East India,Mayamara Vaisnavism to Moamoria Rebellion,মটক মায়ামৰা আৰু অন্যান্য, অনিৰুদ্ধবীক্ষণকে ধৰি বহুসংখ্যক গৱেষণামূলক গ্ৰন্থ, সম্পাদনা গ্ৰন্থ ৰচনা কৰাৰ লগতে দেশ-বিদেশৰ গৱেষণামূলক আলোচনীত শতাধিক প্ৰবন্ধ প্ৰকাশ কৰি এগৰাকী ইতিহাসবিদ, সৃষ্টিশীল লেখক হিচাপে বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল৷ ভাৰতীয় বুৰঞ্জী কংগ্ৰেছ, উত্তৰ-পূব ভাৰত বুৰঞ্জী সন্মিলনৰ সভাপতি, বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ ৰাষ্ট্ৰীয় পৰ্যৱেক্ষণ আৰু মূল্যায়ন পৰিষদৰ চমুকৈ নাকৰ সদস্য হিচাপে দেশৰ কে’বাখনো ৰাজ্যৰ বিশ্ববিদ্যালয়ৰ পৰিদৰ্শন, ভাৰতীয় বুৰঞ্জী গৱেষণা পৰিষদ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ আসনৰ উপদেষ্টা সমিতি সদস্য, ভাৰত চৰকাৰৰ পুৰাতত্ত্ব বিভাগ, উত্তৰ-পূবৰ প্ৰায় আটাইকেইখন বিশ্ববিদ্যালয়ৰ বিভিন্ন পদৰ সদস্য হিচাপে দায়িত্ব পালন কৰা লগতে নাহৰকটীয়া মহাবিদ্যালয়, বৰ্তমান টেঙাখাত মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি, ডিব্ৰুগড় মনোহাৰি মহিলা মহাবিদ্যালয়ৰ সদস্য, ডিব্ৰুগড় নাগৰিক সংঘ, জ্যেষ্ঠ নাগৰিক সন্মিলনৰ ৰাজ্যিক উপ-সভাপতি, অসম সত্ৰ মহাসভা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উচ্ছস্তৰীয় কমিটীৰ সদস্য, কটন বিশ্ববিদ্যালয়ৰ একাডেমিক কাউন্সিলৰ সদস্য, ঐতিহাসিক শ্ৰীশ্ৰী মায়ামৰা মদাৰখাত সত্ৰ উন্নয়ন সমিতিৰ সভাপতি, ডিব্ৰুগড় বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি, অৰুণাচল প্ৰদেশৰ বিবেকানন্দ অনুষ্ঠানৰ লগতে অলেখ অনুষ্ঠান-প্ৰতিষ্ঠানৰ দায়িত্ব সূচাৰুপে পৰিচালনা কৰাৰ লগতে কাৰ্যনিৰ্বাহ কৰি আছে৷ ইতিহাসবিদ ড॰ সৃষ্টিধৰ দত্তই অসম সাহিত্য সভাৰ আজীৱন সভ্য হোৱাৰ লগতে তিনিচুকীয়া জিলাৰ বৰডুমচাত অনুষ্ঠিত অধিৱেশনৰ বুৰঞ্জী সন্মিলনৰ সভাপতি হিচাপেও কাৰ্যভাৰ পালন কৰিছিল৷ অসম চৰকাৰৰ পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত গঠন কৰি দিয়া অসম চুক্তিৰ ছয় নম্বৰ দফা ৰূপায়ণ সমিতিৰ এগৰাকী সদস্য হিচাপে চৰকাৰৰ দ্বাৰা মনোনীত সদস্য হিচাপে নিজৰ দায়িত্ব দক্ষতাৰে পালন কৰা ড॰ সৃষ্টিধৰ দত্তক শিক্ষা ক্ষেত্ৰখনলৈ অনবদ্য অৱদান আগবঢ়োৱা বাবে অৰুণাচল প্ৰদেশৰ সন্মানীয় Outstanding Pioneer Teacher of Higher Education in Arunachal Pradesh সন্মান, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ আসনৰ পৰা সম্বৰ্ধনা, অসম সত্ৰ মহাসভা, মদাৰখাত মৌজাৰ ফুলামপুৰ গাঁৱৰ অৱগাহন বঁটাকে ধৰি অনেক বঁটা, সন্মান লাভ কৰিছিল৷ এইগৰাকী শিক্ষাবিদে মদাৰখাত বালিকা বিদ্যালয় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল৷ ডিব্ৰুগড় জিলাৰ প্ৰায়বোৰ অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওতপ্ৰোতভাৱে জড়িত হোৱাৰ লগতে ডিব্ৰুগড় জিলা প্ৰশাসনৰ পৰামৰ্শ সমিতিৰো সদস্য আছিল৷ ডিব্ৰুগড় শ্ৰীশ্ৰী অনিৰুদ্ধ সেৱা সমিতিৰ সভাপতি হোৱাৰ লগতে শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি হিচাপে সফলতাৰে নিজৰ দায়িত্ব পালন কৰিছিল৷ ইতিহাসবিদ ড॰ সৃষ্টিধৰ দত্তৰ জীৱিতকালতে তেখেতৰ গুণমুগ্ধই ভূষণজ্যোতি সন্দিকৈ, যাদৱ গগৈৰ সম্পাদনাত দেশ- বিদেশৰ অনুৰাগীসকলৰ লেখনিৰে অন্বেষনৰ পল-অনুপল শিক্ষাবিদ ড॰ সৃষ্টিধৰ দত্তৰ অভিনন্দন গ্ৰন্থ প্ৰকাশ যথোপযুক্ত সন্মান প্ৰদৰ্শন কৰিছিল৷ মৃত্যুৰ সময়ত ড॰ দত্তই অৱসৰপ্ৰাপ্ত অধ্যক্ষা উমা দত্ত, পুত্ৰ-বোৱাৰী, জী-জোঁৱাই, নাতি- নাতিনী, জে্যষ্ঠ ভগ্নী, কনিষ্ঠ ভাতৃ-বোৱাৰী, ভগ্নী জোঁৱাইকে ধৰি বহু আত্মীয় স্বজনক এই সংসাৰত এৰি যায়৷ ড॰ সৃষ্টিধৰ দত্তৰ মৃত্যুত অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব সময় গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে৷ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড॰ নগেন শইকীয়া, পদ্মশ্ৰী প্ৰহ্লাদ চন্দ্ৰ তাছা, অসম পৰ্যটন উদ্যোগ নিগমৰ অধ্যক্ষ তথা লাহোৱাল বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড়, লাহোৱাল, চাবুৱা সমষ্টিৰ বিধায়ক ক্ৰমে– প্ৰশান্ত ফুকন, বিনোদ হাজৰিকা, পোনাকণ বৰুৱা, শ্ৰীশ্ৰী মায়ামৰা মদাৰখাত সত্ৰ, দিনজয় সত্ৰৰ সত্ৰাধিকাৰ বৈষ্ণৱানন্দ গোস্বামী, মুকুন্দানন্দ চন্দ্ৰ গোস্বামী, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ লীলাকান্ত নাথ, পঞ্জীয়ক ড॰ জিতেন হাজৰিকা, শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ আসনৰ প্ৰাধ্যাপক ড॰ জাহ্নৱী গগৈ নাথ, ইতিহাস বিভাগ, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ ডম্বৰুধৰ নাথ, শ্ৰীশ্ৰী অনিৰুদ্ধ সেৱা সমিতি, অসমৰ লনাথ চৌখাম, শ্ৰীশ্ৰী অনিৰুদ্ধ কনিষ্ঠ মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গৰ হৈ অধ্যক্ষ ভূষণজ্যোতি সন্দিকৈ, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয়, জিলা, লাহোৱাল আঞ্চলিক আৰু ডিব্ৰুগড় শাখা সমিতি, সদৌ অসম মটক সন্মিলনৰ সভাপতি চান্দ গোহাঁই, সম্পাদক কিৰণ ৰাজখোৱা, মটক যুৱ-ছাত্ৰ সন্মিলনৰ সভাপতি ৰঞ্জিত গোহাঁই, সম্পাদক স্বৰূপ গোহাঁই, ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি মুকুন্দ গোহাঁই, সম্পাদক ৰিদীপ গগৈ, মটক মহিলা পৰিষদ, মটক স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ ডেভিড চেতিয়া, মদাৰখাত এছ আৰ চি উচ্ছতৰ মাধ্যমিক আৰু মদাৰখাত বালিকা বিদ্যালয়, মদাৰখাত ক্ৰীড়া সন্থা, লাহোৱাল প্ৰেছ ক্লাবৰ সভাপতি মুক্তামণি হাজৰিকা, সম্পাদক লখিন্দৰ কুৰ্মী, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব, ডিব্ৰুগড় প্ৰেছ ক্লাব, অসম সাহিত্য সভা, ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সভাপতি ইন্দ্ৰ গগৈ, মদাৰখাত শাখা সাহিত্য সভাৰ সভাপতি ৰাজু বুঢ়াগোহাঁই, সম্পাদক হৰকান্ত দাস, জে্যষ্ঠ নাগৰিক পৰিষদ, ডিব্ৰুগড় জিলা জ্যেষ্ঠ নাগৰিক সন্মিলন প্ৰমুখ্য কৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠন তথা ব্যক্তিয়ে ড॰ সৃষ্টিধৰ দত্তৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰা লগতে পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here