Home স্থানীয় আন্তজিলা যাতায়তৰ নামত মৰিগাঁৱৰ বাৰপূজীয়া নিৰিক্ষণ চকীত একাংশ ভিডিপি সদস্যৰ গুণ্ডাগিৰি

আন্তজিলা যাতায়তৰ নামত মৰিগাঁৱৰ বাৰপূজীয়া নিৰিক্ষণ চকীত একাংশ ভিডিপি সদস্যৰ গুণ্ডাগিৰি

81
0

যাত্ৰীৰ পৰা ধন সংগ্ৰহৰো অভিযোগ একাংশৰ বিৰুদ্ধে

বাবু মনি শৰ্মা, মৰিগাঁও, ১০ জুলাই : ৰাজ্যত কভিড ১৯ৰ ভয়াবহ সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰে ভিন্ন সময়ত ভিন্ন এচ অ পি ঘোষণা কৰাৰ লগতে যোৱা ২১মে’ৰ পৰা আন্তঃজিলা যাতায়ত ব্যৱস্থাত নিষেধাজ্ঞা জাৰি কৰাৰ পৰিপ্ৰেক্ষিতত মৰিগাঁও – নগাঁও জিলাৰ সীমান্ত অঞ্চল বাৰপূজীয়াত স্থানীয় গাঁও ৰক্ষী বাহিনীয়ে আৰক্ষী প্ৰশাসনৰ সহযোগত বেৰিকেড স্থাপন কৰি ২১মেৰ পুৱাৰে পৰা ২৪ ঘণ্টাই পৰীক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷কিন্তু শেহতীয়াকৈ বাৰপূজীয়াস্থিত নিৰিক্ষণ চকীত একাংশ কৰ্তব্যৰত ভি ডি পি সদস্যৰ বিৰুদ্ধে গুণ্ডাগিৰি কৰা আৰু ধন সংগ্ৰহৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে ৷ অভিযোগ অনুসৰি ২১ মে পৰা আজিলৈকে বাৰপূজীয়াৰ নিৰিক্ষণ চকীত আন্ত:জিলা যাতায়তৰ ক্ষেত্ৰত স্থানীয় একাংশ ভি ডি পিৰ সদস্যই জিলা আৰক্ষী প্ৰশাসনৰ সহযোগত নিষ্ঠাৰে কাৰ্য সম্পাদন কৰি আহিছে যদিও আন একাংশ সদস্যই বুকুত ভিডিপি ৰ লেবেল মাৰি আৰক্ষীৰ সন্মুখতে পথচাৰীক বিভিন্ন ধৰণে দুব্যবহাৰ কৰাৰ লগতে মাৰপিট কৰি অহাৰো গুৰুত্বৰ অভিযোগ উঠিছে ৷ আনহাতে, নিশা হলেই একাংশ ভিডিপি সদস্যই মদ্যপান কৰি পথচাৰী আৰু বিভিন্ন সামগ্ৰী কঢ়িওৱা গাড়ীৰ পৰা ধন সংগ্ৰহৰো অভিযোগ উত্থাপন হৈ আহিছে ৷ ইফালে, আন্তজিলা যাতায়তৰ নামত বাৰপূজীয়াৰ নিৰিক্ষণ চকীত একাংশই নিষ্ঠাৰে কৰ্ম সম্পাদন কৰাৰ বিপৰীতে একাংশই প্ৰতি দিনে কৰি অহা এনে কাৰ্যক তীব্ৰ সমালোচনা কৰিছে সচেতন মহলে ৷ লগতে এই পৰীক্ষণ কেন্দ্ৰত চলি অহা গুণ্ডাগিৰিৰ বিৰুদ্ধে জিলা প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে বিভিন্ন মহলে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here