Home স্থানীয় মূল্যবৃদ্ধিৰ প্ৰতিবাদত তিনিচুকীয়াত ছাত্ৰ সন্থাই পালন কৰিলে মানৱ শৃংখলৰ কাৰ্যসূচী

মূল্যবৃদ্ধিৰ প্ৰতিবাদত তিনিচুকীয়াত ছাত্ৰ সন্থাই পালন কৰিলে মানৱ শৃংখলৰ কাৰ্যসূচী

191
0

সন্তোষ ফুকন, তিনিচুকীয়া,২৩ জুলাই :

নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলঙ্ঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই তিনিচুকীয়া জি এন বি পথত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে । কাৰ্যসূচীত অংশগ্ৰহণ কৰি জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমৰ জ্যোতি গোঁহাইয়ে অভিযোগ কৰে যে কভিড মহামাৰীৰ দুয়োটা ঢৌৰ ফলত সাধাৰণ ৰাইজ কৰ্মহীন হৈ পৰিছে৷ তেনে এক পৰিস্থিতিত ইন্ধনজাত সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ অভাৱনীয় মূল্য বৃদ্ধিয়ে সাধাৰণ জনতাক কোঙা কৰি তুলিছে৷ বিভিন্ন সময়ত কথাৰ ফুলজাৰি মৰা এই চৰকাৰখনে কিন্তু মূল্য বৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত চৰম ব্যৰ্থ হৈছে৷ ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনৰ চৰম ব্যৰ্থতাৰ বিৰুদ্ধে আজি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব লগীয়া হৈছে । তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত এই প্ৰতিবাদী মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে৷জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত ১১ খন আঞ্চলিক ছাত্ৰ সন্থাইও এই কাৰ্যসূচীত সহযোগিতা আগবঢ়ায় বুলি ছাত্ৰ সন্থাই জানিবলৈ দিয়ে । উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি বিনয় ডুবে,সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ৰাণা সোনাৰে। সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সভাপতি ৰাজা বালিমৰা আৰু সাধাৰণ সম্পাদক সমৰ জ্যোতি গোঁহাইৰ নেতৃত্বত ৰূপায়িত হোৱা কাৰ্যসূচীত সন্থাৰ নেতৃবৰ্গই সাধাৰণ খাটি খোৱা ৰাইজৰ স্বাৰ্থৰ বাবে ইন্ধনজাত সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য শীঘ্ৰেই নিয়ন্ত্ৰণ কৰাৰ দাবী জনোৱাৰ  লগতে যোগান বিভাগৰ নিৰ্লিপ্ত ভূমিকাক সমালোচনা কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here