Home অসম বোকাখাতৰ ঘৰে ঘৰে মন্ত্ৰী অতুল বৰাঃ হৰ ঘৰ দস্তক অভিযান, ক’ভিড ভেকচিন...

বোকাখাতৰ ঘৰে ঘৰে মন্ত্ৰী অতুল বৰাঃ হৰ ঘৰ দস্তক অভিযান, ক’ভিড ভেকচিন ল’বলৈ সকলোকে আহ্বান

209
0


গণ বাৰ্তা বিশেষ, বোকাখাত, ৩০ নৱেম্বৰ
: আজিৰে পৰা ৫ ডিচেম্বৰলৈ ৭ টা দিন দেশজুৰি আৰম্ভ হৈছে ‘হৰ ঘৰ দস্তক’ অভিযান৷ ভাৰত চৰকাৰৰ ‘হৰ ঘৰ দস্তক’ অভিযানৰ অধীনত বোকাখাতত ঘৰে ঘৰে সোমাইছে স্থানীয় বিধায়ক তথা ৰাজ্যৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰা৷ লগত মহকুমা প্ৰশাসন, আশা কৰ্মী, চিকিৎসা বিষয়া আৰু নাৰ্ছ বাইদেউ আৰু লগত সাংবাদিক৷ কিন্তু কিয়? ক’ভিড ভেকচিন নোলোৱা প্ৰতিগৰাকী নাগৰিককে মন্ত্ৰী অতুল বৰা নিজেই উপস্থিত থাকি দিয়াইছে ক’ভিড ভেকচিন৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘হৰ ঘৰ দস্তক’ অভিযানত বোকাখাতত ঘৰে ঘৰে গৈ মন্ত্ৰী অতুল বৰাই ভেকচিন ল’বলৈ আহ৩ান জনায়৷ আজি বিয়লি মন্ত্ৰীগৰাকীয়ে গৃহ সমষ্টিৰ বোকাখাত পৌৰসভাৰ ২নং ৱাৰ্ডৰ কে’বটাও ঘৰলৈ গৈ এই অভিযানৰ সফল ৰূপায়ণৰ বাবে আগভাগ লয়৷ মন্ত্ৰীগৰাকীৰ উপস্থিতিত একোঘৰ লোকৰ ঘৰৰ লগতে অঞ্চলটোৰ ১০-২০জনকৈ লোক ক’ভিড ভেকচিন ল’বলৈ ওলাই আহে৷ ইয়াৰ পূৰ্বে বোকাখাত উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত আয়োজিত ‘হৰ ঘৰ দস্তক’ অনুষ্ঠানত ভাগ লৈ মন্ত্ৰীগৰাকীয়ে বোকাখাত মহকুমা প্ৰশাসন, স্বাস্থ্য আৰু চিকিৎসা কৰ্মীসকলে ইতিমধ্যে প্ৰথম পালিৰ ৯৮ শতাংশ সম্পূৰ্ণ কৰাত সন্তুষ্টি প্ৰকাশ কৰে৷ বোকাখাত মহকুমাত বৰ্তমানলৈকে ১,১৩,৫৬৩জনক দুপালি ভেকচিন দিয়া হৈছে৷ দিছপুৰত আজিৰ তাৰিখত কোনো মন্ত্ৰী- বিধায়ক নাই বুলি উল্লেখ কৰি মন্ত্ৰী অতুল বৰাই কয় যে সকলো এতিয়া ভেকচিনেচন সফল কৰিবলৈ ৰাইজৰ মাজত সোমাই পৰিছে৷ গৰ্ভৱতী মহিলাসকলক নিঃসংকোচে ভেকচিন ল’বলৈও আহ৩ান জনায়৷ আজিৰে পৰা ৫ ডিচেম্বৰলৈকে অনুষ্ঠিত হ’ব লগীয়া ৭ দিনীয়া ক’ভিড টিকাকৰণ ১০০ শতাংশ নিশ্চিত কৰিবলৈ বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে মহকুমা প্ৰশাসনে৷ বৰ্তমানলৈকে বোকাখাত মহকুমাৰ ১০২টা ক’ভিড টিকাকৰণ কেন্দ্ৰৰ ভিতৰত ৩৯টা কেন্দ্ৰত ১০০ শতাংশ প্ৰথম পালি ভেকচিন প্ৰদান সম্পূৰ্ণ হৈছে৷ ‘হৰ ঘৰ দস্তক’ অভিযানৰ অধীনত এই কাৰ্যসূচীৰ সফল ৰূপায়ণ কৰাৰ বাবে ৬গৰাকী জ’নেল বিষয়া, ১৭গৰাকী খণ্ড বিষয়া আৰু সত্যাসত্য নিৰূপণৰ বাবে ১৮৫গৰাকী বিষয়া থাকিব৷ উল্লেখ্য যে বোকাখাত মহকুমাত এই পৰ্যন্ত প্ৰথম পালি ভেকচিন লোৱা লোকৰ সংখ্যা ৯৫ শতাংশৰ পৰা ঠায়ে ঠায়ে ১০০ শতাংশলৈকে ক’ভিড টিকাকৰণ সম্পূৰ্ণ হৈ উঠিছে৷ আজিৰ অনুষ্ঠানত শ্ৰেষ্ঠ সেৱা আগবঢ়োৱা অংগনৱাড়ী কৰ্মী, আশাকৰ্মী, এনআৰএম, এনএইচএম কৰ্মীক প্ৰমাণ-পত্ৰও বিতৰণ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here