Home Uncategorized হাউলী আৰক্ষীৰ বৃহৎ সাফল্য : কালজাৰৰ পৰা অপহৃত হোৱা মনোহৰ বৈশ্যক ৰঙিয়াত...

হাউলী আৰক্ষীৰ বৃহৎ সাফল্য : কালজাৰৰ পৰা অপহৃত হোৱা মনোহৰ বৈশ্যক ৰঙিয়াত উদ্ধাৰ

118
0

গণ বাৰ্তা,হাউলী,১৭এপ্ৰিল: হাউলী আৰক্ষী থানাৰ অন্তৰ্গত যোৱা ১৬এপ্ৰিল শনিবাৰে আবেলি কালজাৰৰ ৩১নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত প্ৰেট্ৰোল পাম্পৰ ওচৰৰ বৈশ্য লাইন হোটেলৰ স্বত্বাধিকাৰী মনোৰ বৈশ্যক এন্টিকৰাপচনৰ লোক বুলি পৰিচয় দি এটা দলে অপহৰণ কৰি লৈ যায়। ইয়াৰ কিছু সময় পিছতেই অপহৰণকাৰী সকলে ফোন যোগে মুক্তিপন হিচাপে ডেৰ লাখ টকা বৈশ্যৰ পৰিয়ালক দাবী কৰে। দাবী কৰা টকা খিনিলৈ বৈশ্যৰ পৰিয়ালৰ লোক আৰু হাউলী আৰক্ষীৰ এচ,আই আনোৱাৰ হুছেইনৰ নেতৃত্বত আৰক্ষীৰ দল এটাই অতি কৌশলেৰে ৰঙিয়াৰ মৰানজান নামৰ ঠাইত উপস্থিতহৈ টকা খিনি দিবলৈ গৈ সন্ধিয়া অপহৃত হোৱা মনোহৰ বৈশ্যক উদ্ধাৰ কৰাৰ লগতে অপহৰণ কাণ্ডৰ লগত জড়িত পাঁচ জনক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। অপহৰণকাৰী সকলে ব্যৱহাৰ কৰা চাৰিচকীয়া গাড়ী সহ ইনজামুল ইছলাম,মনজিত ৰয়,নয়ন তালুকদাৰ এই তিনিজনৰ ঘৰ পাঠশালা,কনকন ডেকা আৰু ৰাজেশ ডেকাৰ ঘৰ নলবাৰী সহ মুঠ পাঁচ জনক আটক কৰে। সম্প্ৰতি আটকাধীন লোককেইজন  জোৰদাৰ সোধ পোচা অব্যাহত ৰাখিছে হাউলী আৰক্ষীয়ে।হাউলী আৰক্ষীৰ এনে সফলতাক স্থানীয় ৰাইজে সন্তোষ প্ৰকাশ কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here