LATEST ARTICLES

জম্মু -কাশ্মীৰত ৰাজ্যৰ মৰ্যাদা বাহাল – নিৰ্বাচন অনুষ্ঠিত কৰাৰ আশ্বাস প্ৰধানমন্ত্ৰীৰ, অনুেচ্ছদ ৩৭০ক লৈ নহ’ল চৰ্চা, আৰ্থিক বিকাশক লৈহে অধিক চৰ্চা

0

জম্মু -কাশ্মীৰৰ ৪ প্ৰাক্তন মুখ্যমন্ত্ৰীসহ ১৪ নেতাৰে প্ৰধানমন্ত্ৰীৰ ৩ ঘণ্টাৰ বৈঠক সফলতাৰে সমাপ্ত জম্মু -কাশ্মীৰত ৰাজ্যৰ মৰ্যাদা উভতাই দিয়াৰ দাবী কংগ্ৰেছৰ নতুন দিল্লী, ২৪ জুন : ২০১৯ৰ ৫ আগষ্টত জম্মু-কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা সংবিধানৰ ৩৭০ অনুেচ্ছদ প্ৰত্যাহাৰ কৰাৰ প্ৰায় দুবছৰৰ পিছত উপত্যকাটোৰ ৮টা দলৰ ১৪জন ৰাজনৈতিক নেতাৰে প্ৰথমবাৰলৈ বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এক বৈঠকত মিলিত হয়। ৰাজধানী দিল্লীত...

ড্ৰাগ্‌ছ ব্যৱসায়ীৰ উপঢৌকন নাকচ কৰি ১২ কোটি ড্ৰাগ্‌ছ জব্দ কৰা হোমগাৰ্ড বৰচিং বে’কক কনিষ্টবল পদত নিযুক্তি ▪️ ৰাজ্যিক কেবিনেটত কেবাটাও গুৰুত্বপূণ সিদ্ধান্ত

0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৪ জুন : ড্ৰাগ্‌ছ ব্যৱসায়ীয়ে নগদ ধন যচাৰ পিছতো সেয়া প্ৰত্যাখ্যান কৰাৰ লগতে প্ৰায় ১২ কোটি টকা মূল্যৰ ড্ৰাগ্‌ছ জব্দ কৰি কৰ্তব্যনিষ্ঠাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰা হোমগাৰ্ড বৰছিং বে’ক আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ কনিষ্টবল পদত নিযুক্তিত কেবিনেটে অনুমোদন জনায়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত আজিৰ কেবিনেটে আন কে’বাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। এতিয়াৰ পৰা ৰাজ্যখনৰ...

সমগ্ৰ অসমৰ লগতে লামডিঙতো যোগ দিৱস পালন

0

গণ বাৰ্তা লামডিং২৪ জুন : হোজাই জিলাৰ বিভিন্ন অঞ্চলৰ লগতে লামডিঙ সেৱা ভাৰতী লামডিং প্ৰখণ্ডৰ উদ্যোগত লামডিঙ কালিবাড়ি মন্দিৰৰ প্ৰাংগনত আৰু পশ্চিম লামডিং গাওঁ পঞ্চায়ত আৰু ছহিদ মৈদানতো পালন কৰে এই যোগ দিৱস । এই যোগ দিৱসত অংশগ্ৰহণ কৰে স্থানীয় বিধায়ক শিবু মিশ্ৰৰ লগতে যোগ গুৰু সাগৰ আচাৰ্জী সহ ৰাষ্ট্ৰীয় সয়াং সেৱক সংঘৰ হোজাই জিলাৰ বৌদ্ধিক প্ৰমুখ প্ৰদীপ শিল...

কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰীৰ পৰ্যালোচনা সভা : অহা ৪৫ দিনৰ ভিতৰত জিলাখনৰ সমস্যা সামৰি ভিজন ডকুমেণ্ট প্ৰস্তুতৰ নিৰ্দেশ

0

পঙ্কজ নাথ, চাংসাৰি, ২৪ জুনঃ কামৰূপ জিলালৈ আহিলে মোৰ মনত এক ইতিবাচক চিন্তাৰ উন্মেষ ঘটে৷ এই জিলাত প্ৰতিটো কাম সম্পাদনৰ ক্ষেত্ৰত সকলোৱে অতি নিষ্ঠাৰে কাৰ্য নিৰ্বাহ কৰিবলৈ চেষ্টা কৰিছে৷’–আজি জিলাখনৰ বিভিন্ন দিশৰ পৰ্যালোচনা কৰি অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে এইদৰে কয়৷ জিলাখনৰ উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত আয়োজিত এই পৰ্যালোচনা সভাত তেওঁ আৰু কয় ‘আমি সকলো সমস্যাৰ অগ্ৰাধিকাৰ ভিত্তিত সমাধানৰ বাবে...

যোৰহাটৰ চাৰিঘৰীয়া মিচিং গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড । দুটা বাসগৃহ জুইত ভস্মীভূত

0

গণ বাৰ্তা যোৰহাট ২৪জুন : যোৰহাট উপকণ্ঠ চাৰিঘৰীয়া মিচিং গাঁৱত বুধবাৰে দিনৰ ১২.৩০ বজাত বিপুল দাস নামৰ ব্যক্তি জনৰ ঘৰত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।স্থানীয় ৰাইজৰ মতে বৈদ্যুতিক চৰ্টচাৰ্কিত ফলত এই অগ্নিকাণ্ড হোৱা বুলি জানিবলৈ দিয়ে। ঘৰৰ গৃহস্থ তথা বিপুল দাস শাৰীৰিক ভাৱে অসুস্থ হোৱাত যোৰহাট মিছন হস্পিটালত ভৰ্তি কৰোৱা হৈছিল । অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত ঘৰত কোনো ব্যক্তি নাছিল...

বিস্তীৰ্ণ অঞ্চল প্লাবিত : চিলাপথাৰত মিছামাৰী নদীৰ বাঢ়নী পানীয়ে উটুৱাই নিলে নৱনির্মিত বাওঁপাৰৰ মথাউৰিৰ কিছু অংশ

0

বিকাশ শইকীয়া , চিলাপথাৰঃ ২৪ জুনঃ যোৱা নিশা অৰুণাচল প্ৰদেশত হোৱা প্ৰৱল বৰষুণৰ ফলত মিছামাৰী নদীয়েদি নামি অহা ভয়ংকৰ পানীৰ ঢলে নিমিষতে উটুৱাই নিয়ে চিলাপথাৰৰ নিলখ পঞ্চায়তৰ প্ৰায় ১০ লাখ টকাৰে নিৰ্মান কৰা মিছামাৰী নদীৰ বাওঁপাৰৰ মথাউৰিৰ প্ৰায় ১০০ মিটাৰ অংশ । পুৱাতেই অহা প্ৰৱল বানে মিছামাৰী চাপৰিত মথাউৰি ভাঙি নিলখ গাঁও পঞ্চায়তৰ মিছামাৰী চাপৰি, মিছামাৰী মাজগাওঁ, পালেঙী, নগাঁও,...

যোৰহাটৰ ম’হবন্ধাস্থিত চ্যুকাফা সমন্বয় ক্ষেত্ৰ বৰ্তমানলৈকে নহ’ল সম্পূৰ্ণ

0

পংকজ কুমাৰ দাস,পশ্চিম যোৰহাট, ২৪ জুন : যোৰহাটৰ পশ্চিমে ৰাষ্ট্ৰীয় পথৰ কাষত ম'হবন্ধা তিনিআলিৰ সমীপত তৰুণ গগৈৰ মুখ্যমন্ত্ৰীত্বৰ শেহতীয়া কাৰ্যকালত শুভাৰম্ভ কৰা স্বৰ্গদেউ চাওলুং চ্যুকাফা সমন্বয় ক্ষেত্ৰ বৰ্তমানো পূৰ্ণাঙ্গ ৰূপত সম্পূৰ্ণ নহ'ল। আগ্ৰহেৰে দৰ্শনৰ বাবে নিতৌ অহা লোকসকল বিফল মনোৰথেৰে উভতিবলগীয়া হয়। কোটিৰ ঘৰত ধন খৰচ কৰি বৃহৎ এলেকাত চ্যুকাফা সমন্বয় ক্ষেত্ৰ নিৰ্মাণৰ পৰিকল্পনাৰে শুভাৰম্ভ কৰিছিল সেইসময়ৰ মুখ্যমন্ত্ৰী তৰুণ...

নগাঁৱত অৱসৰপ্ৰাপ্ত শিক্ষক মুহিবুল্লা কাছিমীৰ মৃত্যুত শোক

0

ষ্টাফ ৰিপ'ৰ্টাৰ, নগাঁও, ২৪ জুন : নগাঁও জিলা সংখ্যালঘু সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতিৰ প্ৰাক্তন সভাপতি, নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত আৰবী শিক্ষক, ৰাজ্যিক জমিয়তৰ নিষ্ঠাবান কৰ্মী, বিশিষ্ট সমাজসেৱক, বিদগ্ধ মৌলানা মহিবুল্লা কাছিমীৰ আজি গুৱাহাটীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। তেওঁ বিগত প্ৰায় এমাহ দিন মধূমেহ, হাওঁফাওঁ জনিত বেমাৰত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। নগাঁও চহৰৰ নাতি...