গুৱাহাটী,১৮ জানুৱাৰীঃ কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ উদ্যোগত কাৰবি আংলং ক্ৰীড়া সন্হা কাছা’ৰ পৰিচালনাত যোৱা ৫ জানুৱাৰীৰ পৰা ডিফুস্থিত কাছা ষ্টেডিয়াম গ্ৰাউণ্ডত চলি থকা পঞ্চম চি ই এম স্বৰ্ণ কাপ ফুটবল চেম্পিয়নশ্বিপৰ কাৰবি আংলং মৰ্ণিং ষ্টাৰ বনাম হাইদৰাবাদ এফ চি ৰ মাজত আজি অনুষ্ঠিত ফাইনেলত ঘৰুৱা দল মৰ্ণিং ষ্টাৰ এফ চিয়ে হাইদৰাবাদএফ চিক ট্ৰাই বেকাৰৰ সহায়ত ৪ -২ গলৰ ব্যৱধানত পৰাভূত কৰি পঞ্চম চি ই এম স্বৰ্ণ কাপ হস্তগত কৰিছে ৷ শীতৰ সেমেকা নিশা দহ সহস্ৰাধিক ক্ৰীড়ানুৰাগীৰ উপস্থিতিত তীব্ৰ আক্ৰমণ প্ৰত্যাক্ৰমণেৰে উজ্বীৱিত আজিৰ খেলখন গলশূণ্য ভাৱে সামৰনি পৰে৷ পিছত অতিৰিক্ত সময়তো সমতা স্হাপন হৈ ৰোৱাত ট্ৰাই বেকাৰৰ জড়িয়তে ঘৰৱা দল মৰ্ণিং ষ্টাৰ এফ চিয়ে ৪-২ গলত বিজয় স্যাবস্ত কৰে ৷ হাইদৰাবাদ এফ চিৰ চি লাল চুং নংগাই প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ অমল কুমাৰ চাহানী শ্ৰেষ্ঠ গল ৰক্ষক আৰু মৰ্ণিং ষ্টাৰ এফ চিৰ লুৱাংগাই সৰ্বাধিক গল দাতাৰ সন্মান লাভ কৰে ৷কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাযবাহী সদস্য তুলিৰাম ৰংহাঙে আজিৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ট্ৰফী আৰু প্ৰাইজমানী বিতৰণ কৰাৰ লগতে স্মৰণিকা শুভ উন্মোচন কৰে ৷ অনুষ্ঠানত ডিফুৰ স্হানীয় বিধায়ক বিদ্যাছিং ইংলেঙা উপস্থিত আছিল ৷