Home Main Stories গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বৈঠক অসম-মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ:৬ স্থানত বিবাদ নিষ্পত্তিৰ আৰ্জি

গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বৈঠক অসম-মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ:৬ স্থানত বিবাদ নিষ্পত্তিৰ আৰ্জি

97
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২০ জানুৱাৰী:
অসম-মেঘালয়ৰ দীৰ্ঘদিনীয়া সীমা বিবাদ নিষ্পত্তিৰ বাবে দুদিন পূৰ্বে কইনাধৰাৰ অতিথিশালাত সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত হাফলঙত অনুষ্ঠিত কেবিনেটৰ সিদ্ধান্তক পূৰ্ণ ৰূপ দিছিল ৰাজ্য চৰকাৰে৷ দুখন ৰাজ্যৰ মাজত প্ৰায় ৪০ বছৰ ধৰি চলি অহা সীমা বিবাদ নিষ্পত্তিৰ বাবে দুয়োখন চৰকাৰে আগভাগ লৈছিল৷ অসম আৰু মেঘালয়ৰ কে’বাটাও স্থানত থকা সীমা বিবাদ নিষ্পত্তিৰ বাবে প্ৰথমতে মুখ্য সচিব পৰ্যায়ত আলোচনা অনুষ্ঠিত কৰাৰ পাছত মুখ্যমন্ত্ৰীদ্বয়ে দ্বি-পাক্ষিক আলোচনাৰ মাজেৰে সীমা সমস্যা নিষ্পত্তিৰ বাবে আগবাঢ়িছিল৷ অৱশেষত হাফলঙত অনুষ্ঠিত কেবিনেটত এই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত কেন্দ্ৰীয় গৃহমন্ত্ৰীক অৱগত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল৷ সেইমৰ্মে আজি পুৱাৰ ভাগত দিল্লীলৈ উৰা মাৰে৷ উল্লেখ্য যে আজি সীমা বিবাদ নিষ্পত্তিৰ বাবে দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে উপস্থিত হয় মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা৷ সন্ধিয়াৰ ভাগত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি দুয়োখন ৰাজ্যৰ দীৰ্ঘদিনীয়া সীমা বিবাদ নিষ্পত্তিৰ বাবে মেঘালয় আৰু অসমৰ চৰকাৰে লোৱা সিদ্ধান্তৰ বিষয়ে অৱগত কৰাৰ লগতে দুয়োখন ৰাজ্যৰ মাজত সীমা বিবাদ নিষ্পত্তি কৰি শান্তি স্থাপনৰ বাবে আহ্বান জনায়৷ উল্লেখ্য যে আন্তঃৰাজ্য সীমা বিবাদ নিষ্পত্তি কৰাটো কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব৷ অৱশ্যে পূৰ্বতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসম আৰু মেঘালয় চৰকাৰক উমৈহতীয়াভাৱে সীমা বিবাদ নিষ্পত্তিৰ বাবে আহ্বান জনাইছিল৷ এনে অৱস্থাত অসম আৰু মেঘালয় চৰকাৰৰ সিদ্ধান্ত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে অনুমোদন জনোৱাৰ লগে লগে দীৰ্ঘদিনীয়া সীমা বিবাদ নিষ্পত্তি হ’ব৷ লক্ষণীয় যে অসম-মেঘালয় সীমান্তৰ হাহিম, বকো, ৰাণী, পশ্চিম কাৰ্বি আংলং আদিকে ধৰি কে’বা স্থানতো অসম আৰু মেঘালয়ৰ মাজৰ সীমা সমস্যা অব্যাহত আছিল৷ এনে অৱস্থাত ৰাজ্য চৰকাৰৰ সিদ্ধান্ত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে অনুমোদন জনোৱাৰ পিছতে নিষ্পত্তি হ’ব দীৰ্ঘদিনীয়া সীমা বিবাদ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here