Home অসম নাৰী দিৱসৰ ঐতিহাসিক প্ৰেক্ষাপট তথা বৰ্তমানৰ অৱস্থা

নাৰী দিৱসৰ ঐতিহাসিক প্ৰেক্ষাপট তথা বৰ্তমানৰ অৱস্থা

556
0


আনিছুৰ ৰহমান, ৮ মাৰ্চ: ৮ মাৰ্চ আন্তৰ্জাতিক নাৰী দিৱস৷ ইতিহাসৰ এক উল্লেখযোগ্য দিন৷ বৰ্তমান সময়ত নানা ৰংচঙীয়া পৰিৱেশৰ মাজৰে দিনটো পালন কৰা হৈছে যদিও এই দিৱসটোৰ তাৎপৰ্য প্ৰায় পাহৰণিৰ গৰ্ভত৷ আন্তৰ্জাতিক নাৰী দিবসৰ ইতিহাস ৰচনা কৰিছিল নাৰী৷ মিকসকলে৷ প্ৰায় দুশ বছৰ আগত শিল্প বিপ্লৱৰ পিছত নাৰীসকল৷ মিক হিছাপে কামত যোগদান আৰম্ভ কৰে৷৷ মিক হিচাপে নাৰীসকল তামাম অমানৱিক আচৰণৰ মুখামুখি হৈছিল৷ কম মজুৰি দি সিহঁতৰ৷ ম ক্ৰয় কৰা হৈছিল৷ কিমান সময় কাম কৰিব সেয়াও নিৰ্ধাৰণ কৰা নাছিল৷ আনকি এনেধৰণৰ কাম দিয়া আছিল যি আছিল পুৰুষৰ সমকক্ষ৷ তাৰ পিছতো সিহঁতৰ মজুৰি আছিল পুৰুষৰ তুলনাত আধা৷ ১৮২০ চনত আমেৰিকা তথা ইংলেণ্ডৰ বিভিন্ন কাৰখানাত অমানৱিক কামৰ পৰিৱেশ, দৰমাহাৰ বৈষম্য তথা নানা নিৰ্যাতনৰ প্ৰতিবাদত নাৰী৷ মিকসকলে ঐক্যবদ্ধভাবে একগোট হৈ ধৰ্মঘটৰ আহ৩ান কৰে৷ একে সময়তে আমেৰিকাত বৰ্ণবাদৰ প্ৰতিবাদতো৷ মিকসকলে আন্দোলন আৰম্ভ কৰে৷ ধাৰাবাহিক এই আন্দোলনৰ ফলত ১৮৪৮ চনত যুক্তৰাষ্ট্ৰৰ পেনছিলভেনিয়াৰ বস্ত্ৰ কাৰখানাত প্ৰায় ৫০০০ নাৰী-পুৰুষ আন্দোলনত অংশ লয়৷ এইদৰে আন্দোলনৰ বীজ সিঁচৰতি হৈ থাকে৷১৮৫৭ চনৰ ৮ মাৰ্চ মাৰ্চত নিউয়ৰ্কৰ চিলাই কাৰখানাৰ নাৰী৷ মিকসকলে উপযুক্ত দৰমহা, কাম কৰাৰ উন্নত পৰিৱেশৰ দাবীত প্ৰতিবাদী আন্দোলনত নামে৷ এই আন্দোলন দমন কৰাৰ বাবে পুগুলীচে সেইদিনা হাজাৰ হাজাৰ নাৰী৷ মিকৰ ওপৰত গুলীবৰ্ষণ কৰে৷ অনুমান কৰা হয়, নাৰী আন্দোলনৰ ইতিহাসত এয়াই আছিল প্ৰথম গুলী চলোৱাৰ ঘটনা৷ গ্ৰেপ্তাৰ কৰা হৈছিল অসংখ্য নাৰী৷ মিকক৷ যাৰ ফলত আন্দোলন আৰু বেছি তীব্ৰ হৈ উঠিছিল৷ ইয়াৰ তিনি বছৰ পিছত ১৮৬০ চনত বেজী কাৰখানাৰ নাৰী৷ মিকসকল সিহতৰ নিজস্ব ইউনিয়ন গঠন কৰে৷ এফালে নাৰী আন্দোলন যেনেকৈ সংগঠিত ৰূপ লয় আনফালে৷ মিক আন্দোলন শক্তিশালী হৈ থাকে৷ সেই ধাৰাবাহিক আন্দোলনৰ ফলতে জন্ম হয় ১৮৮৬ চনৰ ৰ মে’ত৷ মিক দিৱসৰ ইতিহাস৷ ইফালে ১৮৮৮ -৮৯ চনত ইংলেণ্ডৰ দিয়াচলাই কাৰখানাৰ নাৰী৷ মিকসকল আন্দোলন আৰম্ভ কৰে৷ দিয়াচলাই কাৰখানাৰ নাৰী৷ মিকসকলৰ সতে যোগদান কৰে বিস্কুট, কম্বল, পাট তথা আচাৰ কাৰখানাৰ৷ মিকসকল৷ অৰ্থাৎ গোটেই ঊনৈশ শতিকা জুৰি চলি থাকে নাৰী৷ মিকসকলৰ আন্দোলন৷ এইসময়তে ১৮৮৮ চনত ফ্ৰেডৰিখ এংগেলছৰ উদ্যোগত পেৰিছত অনুষ্ঠিত হয় প্ৰথম আন্তৰ্জাতিক৷ মিক সন্মিলন৷ এই সন্মিলনতে জাৰ্মানৰ কমিউনিষ্ট নেত্ৰী ক্লাৰা জেটকিন নাৰী পুৰুষৰ সমান অধিকাৰৰ প্ৰশ্ন উত্থাপন কৰি ভাষণ দিয়ে৷ তেওৰ এই ভাষনত বিশ্বৰ বিভিন্ন দেশৰ নাৰীসকলৰ মাজত বিশেষ আলোড়নৰ সৃষ্টি কৰে৷ ইয়াৰ পিছত ১৯০৭ চনত ষ্টুটগাৰ্ডত প্ৰথম আন্তৰ্জাতিক সন্মিলন অনুষ্ঠিত হয়৷ সন্মিলনত ১৫খন দেশৰ ৫৯জন প্ৰতিনিধি অংশগ্ৰহণ কৰে৷ এই সন্মিলনৰ সিদ্ধান্ত অনুযায়ী একে বছৰতে ‘‘আন্তৰ্জাতিক নাৰী সংস্থা’’ হয় আৰু এই সন্মিলনতে নাৰীসকলৰ ভোটাধিকাৰৰ দাবী সাঙুৰি লয়৷ ইয়াৰ পিছত ১৯০৮ চনৰ ৮ মাৰ্চত আমেৰিকাৰ নিউইৰ্য়কত কাম কৰাৰ সময় হ্ৰাস কৰা, মজুৰি বৃদ্ধি তথা জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৰে ভোটাধিকাৰৰ দাবীত প্ৰায় ১৫.০০০ নাৰী তথা অভিবাসী৷ মিকসকলৰ অংশগ্ৰহণত মিচিল তথা সমাৱেশ অনুষ্ঠিত হয়৷ সিহঁতৰ শ্লোগান আছিল ‘Bread and Roses’৷ ‘Bread’ আছিল সিহঁতৰ অৰ্থনৈতিক নি(য়তাৰ প্ৰতীক আৰু ‘Roses’ আছিল সিহঁতৰ জীৱনৰ মান উন্নয়নৰ প্ৰতীক৷ এই সমাৱেশত বিভিন্ন দেশৰ সমাজতান্ত্ৰিক নাৰী আন্দোলনক অনুপ্ৰানিত কৰিছিল৷ এই দিৱসৰ স্মৰনত ‘ছোছাগুলীষ্ট পাৰ্টী অৱ আমেৰিকা’ ১৯০৯ চনৰ ২৮ ফেব্ৰুৱাৰীত আমেৰিকাজুৰি ‘জাতীয় নাৰী দিৱস’ পালন কৰাৰ কথা ঘোষনা কৰে৷ এই বছৰৰে নভেম্বৰ মাহত ট্ৰায়াঙ্গেল শাৰ্টওয়েছ কাৰখানাৰ৷ মিকসকল ধৰ্মঘট আৰম্ভ কৰে৷ ধৰ্মঘট কৰা৷ মিকৰ ৮০ শতাংশ আছিল নাৰী৷ সিহতৰ এই ধৰ্মঘট ১৯১০ চনৰ ফেব্ৰুৱাৰী পৰ্যন্ত চলে৷ সেইবছৰৰ মে দিৱসত ৬০ হাজাৰ৷ মিক প্ৰতিবাদী সমাৱেশত অংশ লয়৷ এই৷ মিক আন্দোলনত নাৰীৰ অংশগ্ৰহণ বহু পৰিমানে বৃদ্ধি পাইছিল৷ এই উত্তপ্ত পৰিস্থিত ১৯১০ চনৰ আগষ্ট মাহত ক’পেনহেগেনত সমাজতন্ত্ৰীসকলৰ দ্বিতীয় আন্তৰ্জাতিক সন্মিলন অনুষ্ঠিত হয়৷ এই সন্মিলনতে সমাজতন্ত্ৰী নেত্ৰী ক্লাৰা জেটকিন ৮ মাৰ্চ আন্তৰ্জাতিক নাৰী দিৱস পালন কৰাৰ প্ৰস্তাৱ দিয়ে৷ সেই বছৰতে ক’পেনহেগেনত ‘আন্তৰ্জাতিক৷ মজীৱী নাৰীসকলৰ দ্বিতীয় সন্মিলন’ অনুষ্ঠিত হয়৷ এই সন্মিলনত নিউৰ্য়কৰ নাৰী৷ মিকৰ স্বীকৃতি দি ক্লাৰা জেটকিন প্ৰতিবছৰে আন্তৰ্জাতিক নাৰী দিৱস পালনৰ প্ৰস্তাৱ উত্থাপন কৰে৷ লেনিনৰ সমৰ্থনত বেছিভাগ সদস্যই সেই প্ৰস্তাৱৰ সপক্ষে ভোটদান কৰে৷ সন্মিলনত সিন্ধান্ত লোৱা হয় মাৰ্চ মাহৰ যিকোনো এদিন এই দিৱস পালন কৰা হব৷ পিছৰ বছৰ অষ্ট্ৰিয়া, ডেনমাৰ্ক, ছুইজাৰলেণ্ড তথা জাৰ্মানীত প্ৰথমবাৰৰ কাৰণে নাৰী দিৱস পালন কৰা হয়৷ উল্লেখযোগ্য যে ১৯১০ পৰা ১৯১৩ লৈ মাৰ্চৰ যিকোনো দিনত নাৰী দিৱস পালন কৰা হৈছিল৷ কিন্তু ১৯১৪ চনৰ পৰা নিৰ্দিষ্ট কৈ ৮ মাৰ্চ নাৰী দিৱস হিছাপে পালন কৰা হয়৷ পৰবৰ্তীসময়ত ১৯৭৫ চনক জাতিসংগই ‘নাৰী বৰ্ষ’ হিছাপে ঘোষনা কৰে৷ তেতিয়াৰ পৰাই আনুষ্ঠানিকভাৱে জ্জ্ব মাৰ্চক ‘আন্তৰ্জাতিক নাৰী দিৱস’ হিচাপে পালন কৰাৰ কথা ঘোষনা কৰা হয়৷ কিন্তু ইমানৰ পিছতো, এতিয়াও বহু প্ৰশ্নৰ উত্তৰ বাকী আছে৷ নাৰী মুক্তিৰ কথা কোৱা হ’লেও নাৰী সচাকৈয়ে সৰ্বদিশত সমান অধিকাৰ অৰ্জন কৰিব পাৰিছে নে? সকলোতে মহিলাৰ যোগদানৰ কথা কোৱা হৈছে যদিও নাৰীৰ প্ৰকৃত ক্ষমতায়ন কৰা হৈছে কি? প্ৰতক্ষ্য ইয়াৰ উত্তৰ নিদি ইয়াৰ পৰিবৰ্তে এটা উদাহৰন দিয়া যাওক৷ পঞ্চায়ত বা পৌৰসভাত নিৰ্বাচনত ৩৩ শতাংশ নাৰীৰ কাৰণে সংৰক্ষণ কৰা হৈছে যাৰ ফলত পঞ্চায়ত বা পৌৰসভাৰ শীৰ্ষত বহু নাৰী স্থান দখল কৰিছে৷ কিন্তু বাস্তৱত দেখা যায় চিয়াৰত বহিছে এজনী নাৰী কিন্তু তাৰ বিপৰীত দিশত বহি কোনো এজন পুৰুষে যি যি কাগজ দিছে তাত অন্ধৰ দৰে চহী কৰিছে নাৰীগৰাকী৷ সেই পুৰুষজন হয় স্বামী, নহয় দেওৰেক নহয় ভাই নহয় দলীয় কৰ্মী৷ ফলত প্ৰশ্ন হৈছে, নাৰীসকলৰ স্বাধীন ভাবে সিদ্ধান্ত লোৱাৰ ক্ষমতা কৰবাত প্ৰভাবিত হোৱা নাইতো? কেতিয়াবা এনেকোৱা দেখা যায় কোনো পঞ্চায়ত মহিলাৰ বাবে সংৰক্ষন কৰাৰ বাবে নিজে প্ৰতিধন্দিতা কৰিব নোৱাৰা বাবে নিজৰ পত্নীক প্ৰতিধন্দিতা কৰাৰ বাবে নিৰ্বাচনত থিয় কৰাই দিয়ে৷ পত্নী নথকাবোৰে ৰাতাৰাতি বিয়া কৰাৰো উদাহৰন আছে৷ এশ দিনৰ কাম, কৃষিসহ নানা ক্ষেত্ৰত নাৰীৰ যোগদানৰ হাৰ বৃদ্ধি হৈছে যদিও সমহাৰে বৃদ্ধি হৈছে নাৰী নিগ্ৰহৰ ঘটনা৷ বিগত বছৰবোৰত দেশৰ কেইবাঠাইত নাৰীৰ ধৰ্ষণ বা হত্যাৰ যি নৰকীয় কাণ্ড দেখা গৈছে তাক পাশৱিক বুগুলী কলেও ভুল নহব৷ সেয়ে নাৰী দিৱসৰ প্ৰাৰম্ভিকতে সকলোতকৈ আগত প্ৰয়োজন নাৰীসকলক স্বাধীনভাবে সিদ্ধান্ত লব দিয়া তথা সিহতৰ নিৰাপত্তা সুনিশ্চিত কৰা৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here