Home Main Stories ড্ৰাগ্‌ছ ব্যৱসায়ীৰ উপঢৌকন নাকচ কৰি ১২ কোটি ড্ৰাগ্‌ছ জব্দ কৰা হোমগাৰ্ড বৰচিং...

ড্ৰাগ্‌ছ ব্যৱসায়ীৰ উপঢৌকন নাকচ কৰি ১২ কোটি ড্ৰাগ্‌ছ জব্দ কৰা হোমগাৰ্ড বৰচিং বে’কক কনিষ্টবল পদত নিযুক্তি ▪️ ৰাজ্যিক কেবিনেটত কেবাটাও গুৰুত্বপূণ সিদ্ধান্ত

143
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৪ জুন : ড্ৰাগ্‌ছ ব্যৱসায়ীয়ে নগদ ধন যচাৰ পিছতো সেয়া প্ৰত্যাখ্যান কৰাৰ লগতে প্ৰায় ১২ কোটি টকা মূল্যৰ ড্ৰাগ্‌ছ জব্দ কৰি কৰ্তব্যনিষ্ঠাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰা হোমগাৰ্ড বৰছিং বে’ক আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ কনিষ্টবল পদত নিযুক্তিত কেবিনেটে অনুমোদন জনায়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত আজিৰ কেবিনেটে আন কে’বাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। এতিয়াৰ পৰা ৰাজ্যখনৰ গ্ৰাম্য এলেকাৰ চৰকাৰী প্ৰতিষ্ঠানৰ বাবে প্ৰয়োজনীয় মাটি ভূমি পৰামৰ্শদাতা সমিতি (এল এ চি)য়ে অনুমোদন জনোৱাৰ পিছত জিলা উপায়ুক্তসকলেই আবণ্টন কৰিব পাৰিব। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ ৰাজহ বিভাগলৈ কোনোধৰণৰ ফাইল প্ৰেৰণ কৰিব নালাগে। একেদৰে হাতী-মানুহৰ সংঘাতৰ ফলত মৃত্যু হোৱা লোকৰ নিকটাত্মীয়ক এককালীন সাহায্য প্ৰদানৰ দিশত সংশ্লি­ষ্ট ডিএফঅ’ৱে পিচিচিএফৰ অনুমোদন সাপেক্ষে প্ৰত্যক্ষভাৱে প্ৰদান কৰিব পাৰিব। ইয়াৰ বাবে অসম চৰকাৰৰ সংশ্লি­ষ্ট ঊধৰ্বতন কৰ্তৃপক্ষলৈ এই অনুমোদনৰ বাবে কোনোধৰণৰ প্ৰস্তাৱ প্ৰেৰণ কৰিব নালাগে বুলি কেবিনেটে অনুমোদন জনায়। অইল ইণ্ডিয়া অথবা অ’এনজিচিয়ে তৈল খননৰ বাবে মাটি অধিগ্ৰহণ কৰাৰ সময়ত মাটিৰ গৰাকীয়ে যাতে উচিত মূল্য লাভ কৰিব পাৰে সেইটো সুনিশ্চিত কৰাৰ বাবে আজিৰ কেবিনেটে এক প্ৰস্তাৱত অনুমোদন জনায়। সেই অনুসৰি চহৰ এলেকাৰ ১০ কিঃমিঃ ব্যাসাৰ্ধৰ ভিতৰত অ’এনজিচি অথবা অইল ইণ্ডিয়াই ক্ষতিপূৰণ হিচাপে প্ৰতিবিঘা ভূমিত ন্যূনতম ১২ লাখ টকা প্ৰদান কৰিব লাগিব। আনহাতে চহৰাঞ্চলৰ পৰা ১০ কিঃমিঃ ব্যাসাৰ্ধৰ বাহিৰত তৈল প্ৰতিষ্ঠানসমূহে প্ৰতিবিঘা ভূমিত ন্যূনতম ১০ লাখ টকা ভূমিৰ গৰাকীক প্ৰদান কৰিব লাগিব। মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ ক্ষেত্ৰত যিবোৰ উদ্‌গনি প্ৰদান কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে তাৰ আনুষ্ঠানিক প্ৰস্তাৱত আজিৰ কেবিনেটে অনুমোদন জনায়। .

LEAVE A REPLY

Please enter your comment!
Please enter your name here