Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ব্যয়বহুল হ’ব গৃহ ঋণ: শাৰদীয় দুৰ্গোৎসৱৰ আনন্দৰ মাজতেই অতিৰিক্ত ঋণৰ বোজা জাপিলে...

ব্যয়বহুল হ’ব গৃহ ঋণ: শাৰদীয় দুৰ্গোৎসৱৰ আনন্দৰ মাজতেই অতিৰিক্ত ঋণৰ বোজা জাপিলে আৰ বি আয়ে ,পূৰ্বৰ তুলনাত অধিক ইএমআই পৰিশোধ কৰিব লাগিব

158
0


নতুন দিল্লী, ৩০ ছেপ্টেম্বৰ ঃ শাৰদীয় দুগোৎসৱৰ প্ৰাক্‌ক্ষণত দেশবাসীৰ মূৰত ঋণৰ জাপি দিলে ভাৰতীয় ৰিৰ্জাভ বেংকে৷ যিসময়ত দেশবাসী দুৰ্গোৎসৱ উদ্‌যাপনৰ প্ৰস্তুতি চলাই আছে তেনে সময়তেই ৰিজাৰ্ভ বেংকে ৰেপ’ৰেটৰ হাৰ বৃদ্ধি কৰি দেশবাসীৰ মূৰত অতিৰিক্ত ঋণৰ বোজা জাপি দিয়ে৷ যি সময়ত বৰ্ধিত মূল্যবৃদ্ধিৰ সৈতে দেশবাসী যঁুজি থাকিবলগীয়া হৈছে তেনে সময়ত ১৩০ কোটি জনতাক কেন্দ্ৰীয় চৰকাৰে সকাহ দিয়াৰ পৰিৱেৰ্তে এটাৰ পিছত আন এটাকৈ সিদ্ধান্তৰে অতিৰিক্ত ঋণ অথবা কৰৰ বোজাহে জাপি দিবলৈ ধৰিছে৷ যাৰ ফলত এতিয়া সাধাৰণ লোকসকলৰ আৰ্থিক অৱস্থা পানীত হাঁহ নচৰাৰ লেখীয়া হৈছে৷ ইয়াৰ মাজতেই আজি ৰিজাৰ্ভ বেংকে ৰেপ’ৰেটৰ হাৰ বৃদ্ধিৰে আন এক বোজা জাপি দিয়ে দেশবাসীৰ মূৰত৷ ইতিমধ্যে ৰিজাৰ্ভ বেংকে কে’বাবাৰো ৰেপ’ৰেট বৃদ্ধিৰে দেশবাসীৰ মূৰত অতিৰিক্ত ঋণৰ বোজা জাপি দি থকাৰ সময়ছোৱাতেই আজি পুনৰাই আজি ৰিজাৰ্ভ বেংকে ৰেপ’ৰেট ৫০ বেছিক পইণ্ট বৃদ্ধিৰে প্ত.জ্ঝ শতাংশ কৰে৷ ইয়াৰ লগতে আৰ বি আয়ে অনুমানতকৈ দেশৰ আৰ্থিক বিকাশ হাৰ হ্ৰাস পোৱাৰ আশংকা প্ৰকাশ কৰিছে৷ ইয়াৰ দ্বাৰা এইটো কথা প্ৰতিপন্ন হৈছে যে দেশৰ আৰ্থিক অৱস্থা টনকিয়াল নহয়৷ কেন্দ্ৰীয় চৰকাৰে দেশৰ আৰ্থিক অৱস্থাক লৈ যিমানেই ঢাক-ঢোল নবজাওক কিয় ৰিজাৰ্ভ বেংকে কৰা ৰেপ’ৰেট বৃদ্ধিয়ে প্ৰতিপন্ন কৰিছে দেশৰ আৰ্থিক অৱস্থা উন্নত নহয়৷ উল্লেখ্য যে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ বিভিন্ন দেশৰ কেন্দ্ৰয়ী বেংকৰসমূহৰ ঋণৰ হাৰ অভাৱনীয় হাৰত বৃদ্ধি পোৱা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আজি ৰিজাৰ্ভ বেংকে ৰেপ’ৰেটৰ হাৰ বৃদ্ধি কৰে৷ ইয়াৰ অৰ্থ এইটোৱে যে এতিয়াৰে পৰা পূৰ্বৰ তুলনাত ব্যয়বহুল হ’ব গৃহঋণ৷ ইয়াৰ লগতে যিসকলে ই এম আই পৰিশোধ কৰি আছিল সেইসকলে অতিৰিক্ত ধন পৰিশোধ কৰিব লাগিব৷ ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰ শক্তিকান্ত দাসে প্ৰকাশ কৰা অনুসৰি চলিত বৰ্ষৰ প্ৰথম ত্ৰিমাসিকত প্ৰকৃত জিডিপিৰ হাৰ আশাতকৈ কম আছিল৷ ইয়াৰ পিছতো ১৩.প্ত শতাংশ জিডিপি আছিল বুলি প্ৰকাশ কৰে গৱৰ্নৰগৰাকীয়ে৷ ইয়াৰ সমান্তৰালকৈ ৰিজাৰ্ভ বেংকে বিত্তীয়বৰ্ষৰ ২০২২-২৩১ আৰ্থিক বিকাশ হাৰ অনুমানতকৈ হ্ৰাস কৰি জ্জ.ঙ্ম শতাংশ কৰে৷ আজি ৰিজাৰ্ভ বেংকে ৰেপ’ৰেট বৃদ্ধি কৰাৰ ফলত এতিয়াৰে পৰা বেংক আৰু বিত্তীয় সংস্থাসমূহৰ পৰা লোৱা ঋণ ব্যয়বহুল হ’ব আৰু মাহেকিয়া ঋণৰ কিস্তিও ব্যয়বহুল হ’ব৷ উল্লেখ্য যে মে’ মাহৰ পৰা বৰ্তমানলৈ আৰ বি আই এ ৰেপ’ৰেট ৰ.জ্ঝ শতাংশ বৃদ্ধি কৰে৷ চতুৰ্থবাৰলৈ ৰেপ’ৰেট বৃদ্ধি কৰি ৰিজাৰ্ভ বেংকে৷ দেশৰ আৰ্থিক অৱস্থা আৰু বৰ্ধিত মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ বাবে এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে ৰিজাৰ্ভ বেংকে৷ তেওঁলোকে প্ত.৯০ শতাংশ ৰেপ’ৰেট বৃদ্ধি কৰে যি তিনিবছৰৰ ভিতৰত সৰ্বোচ্ছ স্তৰত উপনীত হৈছে৷ ছেপ্টেম্বৰৰ ত্ৰিমাসিকত জিডিপি ৬.৩ শতাংশ, ডিচেম্বৰ আৰু মাৰ্চ ত্ৰিমাসিকত চ্ছ্ৰ.৬ শতাংশ জিডিপি হাৰ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে৷ ইয়াৰ উপৰি ভাৰতৰ খাৰুৱা তেল ক্ৰয় প্ৰতি বেৰেলত ১০০ আমেৰিকাত ডলাৰ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে৷ ৰিজাৰ্ভ বেংকে এই কথাও প্ৰকাশ কৰিছে যে দেশত বৈদেশিক মুদ্ৰা ভাণ্ডাৰ হ্ৰাস পাইছে যদিও দেশৰ আৰ্থিক অৱস্থা বৰ্তমানো টনকিয়াল হৈ আছে৷ চলিত বৰ্ষৰ ২৩ ছেপ্টেম্বৰলৈ বৈদেশিক মুদ্ৰা ভাণ্ডাৰ ৬৭ শতাংশ হ্ৰাসেৰে ৫৩৭.প্ত বিলিয়ন ডলাৰত উপনিত হয়৷ বৈদেশিক মুদ্ৰা ভাণ্ডাৰ হ্ৰাস পোৱাৰ সন্দৰ্ভত এই কথাও প্ৰকাশ কৰিছে যে বৰ্তমান সাৱধানতাৰে চলা প্ৰয়োজন৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here