Monday , September 21 2020
শেহতীয়া খবৰ

TimeLine Layout

September, 2020

  • 20 September

    অসম আৰক্ষী উপ পৰিদৰ্শক প্ৰশ্নকাকত ফাদিল : আমগুৰিত ছাত্ৰ মুক্তিৰ প্ৰতিবাদ

    গণ বার্তা, আমগুৰি, ২০ ছেপ্টেম্বৰ :  আজি অনুষ্ঠিত হোৱা অসম আৰক্ষী উপ পৰিদৰ্শকৰ নিযুক্তি প্ৰক্ৰিয়াৰ পৰীক্ষা অনুষ্ঠিত হোৱা ঠিক আধা ঘণ্টাৰ পাছতেই প্ৰশ্নকাকত ফাদিল হোৱা কাৰ্যক সমগ্র অসমতে চাঞ্চল্য সৃষ্টি হৈছে। এনে বিফলতাৰ বিৰুদ্ধে আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়েও তীব্ৰ ভাষাৰে চৰকাৰৰ ধিক্কাৰ জনাই আমগুৰি চাৰিআলিত সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ …

    অধিক »
  • 20 September

    পেঙেৰীৰ বুঢ়ীদিহিংত মাইক্ৰফাইনেঞ্চ কোম্পানীৰ বিৰুদ্ধে বিশাল প্ৰতিবাদী সভা

    গণ বাৰ্তা, পেঙেৰী, ২০ চেপ্তেম্বৰ :  মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত বুঢ়ীদিহিং মৌজাৰ বৰহোলোং,ৰতনী, মহং,বোকাপথাৰ, বালিজান বাসী মহিলা সমিতিৰ উদ্যোগত , ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ফিলʼবাৰি আঞ্চলিক সমিতিৰ সহযোগত বৰহোলোং ৰাজহুৱা প্ৰেক্ষাগৃহত মাইক্ৰফাইনেঞ্চ প্ৰতিষ্ঠানৰ ঋণ আৰু কৃষক নেতা অখিল গগৈক মুক্তি প্ৰদানৰ দাবীত এক প্ৰতিবাদী সভা অনুষ্ঠিত হয়। মাইক্ৰফাইনেঞ্চ কোম্পানীৰ সমূহে ৰিজাৰ্ভ …

    অধিক »
  • 20 September

    জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সমিতি গঠন

    গণ বার্তা, লেখাপানী, ২০ ছেপ্টেম্বৰ :   তিনিচুকীয়া জিলাৰ লেখাপানী অন্তৰ্গত জাগুন নামফাইত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শাখা সমিতি গঠন কৰা হয় । অসমৰ অন্যান্য জাতীয় সংগঠনৰ অন্যতম জাতীয় সংগঠন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা আৰু মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে বিভিন্ন গাঁৱত শাখা সমিতি গঠনৰ অভিযান অব্যাহত ৰাখিছে । …

    অধিক »
  • 20 September

    খটখটী আৰক্ষীয়ে জব্দ কৰিলে বহু পৰিমাণৰ বিলাতী সুৰা 

    গণ বার্তা, ডিফু, ২০ ছেপ্তেম্বৰ :  অসম আৰক্ষীয়ে আজি বোকাজানৰ অসম নাগালেণ্ড সীমান্তত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰাত উক্ত অঞ্চলত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি আজি বোকাজানৰ খটখটী আৰক্ষীয়ে ডিমাপুৰ অভিমুখে নি থকা অৱস্থাত এখন জিপচি গাড়ীৰ পৰা উদ্ধাৰ কৰে বৃহৎ পৰিমানৰ বিলাতী সুৰাখিনি । উল্লেখযোগ্য যে …

    অধিক »
  • 20 September

    কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা, গছ পুলি ৰোপণ কাৰ্যসূচী যুৱ ছাত্ৰ পৰিষদৰ

    গণ বাৰ্তা, ডুমডুমা, ২০ ছেপ্টেম্বৰ :  অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মাকুম আঞ্চলিক সমিতিৰ অন্তৰ্গত হেবেদা শাখা সমিতিৰ তৰফৰ পৰা হেবেদা গাওঁৰপৰা উচ্চ আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ৩০ গৰাকী ছাত্র-ছাত্ৰীক ফুলাম গামোছা, কলম, অভিনন্দন পএৰে অভিনন্দন জ্ঞাপন কৰে। অঞ্চলটোত গছপুলি ৰোপণ কাৰ্যসূচীও গ্ৰহণ কৰা হয়। গছপুলি ৰোপন কাৰ্যসূচী …

    অধিক »
  • 20 September

    অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰঙাজান শাখা সমিতি গঠন

    গণ বাৰ্তা, ডুমডুমা, ২০ ছেপ্টেম্বৰ :   তিনিচুকীয়া জিলাৰ ডুমডুমাৰ সমীপৱৰ্তী ৰঙাজানত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নতুনকৈ বৃহত্তৰ ৰঙাজান শাখা সমিতি গঠন কৰাৰ উদ্দেশ্যে আজি এখন ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায়। ৰঙাজান উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা সভাখন সঞ্চালনা কৰে শিল্পী-সমাজসেৱক হেমন্ত ৰাজ মৰানে আৰু উদেশ্য ব্যাখ্যা কৰে অসম জাতীয়তাবাদী …

    অধিক »
  • 20 September

    সৰুপথাৰৰ ৰেলআলিত অচিনাক্ত মৃতদেহ উদ্ধাৰ 

    গণ বাৰ্তা, সৰুপথাৰ, ২০ ছেপ্টেম্বৰ : গোলাঘাট জিলাৰ সৰুপথাৰ ৰেল আলিত এটি অচিনাক্ত মৃতদেহ উদ্ধাৰ হয় ৷ সৰুপথাৰ ৰেলষ্টেচনৰ পৰা প্ৰায় ৩ কিলোমিটাৰ নিলগত উদ্ধাৰ হোৱা মৃতদেহটোৰ মূৰ আৰু মুখমণ্ডলত আঘাটৰ চিন দেখা পোৱা গৈছে ৷ ঘটনাস্থলীত আৰক্ষী আৰু ৰেলৱে বিভাগৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷ আনহাতে প্ৰত্যক্ষদৰ্শীৰ …

    অধিক »
  • 20 September

    যোৰহাট আৰক্ষীৰ অভিযানত উদ্ধাৰ পিষ্টল সহ সজীৱ গুলী, গ্ৰেপ্তাৰ এজন

    গণবাৰ্তা বিশেষ, যোৰহাট,  ২০ চেপ্তেম্বৰ :   শনিবাৰে নিশা যোৰহাট আৰক্ষীৰ অভিযানত উদ্ধাৰ হয় দুটাকৈ পিষ্টলৰ লগতে কেইবাজাই সজীৱ গুলী ।  জিলা খনৰ লিচুবাৰী আৰক্ষী চকীৰ অধীনৰ ন-আলি পুবেৰুন পথৰ ৰূপক দত্তৰ ঘৰৰ পৰা উদ্ধাৰ হয় অবৈধ মাৰনাস্ত্ৰ সমূহ । আৰক্ষীৰ চোৰাংচোৱা সুত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত কালি নিশা ৰূপক …

    অধিক »
  • 20 September

    লেখাপানী উদয়পুৰত কিক-  বক্সিঙ ক্লাৱ উদ্বোধন

    লেখাপানী, ২০  ছেপ্টেম্বৰ :  ক্ৰীড়া হৈছে মানৱ জাতিৰ অবিচ্ছেদ্য অংগ , আনুষ্ঠানিক শিক্ষাৰ সমান্তৰালকৈ ক্ৰীড়া জগতত আগ্ৰহী হৈ পৰিছে নৱ প্ৰজন্মৰ । তেনে উদ্দেশ্য হাতত ৰাখি তিনিচুকীয়া জিলাৰ অন্তৰ্গত লেখাপানী উদয়পুৰ ৰঙ্গমঞ্চত কিক বক্সিঙ ক্লাৱৰ প্ৰশিক্ষণ কেন্দ্ৰ আজি  উদ্বোধন কৰা হয় । উদ্বোধনী সভাত উপস্থিত থাকে বিশিষ্ঠ অতিথি হিচাপে অঞ্চলটোৰ …

    অধিক »
  • 20 September

    অসম – নাগালেণ্ডৰ সীমান্তৰ নামতোলাত ড্ৰাগছ জব্ধ : এজনক গ্ৰেপ্তাৰ

    গণ বার্তা, চৰাইদেউ, ২০ ছেপ্টেম্বৰ :  সোণাৰিৰ অসম নাগালেণ্ড সীমান্তৰ নামতোলাত অসম আৰক্ষীৰ অভিযান।অভিযানত বুজন পৰিমাণৰ ড্ৰাগছ সহ এজন ব্যৱসায়ী আটক কৰে আৰক্ষীয়ে । গোপন সূত্ৰৰ ভিত্তিত নামতোলা আৰক্ষীয়ে মুশলেক আলি নামৰ ব্যৱসায়ী জনৰ ব্যৱসায় প্ৰতিষ্ঠানত তালাচী চলোৱাত বুজন পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ হয়।আৰক্ষীয়ে ব্যৱসায়ী মুশলেক আলিক আটক কৰিছে।

    অধিক »