Home Uncategorized ন্যায় নাপালে আত্মহত্যা কৰাৰ ভাবুকি হোজাইৰ ইউটিবাৰৰ

ন্যায় নাপালে আত্মহত্যা কৰাৰ ভাবুকি হোজাইৰ ইউটিবাৰৰ

352
0

নীলবাগান, ১০ নবেম্বৰ: ন্যায় বিচাৰি আৰক্ষীৰ দুৱাৰে দুৱাৰে আজিও ঘুৰি ফুৰিছে হোজাই জয়ন্তীয়াবস্তিৰ এগৰাকী মহিলা ইউটিবাৰে৷ কেইদিনমান পুৰ্বে হোজাইৰ জয়ন্তীয়াবস্তিৰ এইগৰাকী বিবাহিতা ইউটিবাৰগৰাকীৰ ঘৰত কোনো নথকাৰ সুযোগত প্ৰৱেশ কৰি কেইজনমান যুৱকে অসৎ কাম কৰাৰ চেষ্টা কৰিছিল বুলি ইউটিবাৰগৰাকীয়ে হোজাই থানাত এটি গোচৰ তৰে৷ হোজাই আৰক্ষীয়ে গোচৰটো পঞ্জীয়ন কৰি তদন্তৰ বাবে নীলবাগান আৰক্ষীলৈ প্ৰেৰণ কৰে৷ কিন্তু গোচৰৰ প্ৰায় পাঁচদিন ওকলি যোৱাৰ পিছতো আজিলৈকে আৰক্ষীয়ে অভিযুক্তসকলক আটক কৰিব নোৱাৰাত ৰহস্যৰ সৃষ্টি হৈছে৷ ইফালে অভিযুক্তসকলে ফোনযোগে ইউটিবাৰগৰাকীক ভাবুকি দিয়াৰ অডিঅ ভাইৰেল হোৱাত নীলবাগানত চাঞ্চল্যৰ সৃষ্টি হৈছে৷ এটি ছাত্ৰ সংগঠনৰ নাম লৈ অভিযুক্তই ভাবুকি দিয়া বুলি ভুক্তভোগী ইউটিবাগৰাকীয়ে সাংবাদিকৰ আগত মন্তব্য কৰে৷ উল্লেখ্য যে সেইনিশা অভিযুক্তসকলে ইউটিউবাৰগৰাকীৰ শৰীৰৰ বহু ঠাইত কামুৰি গুৰুতৰভাবে আহত কৰিছিল৷ আহত অৱস্থাতে ইউটিউবাৰগৰাকীয়ে ন্যায় বিচাৰি আৰক্ষীৰ আৰক্ষীৰ দুৱাৰে দুৱাৰে ঘুৰি ফুৰিবলগীয়া হৈছে৷ ইফালে ন্যায় নাপালে প্ৰকাশ্যে আত্মহত্যাৰ ভাবুকি দিছে ইউটিউবাৰগৰাকীয়ে৷ এতিয়া প্ৰশ্ন হয়, কাৰ সাহসত অভিযুক্তসকল মুকলিকৈ ঘুৰি ফুৰিব পাৰিছে৷ অভিযুক্তসকলে মোবাইল আৰু চছিয়েল মেডিয়া ব্যৱহাৰ কৰি থকাৰ পিছতো কিয় আৰক্ষীয়ে অভিযুক্তক আটক কৰিবলৈ পৰা নাই৷ যাৰ বাবে এইবাৰ ইউটিউবাৰগৰাকীয়ে হোজাই উপ আৰক্ষী অধীক্ষক ৰৌজি তালুকদাৰ আৰু আৰক্ষী অধীক্ষক বৰুন পুৰকায়স্থৰ হস্তক্ষেপ কামনা কৰি ন্যায় ভিক্ষা খুজিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here