Home Main Stories হোমেন বৰগোহাঞি আছিল আমাৰ চেতনাৰ অংগ

হোমেন বৰগোহাঞি আছিল আমাৰ চেতনাৰ অংগ

180
2

✍️ খবিৰ আহমেদ

বুধবাৰে ৰাতিপুৱা শ্ৰদ্ধেয় হোমেন বৰগোহাঞিৰ পৰলোকপ্ৰাপ্তিৰ খবৰটো পাই মনটো বৰকৈ সেমেকি উঠিল। ক’ভিড মহামাৰীয়ে প্ৰতিনিয়ত চিনাকি মুখবোৰক আমাৰ মাজৰ পৰা এজন এজনকৈ কাঢ়ি লৈ গৈ আছে যদিও এতিয়ালৈকে ইমান গভীৰ আঘাত পোৱা নাছিলো। ওৰেটি জীৱন তেওঁৰ  লিখা পঢ়ি পঢ়ি, তেখেতক অনুসৰণ কৰি কৰি আমি ডাঙৰ হৈছিলো। অজানিতে তেওঁ আমাৰ চেতনাৰ এক অংগ হৈ পৰিছিল। গভীৰ ভাবে অনুভৱ কৰি আছো যে আজি সুধী সমাজত যিখিনি পৰিচিতি লাভ কৰিব পাৰিছো, তাৰ বেছিভাগ কৃতিত্বই দিব লাগিব হোমেন বৰগোহাঞিক।

ছাত্ৰ জীৱনতেই তেওঁৰ লিখা পঢ়ি পঢ়ি আমি তেওঁৰ অনুৰাগী হৈ পৰিছিলো। তাৰ পিছত ১৯৮৬ চনৰ কোনোবা এটা দিনত দেৰকুৰি কবিতাৰ পান্ডুলিপি এখন হাতত লৈ মৰসাহ কৰি হাজিৰ হৈছিলোহি  হোমেন বৰগোহাঞিৰ হেঙেৰাবাৰীস্থিত কোৱাৰ্টাৰত। অনুৰুধ কৰিছিলো কিতাপখনৰ এটি আগকথা লিখি দিয়াৰ কাৰণে। প্ৰথমতে তেওঁ অস্বীকাৰ কৰিছিল। মই বাৰে বাৰে অনুৰুধ কৰাৰ পিছত পান্ডুলিপিখন তেওঁ হাতত লৈ দুটামান পাত লুটিয়াই চালে। তাৰ পিছত মোৰ মুখৰ ফালে চাই ক’লেঃ ‘ঠিক আছে, তুমি এমাহমান পিছত আহা’। ঠিক এমাহ পিছত মই তেওঁৰ কোৱাৰ্টাৰত ওলালোগৈ। মোক বহিব দিলে। ভিতৰৰ পৰা কাগজ এখিলা হাতত লৈ ওলাই আহি তেওঁ ক’লেঃ ’খবিৰ, মই তোমাৰ কবিতাৰ কিতাপখনৰ আগকথা লিখিছিলো, কিন্তু এইটো মই তোমাক এই মূহুৰ্তত দিব নোৱাৰিম। কাৰণ লিখনিটোত মই তোমাৰ প্ৰতি অন্যায় কৰিছোঁ। সেয়েহে আগকথাটো মই আকৌ লিখিম। তুমি আৰু এমাহ পিছত আহাগৈ।’ কথাখিনি কৈ তেওঁ তেওঁৰ হাতৰ কাগজখিলা চিঙি পেলালে। মই হতবাক হৈ তেওঁৰ মুখৰ ফালে চাই থাকিলো।

এমাহ পিছত আকৌ যেতিয়া মই ওলালোগৈ, তেওঁ মোক বহিব দিলে, ল’ৰাটোৰ হতুৱাই চৰবত এগিলাচ দিয়ালে। মোৰ কবিতাৰ ওপৰত লিখা আগকথাটো মোৰ হাতত দি কলেঃ ‘কবিতাবোৰ ভাল হৈছে। খুবেই ভাল হৈছে। কিতাপখন ভালকৈ ছপাবা, কিতাপ ভালকৈ ছপোৱাৰ ক্ষেত্ৰত কেতিয়াও আপোচ নকৰিবা। লিখা বাদ নিদিবা’।হোমেন বৰগোহাঞিয়ে মোৰ  জীৱনৰ প্ৰথম কাব্যপুথিৰ ওপৰত লিখা আগকথাটো আছিল মোৰ বাবে  আলোকসন্ধানী এক  অগ্নি শিখা—যি অগ্নি শিখাই আমাক আজিলৈকে পথ দেখুৱাই আছে।ইয়াৰ পিছত তেওঁক বহু ঠাইত বহুবাৰ লগ পাইছো, বহু বিষয়ত কথাও পাতিছো। পিছে মই শিক্ষা বিষয়া হিচাপে যোগ দিয়াটো তেওঁ বেচি ভাল পোৱা নাছিল।

কেৱল আমাকেই নহয় আশীৰ দহকত আত্মপ্ৰকাশ কৰা সনন্ত তাঁতি, সমীৰ তাঁতি, ইছমাইল হোছেইন, বিপুলজ্যোতি শইকীয়া, কৌস্তবমণি শইকীয়া, অনুপমা বসুমতাৰীৰ নিচিনা আৰু বহুতো কাব্য চৰ্চা কৰা নতুন লেখক সকলক হোমেন বৰগোহাঞিয়ে হাতত ধৰি আগুৱাই আনিছিল।সেইদৰে  সাংবাদিকতা, গল্প, প্ৰবন্ধ, উপন্যাস লিখা অগণন নতুন লেখক-লেখিকাক তেওঁ অহৰহ অনুপ্ৰেৰণা যোগাইছিল। নতুন লেখক-লেখিকাৰ বাবে হোমেন বৰগোহাঞি আছিল প্ৰেৰণাৰ এক অফুৰন্ত উৎস। আমাৰ ধাৰণা, নতুন লেখক-লেখিকাৰ সমস্যা, দুখ-বেদনা, আশা-আকাংখাক হোমেন বৰগোহাঞিয়ে যিমান বুজি পাইছিল অসমৰ আৰু কোনো প্ৰতিষ্ঠিত লেখকে সিমান বুজি পোৱাৰ চেষ্টা কৰা নাছিল। এনেদৰে ক’লেও ভুল কোৱা নহ’ব যে অসমীয়া ভাষা সাহিত্যৰ ক্ষেত্ৰত তেওঁ যিমান নতুন লেখক-লেখিকাৰ সৃষ্টি কৰি থৈ গ’ল, অন্য কোনো প্ৰতিষ্ঠিত লেখকে সিমান সংখ্যক নতুন লেখকৰ সৃষ্টি কৰিব পৰা নাই। সেয়েহে, সাম্প্ৰতিক সময়ত অসমৰ পাঠক, বুদ্ধিজীবি আনকি জনসাধাৰণৰ মাজত তেওঁ আছিল আটাইতকৈ জনপ্ৰিয় আৰু প্ৰভাবশালী লেখক তথা বুদ্ধিজীৱি।

আজীবন তেওঁ আছিল এজন গ্ৰন্থ কীট। তেওঁৰ ব্যক্তিগত পুথিভৰালখনেই তাৰ প্ৰমাণ। আমি শুনা মতে তেওঁ দিনে পোন্ধৰ, ষোল্ল ঘন্টা অধ্যয়ন কৰিছিল। অসমীয়া ভাষাৰ পাঠকক বিশ্ব সাহিত্যৰ লগত পৰিচয় কৰি দিয়াৰ ক্ষেত্ৰত তেখেত আছিল সকলোতকৈ আগত। তেওঁৰ প্ৰায়বোৰ ৰচনাতেই বিশ্ব সাহিত্যৰ প্ৰসংগই ভূমুকি মাৰিছিল, যেন তেওঁৰ লিখাবোৰ পাঠকৰ চকুৰ আগত বিশ্ব জ্ঞানভান্ডাৰ মেলি দিয়াৰ এখন এখন খিৰিকীহে। প্ৰায় এশখনকৈ গ্ৰন্থ ৰচনা কৰাৰ উপৰিও হোমেন বৰগোহাঞিয়ে সম্পাদনা কৰিছিল বহুতো সাপ্তাহিক, পষেকীয়া, মাহেকীয়া আৰু  দৈনিক কাকত। সাহিত্য জগতৰ লগতে সাংবাদিক জগতৰো মহীৰূহ আছিল তেওঁ। গল্প,কবিতা, উপন্যাস, সাংবাদিকতা, সমসাময়িক ৰাজনীতি আৰু সমস্যাৰ  ওপৰতো তেওঁৰ আছিল অবাধ দখল। 

হোমেন বৰগোহাঞিৰ ৰচনাৰ আটাইতকৈ উল্লেখযোগ্য দিশটো হৈছে তেওঁৰ শক্তিশালী গদ্যশৈলী। তেওঁ অসমীয়া গদ্য সাহিত্য আৰু গদ্যশৈলীক এক অনন্য মাত্ৰা প্ৰদান কৰি থৈ গ’ল। সহজ, সৰল, নিভাঁজ অসমীয়া শব্দৰ ব্যবহাৰে তেওঁৰ গদ্যক অত্যন্ত শক্তিশালী আৰু সাৱলীল কৰি তোলে। খৰস্ৰোতা নদীৰ দৰে বৈ যায় তেওঁৰ ‘নেৰেটিভ্’। পাঠকক চুম্বকৰ দৰে টানি লৈ যায় বিষয়বস্তুৰ অভ্যন্তৰলৈ, বিষয়বস্তুক দৃশ্যমান কৰি তোলে দৰ্শকৰ চকুৰ আগত। তেওঁ প্ৰকাশ কৰিছিল যে অসমীয়া ভাষাত দুশাৰী মুখশুদ্ধি গদ্য লিখি যোৱাই আছিল তেওঁৰ জীৱনৰ অন্যতম লক্ষ্য। গদ্যৰ সাধনা বুলি তেওঁ এখন গ্ৰন্থও লিখি থৈ গ’ল। আমাৰ বোধেৰে হোমেন বৰগোহাঞি অসমীয়া ভাষাৰ এতিয়ালৈকে শ্ৰেষ্ট গদ্য লেখক।

হোমেন বৰগোহাঞি আছিল যুগদ্ৰষ্টা, অসমৰ বিবেক, আমাৰ দৰে বহুতৰ বাবে তেওঁ আছিল চেতনাৰ অংগ। অসমৰ সকলো জাতি-জনগোষ্ঠীৰ ওপৰত তেওঁৰ আছিল সমান দৃষ্টি। সকলো জাতি জনগোষ্ঠীকেই সমানে আগুৱাই লৈ গৈ তেওঁ এখন সুন্দৰ, সমৃদ্ধশালী অসমৰ সপোন দেখিছিল। তেওঁ আছিল জাতি জনগোষ্ঠীৰ বোৰৰ মাজত সমন্বয়ৰ এক শক্তিশালী সাকোঁ।  অসমৰ অন্যতম বঞ্চিত আৰু নিপীড়িত জনগোষ্টী মিঞা অসমীয়া সকলৰ ওপৰত কোনো বাতৰি কাকতৰ বিশেষ সংখ্যা উলিওৱা প্ৰথমজন সম্পাদক তেওঁৱেই আছিল। ১৯৬৯ চনতেই তেওঁ নীলাচলৰ সম্পাদক হৈ থকা কালতেই অসমৰ ন-অসমীয়া মুছলমান (মিঞা মুছলমান) সকলৰ আৰ্থসামাজিক অবস্থাৰ ওপৰত নীলাচলৰ বিশেষ সংখ্যা প্ৰকাশ কৰিছিল। সেই সংখ্যা নীলাচলত লিখিছল সেইখন সমাজৰ নেতৃস্থানীয় বহুতো লোকে। অসম আন্দোলনৰ সময়ত তেওঁ জীৱনৰ প্ৰতি থকা ভাবুকি মূৰ পাতি লৈয়ো নিৰ্ভীক ভাবে কলম চলাই গৈছিল। উগ্ৰ জাতীয়তাবাদী সকলৰ সকলো অন্যায় আৰু ভুলবোৰ তেওঁ আঙুলিয়াই দিছিল। আমাৰ এতিয়াও মনত পৰে সাপ্তাহিক নাগৰিক কাকতৰ সেই শক্তিশালী লেখনিবোৰ। কলিকতাৰ পৰা প্ৰকাশিত অধুনালুপ্ত আজকাল কাকতত সচাঁ, শক্তিশালী আৰু নিৰ্ভীক প্ৰতিবেদনবোৰৰ বাবে তেওঁ আনকি উগ্ৰজাতীয়তাবাদী সকলৰ ৰোষত পৰিবলগীয়াও হৈছিল। ডঃ হীৰেন গোহাঁই, হোমেন বৰগোহাঞি আৰু নিৰোপমা বৰগোহাঞিয়ে অসম আন্দোলনৰ ত্ৰূটি-বিচ্যুতিবোৰ আঙুলিয়াই দি নিৰ্ভীক লিখা-মেলা কৰাৰ কাৰণে কলিকতাৰ পৰা প্ৰকাশিত বিখ্যাত ইংৰাজী সাপ্তাহিক কাকত ‘ছানডে’ই এওঁলোকক কৈছিলঃ ‘Three wise men of Assam’. আমি ভাবো  প্ৰয়াত হোমেন বৰগোহাঞিয়ে বঞ্চিত জাতি-জনগোষ্ঠীৰ হকে আগবঢ়োৱা এনেবোৰ অবদানৰ কথা স্বীকাৰ নকৰিলে আমি ঋণী থাকিব লাগিব। তেওঁ অসম সাহিত্যসভাৰ সভাপতি হৈ থাকোতে কলগাছিয়াৰ নিচিনা ঠাইত অসম সাহিত্যসভাৰ অধিবেশন পাতি সমন্বয়ৰ আৰু সদিচ্ছাৰ এক অপূৰ্ব নিদৰ্শন দাঙি ধৰিছিল। মিঞা সমাজক লৈ লিখা ‘ইছমাইল সেখৰ  সন্ধানত’ নামৰ গল্পটোক বহুতেই অসমীয়া সাহিত্যৰ শ্ৰেষ্ঠ গল্প বুলি ক’ব খোজে।

জীৱনৰ শেষ মূহুৰ্তলৈকে কাম কৰি যাবলৈ তেওঁৰ আছিল লৌহ-সদৃশ মনোবল। অসমীয়া সাহিত্যত তেওৱেই দেখুৱাই থৈ গ’ল যে লিখামেলা হৈছে নীৰবতা, ত্যাগ, অধ্যাৱসায় আৰু সাধনাৰ ফল। হেজাৰ জনক জীয়াই থকাৰ বাবে অফুৰন্ত প্ৰেৰণা যোগাই তেওঁ নিজেই অবশেষত গ’লগৈ। তেওঁৰ বিয়োগে এটা যুগৰ অন্ত পেলালে। অসমৰ সাহিত্য, সাংবাদিকতা, আৰু বৌদ্ধিক জগতৰো অপূৰণীয় ক্ষতি হ’ল। হয়তো অসমীয়া সাহিত্য, সংস্কৃতি আৰু সমাজ জীৱনত দ্বিতীয় হোমেন বৰগোহাঞিৰ জন্ম নহব।

[ লেখকৰ ফোন নম্বৰ: 📞 9954033111 ]

2 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here