Home স্থানীয় হোজাইৰ দল-সংগঠন, অভিভাৱক আৰু শিক্ষাৰ্থীৰ আন্দোলনৰ হুংকাৰ : দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী সংখ্যালঘু জলপানি...

হোজাইৰ দল-সংগঠন, অভিভাৱক আৰু শিক্ষাৰ্থীৰ আন্দোলনৰ হুংকাৰ : দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী সংখ্যালঘু জলপানি লাভৰ পৰা বঞ্চিত

367
0

গণবার্তা, হোজাইৰ, ১৮ এপ্ৰিল : কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে সংখ্যালঘু শিক্ষাৰ্থীক শিক্ষাৰ দিশত বিকাশৰ বাবে কোটি কোটি টকা মোকলাই দি আহিছে৷ শেহতীয়াকৈ শিক্ষাৰ্থীক উৎসাহিত কৰাৰ উদ্দেশ্যে সংখ্যালঘু ছাত্ৰ- ছাত্ৰীক কেন্দ্ৰীয় চৰকাৰে জলপানিৰ ব্যৱস্থা কৰিছে৷ বিগত কেইবাবৰ্ষৰ পৰা ডাইচ কোডপ্ৰাপ্ত প্ৰতিখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে নিয়মীয়াকৈ লাভ কৰি আহিছিল স্ক’লাৰশ্বিপৰ ধন৷ পোনপটীয়াকৈ এই ধন লাভ কৰাত ছাত্ৰ-ছাত্ৰীৰ লগতে দৰিদ্ৰ অভিভাৱকে আৰ্থিক দিশত কিছু সকাহ লাভ কৰিছিল৷ সমান্তৰালভাৱে একাংশ অসাধু লোকে ছাত্ৰ বৃত্তিৰ দায়িত্বৰত জিলা ন’ডেল বিষয়া আৰু প্ৰধান শিক্ষকৰ সৈতে মিলি কমিছনৰ বুজাবুজিৰে এই ধন আতসাৎ কৰি আহিছে৷ ফলত প্ৰতিবাৰেই সংখ্যালঘু জলপানি দিয়াৰ নামত সংঘটিত হয় ব্যাপক দুৰ্নীতি আৰু অনিয়ম৷ এইবাৰো এনে ঘটনা সংঘটিত হৈছে৷ এইবাৰ ২০২১-২২ বৰ্ষত বিভিন্ন অজুহাত আৰু জটিলতাৰ সৃষ্টি কৰি হোজাই জিলাৰ অধিকাংশ দৰিদ্ৰ সংখ্যালঘু ছাত্ৰ-ছাত্ৰীক বঞ্চিত কৰাৰ অভিযোগ উঠিছে৷ এক সূত্ৰ মতে প্ৰায় বিশ হাজাৰ প্ৰকৃত ছাত্ৰ-ছাত্ৰী বঞ্চিত হৈছে এই বৃত্তি লাভৰ পৰা৷ তাৰ বিপৰীতে একাংশ ভুৱা ছাত্ৰ-ছাত্ৰীৰ একাউণ্টত সোমাইছে এই ধন৷ এই অভিযোগ সচেতন অভিভাৱকৰ৷ যাৰ ফলত প্ৰতিবাদমুখৰ হৈ পৰিছে অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীসকল৷ উল্লেখ্য যে নগাঁও জিলা সংমণ্ডল বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ত প্ৰতিজন ছাত্ৰৰ ভেৰিফিকেচনৰ নামত লোৱা হয় কমিছন৷ এই কামৰ চোৱাচিতা কৰাৰ দায়িত্বত থকা নজৰুল নামৰ কাৰ্যালয় সহায়কজনে কমিছনৰ অংকত ব্যস্ত থকাৰ বাবে বৃহৎসংখ্যক ছাত্ৰ-ছাত্ৰী বঞ্চিত হোৱাৰ লগতে চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক বঞ্চিত কৰি একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীক গোপন বুজাবুজিৰে বুজনসংখ্যক ছাত্ৰ-ছাত্ৰীক হকে-বিহকে মোকলাই দিয়া হয় ছাত্ৰ বৃত্তিৰ ধন৷ এই বিয়াগোম নজৰুলৰ বিৰুদ্ধে একাংশ সংবাদ মাধ্যমত বাতৰি পৰিৱেশনৰ পিছতে তেওঁক বদলি কৰা হৈছে আৰু তেৱেঁই বাতৰি কাকতত স্পষ্টীকৰণ দি নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ চেষ্টা অব্যাহত ৰাখিছে৷ তেওঁৰ বিৰুদ্ধে এক উচ্ছ পৰ্যায়ৰ তদন্ত কৰিলে সকলো পোহৰলৈ আহিব৷ ইপিনে, কিছুদিন পূৰ্বে আ(ৰ্যজনকভাৱে হঠাতে নগাঁও জিলা সংমণ্ডল বিদ্যালয় পৰিদৰ্শকে এক নতুন নিৰ্দেশনাত দিছিল য’ত উল্লেখ আছিল যে প্ৰি-পাৰ্মিচন নথকা বিদ্যালয়সমূহৰ শিক্ষাৰ্থীসকলে স্ক’লাৰশ্বিপ লাভ নকৰিব৷ যিহেতু প্ৰি-পাৰ্মিচনৰ বাবে ইতিমধ্যে তিনি শতাধিক বিদ্যালয়ে আবেদন কৰি থৈছে কিন্তু আইএছ কাৰ্যালয়ৰ পৰা সেইবোৰৰ ভেৰিফিকেচন হোৱা নাই৷ তেওঁলোকৰ হেমাহিৰ বাবে পোৱা নাই অনুমতি৷ উল্লেখযোগ্য যে ৰাজ্যৰ চহৰ, নগৰ আৰু গ্ৰামাঞ্চলৰ চুকে-কোণে থকা ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে চৰকাৰী নিয়ম-নীতিৰ মাজেৰে থাকি দীৰ্ঘ বৰ্ষ ধৰি চৰকাৰী স্কুলৰ সৈতে টেগ স্কুল সংলগ্ন কৰি কিছু ব্যক্তিগত খণ্ডৰ বিদ্যালয় চলি আছে৷ এই কথাটো শিক্ষা বিভাগৰ বৰমূৰীয়াসকল অৱগত৷ তথাপি স্ক’লাৰশ্বিপৰ ক্ষেত্ৰত জটিলতা সৃষ্টি কৰা বিষয়টো ৰহস্যৰ আৱৰ্তত৷ ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে সংখ্যালঘু ছাত্ৰ-ছাত্ৰীক শিক্ষাৰ দিশত আগুৱাই নিয়াৰ যি চেষ্টা কৰিছে সেয়া একপ্ৰকাৰ যেন ফুটুকাৰ ফেনত পৰিণত হৈছে নগাঁও-হোজাই জিলাত৷ শিক্ষা বিভাগৰ জিলা পৰ্যায়ৰ একাংশ স্বাৰ্থপৰায়ণ বিষয়াই মনেসজা নীতি-নিয়ম বনাই কেৱল সংখ্যালঘু সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীক টাৰ্গেট কৰি স্ক’লাৰশ্বিপৰ পৰা বঞ্চিত কৰাৰ এই বৃহৎ ষড়যন্ত্ৰ কৰিছে বুলি আমছুকে ধৰি দল-সংগঠনে অভিযোগ তুলিছে৷ অনতিপলমে এই ধন মোকলাই দিয়াৰ দাবী তোলে অন্যথা এইবাৰ যদি দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী সংখ্যালঘু জলপানি লাভৰ পৰা বঞ্চিত হয়, তেনেহ’লে হোজাইৰ দল-সংগঠন ,অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীয়ে তীব্ৰ আন্দোলন গঢ়ি তুলিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here