Home অসম শিশুক বিহ আৰু অমৃতৰ পাৰ্থক্য অভিভাবকে বুজাব লাগিব: হৃষীকেষ গোস্বামী, লোকশিল্পী ডিম্বেশ্বৰ...

শিশুক বিহ আৰু অমৃতৰ পাৰ্থক্য অভিভাবকে বুজাব লাগিব: হৃষীকেষ গোস্বামী, লোকশিল্পী ডিম্বেশ্বৰ দাসক মৰণোত্তৰভাৱে সংগীতৰত্ন খগেন্দ্ৰ নাথ পাঠক বঁটা প্ৰদান

63
0


গণ বাৰ্তা বিশেষ, বৰপেটা, ২৬ অক্টোবৰ :লোকশিল্পী ডিম্বেশ্বৰ দাসক আজি মৰোণত্তৰভাবে সংগীতৰত্ন খগেন্দ্ৰ নাথ পাঠক বঁটা প্ৰদান কৰা হয় ৷ বৰপেটা সাহিত্য সভাৰ অম্বিকাগিৰী – বাণীকান্ত প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয় ৷ বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্‌হিত থাকে শিশু সাহিত্য ন্যাসৰ সচিব হৃষীকেষ গোস্বামীয়ে৷ মুখ্য অতিথিৰ ভাষণত শিশু
সাহিত্য ন্যাসৰ সচিব হৃষীকেষ গোস্বামীয়ে কয়- ‘‘বৰপেটা কিছু সুকীয়া কৃষ্টি-সংস্কৃতিৰ বৰঘৰ৷ মহাপুৰুষ সকলৰ ঐতিহ্য বৰপেটাত আজিও বিভিন্ন সত্ৰত বিৰাজমান হৈ আছে৷ মাটিৰ গোন্ধ থকা লোকগীত – ঢুলীয়া- ওজাপালি আদি সংস্কৃতিৰ লগত বৰ্তমান নৱ প্ৰজন্মৰ চিনাকি প্ৰায় নোহোৱা হৈ পৰিছে৷ এতিয়া নৱ প্ৰজন্মক এই সংস্কৃতিৰ প্ৰতি আকৃষ্ট কৰাবলৈ প্ৰতিজন অভিভাবকে আগবাঢ়ি আহিব লাগিব৷ লোকগীত বিলাকৰ মাজেদি আমাৰ সমাজৰ প্ৰকৃত ছবিখন তুলি ধৰিব পাৰি৷ শিশুই বিহ আৰু অমৃতৰ পাৰ্থক্য বুজি নাপায়৷’’ শিশুৰ মাক দেউতাকে তাৰ পাৰ্থক্য বুজাই দিব পাৰিব লাগিব বুলি গোস্বামীয়ে কয়৷ তেওঁ লগতে কয় যে বৰপেটাই বহু স্বকীয়তা আজি বৰ্তাই ৰাখিব পাৰিছে৷ সংস্কৃতিৰ বৰঘৰ বৰপেটা কেবাগৰাকীও ক্ষণজন্মা পুৰষৰ জন্মস্‌হান বুলি উল্লেখ কৰি খগেন্দ্ৰ নাথ পাঠকৰ স্মৃতি ৰক্ষাৰ বাবে বঁটা প্ৰদানৰ যি আঁচনি গ্ৰহণ কৰি নৱ প্ৰজন্মক লোকগীতৰ প্ৰতি আকৃষ্ট কৰাৰ প্ৰয়াস কৰিছে সেয়া প্ৰশংসনীয় বুলিও তেওঁ কয় ৷ সভাত বিশিষ্ট সাহিত্যিক কলাগুৰু আৰু শিক্ষাৰত্ন বঁটা প্ৰাপক অক্ষয় কুমাৰ মিশ্ৰই ভাষণ প্ৰসংগত সংগীতৰত্ন খগেদ্ৰ নাথ পাঠকৰ জীৱনাদৰ্শনৰ ওপৰত আলোকপাত কৰে৷ তেওঁ কয় যে, আমাৰ সমাজ খন এতিয়াও নৰকলৈ গতি কৰা নাই, আজিৰ মহৎ অনুষ্ঠানটিয়ে আমাৰ মাজত আশাৰ প্ৰদীপ জ্বলাই ৰখা বুলি তেওঁ উল্লেখ কৰে৷ বঁটা প্ৰদান সভাত এই বৰ্ষৰ বাবে মৰণোত্তৰ ভাবে লোকগীতৰ শিল্পী প্ৰয়াত ডিম্বেশ্বৰ দাসলৈ প্ৰদান কৰা বঁটা গ্ৰহণ কৰে তেখেতৰ পত্নী অনাঁতাৰ শিল্পী বীনা দাসে৷ বঁটাৰ লগত গামোছা, অংগবস্ত্ৰ, স্মাৰক, মানপত্ৰ আৰু নগদ পাঁচ হেজাৰ ধন উদ্যোক্তাই প্ৰদান কৰে৷ সংগীতৰত্ন খগেন্দ্ৰ নাথ পাঠক স্মৃতি বঁটা পৰিচালনা সমিতিৰ উদ্যোগত অনুষ্ঠিত আজিৰ বঁটা প্ৰদান অনুষ্ঠানত প্ৰয়াত শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত স্মৃতি তৰ্পন কৰে বৰপেটা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি উদ্ধব চন্দ্ৰ দাসে৷ সমিতিৰ সভাপতি দীনেশ চন্দ্ৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত নিৰ্দিষ্ট বক্তা হিচাপে বি এইছ বি মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বিৰিঞ্চি কুমাৰ দাসে ৷ সভাত আমন্ত্ৰিত অতিথি হিচাপে অংশ গ্ৰহশ কৰে সদৌ অসম দেৱ দামোদৰ সংঘৰ সভাপতি হৰেন্দ্ৰ নাথ ডেকা আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই ৷ নাট্যকাৰ চম্পক কুমাৰ নাথে আঁত ধৰা সভাৰ পূৰ্বে সমবেত সংগীত পৰিবেশন কৰা হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here